--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স মাত্ৰ ত্ৰিশ বছৰ। এই বয়সতে ৪৭ টা সন্তানৰ পিতৃ তেওঁ। বিগত ৮ বছৰত এইজন যুৱকে শিশুৰ সংখ্যাৰে এতিয়া অৰ্ধ শতক অৰ্জন কৰাৰ দিশে। আনকি আন ১০ টি শিশুৱে পৃথিৱীৰ পোহৰ দেখাৰ অপেক্ষাত বুলি খবৰ ওলাইছে। এনে পৰিপ্ৰক্ষিতত যুৱকজনৰ আক্ষেপ, ছোৱালীবোৰে তেওঁক গুৰুত্ব নিদিয়ে, তেওঁক লগ কৰিব নিবিচাৰে। ফলস্বৰূপে, কোনো প্ৰেমৰ সম্পৰ্কই গঢ় লৈ উঠা নাই তেওঁৰ সৈতে। যুৱকজনৰ বিষয়ে শুনি আচৰিত হোৱাটো স্বাভাৱিক। সকলোৰে মনত এতিয়া এটাই প্ৰশ্ন-যুৱকজন কোন?

যুৱকজনৰ নাম কাইলি কৰ্ডি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ বাসিন্দা কাইলি কৰ্ডি। কাইলি কৰ্ডি প্ৰকৃততে এজন শুক্ৰাণু দাতা। বিগত ৮বছৰ ধৰি এই কৰ্মত নিয়োজিত কাইলি। এনেদৰেই তেওঁ ৪৭ টা সন্তানৰ বায়’লজিকেল পিতৃ। সম্প্ৰতি, কাইলিৰ জীৱনৰ বিপদ হৈ দেখা দিছে এনে কাৰ্যই। এগৰাকী বায়’লজিকেল পিতৃ হোৱা বাবে কোনো মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠা নাই কাইলিৰ। বহুলোকে তেওঁৰ সৈতে যোগাযোগ কৰে, কিন্তু শুক্ৰাণুৰ বাবেহে।

মন কৰিবলগীয়া যে, কাইলিয়ে ৮ বছৰ আগতে তেওঁৰ ইনষ্টাগ্ৰামত শুক্ৰাণু দানৰ কথা ঘোষণা কৰিছিল। এনেদৰে, তেওঁ ৮ বছৰত ৪৭ টা সন্তানৰ 'পিতৃ' হয় কাইলি।  কিন্তু এই সেৱাৰ ফলস্বৰূপে এনে বিপাকত পৰিব লাগিব বুলি ভবা নাছিল তেওঁ।

কাইলিয়ে কয়, ‘বিগত ৮ বছৰত কমেও এহাজাৰ মহিলাই মোৰ সৈতে যোগাযোগ কৰিছে। কিন্তু তেওঁলোকৰ কোনেও মোৰ সৈতে সম্পৰ্ক গঢ়ি  বলৈ আগ্ৰহী নহয়। সকলোৱে এটা শিশুৰ বাবে মোৰ পৰা শুক্ৰাণু বিচাৰে।’ অৱশ্যে, এতিয়া কাইলিয়ে নিজৰ বাবে এটা পৰিয়াল ৰাখিবলৈ আগ্ৰহী। তেওঁ নিজৰ প্ৰিয়জনৰ সন্ধান অব্যাহত ৰাখিছে। কাইলিয়ে কয়, ‘মই মনৰ মানুহখিনিক আৰম্ভণিতে শুক্ৰাণু দান কৰিবলৈ কম। যাতে সম্পৰ্কত স্বচ্ছতা থাকে।’

যদিও তেওঁৰ এই মহান কামে ব্যক্তিগত জীৱনত বিৰূপ প্ৰভাৱ পেলাইছে তথাপি শুক্ৰাণু দান কৰি গৌৰৱান্বিত কাইলি। অলপতে, তেওঁ  ‘শুক্ৰাণু দান বিশ্ব ভ্ৰমণ’ৰ বাবে ওলাইছিল। সমগ্ৰ পৃথিৱীজুৰি থকা তেওঁৰ সন্তানসকলক সাক্ষাত্‍ কৰে কাইলিয়ে। কাইলিয়ে কয়, ‘মোৰ বাবে বহু মহিলাই সন্তান সুখ লাভ কৰিবলৈ সক্ষম হৈছে। কথাষাৰ ভাবি ভাল লাগে। এই কামটোৱে মোক দিছে অন্যতম শ্ৰেষ্ঠ অনুভূতি। মই নিয়মীয়াকৈ শিশুৰ ফটো পাওঁ। তেওঁলোকে ভালে থকা বুলি জানিবলৈ পালে মোৰ ভাল লাগে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?