--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স মাত্ৰ ত্ৰিশ বছৰ। এই বয়সতে ৪৭ টা সন্তানৰ পিতৃ তেওঁ। বিগত ৮ বছৰত এইজন যুৱকে শিশুৰ সংখ্যাৰে এতিয়া অৰ্ধ শতক অৰ্জন কৰাৰ দিশে। আনকি আন ১০ টি শিশুৱে পৃথিৱীৰ পোহৰ দেখাৰ অপেক্ষাত বুলি খবৰ ওলাইছে। এনে পৰিপ্ৰক্ষিতত যুৱকজনৰ আক্ষেপ, ছোৱালীবোৰে তেওঁক গুৰুত্ব নিদিয়ে, তেওঁক লগ কৰিব নিবিচাৰে। ফলস্বৰূপে, কোনো প্ৰেমৰ সম্পৰ্কই গঢ় লৈ উঠা নাই তেওঁৰ সৈতে। যুৱকজনৰ বিষয়ে শুনি আচৰিত হোৱাটো স্বাভাৱিক। সকলোৰে মনত এতিয়া এটাই প্ৰশ্ন-যুৱকজন কোন?

যুৱকজনৰ নাম কাইলি কৰ্ডি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ বাসিন্দা কাইলি কৰ্ডি। কাইলি কৰ্ডি প্ৰকৃততে এজন শুক্ৰাণু দাতা। বিগত ৮বছৰ ধৰি এই কৰ্মত নিয়োজিত কাইলি। এনেদৰেই তেওঁ ৪৭ টা সন্তানৰ বায়’লজিকেল পিতৃ। সম্প্ৰতি, কাইলিৰ জীৱনৰ বিপদ হৈ দেখা দিছে এনে কাৰ্যই। এগৰাকী বায়’লজিকেল পিতৃ হোৱা বাবে কোনো মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠা নাই কাইলিৰ। বহুলোকে তেওঁৰ সৈতে যোগাযোগ কৰে, কিন্তু শুক্ৰাণুৰ বাবেহে।

মন কৰিবলগীয়া যে, কাইলিয়ে ৮ বছৰ আগতে তেওঁৰ ইনষ্টাগ্ৰামত শুক্ৰাণু দানৰ কথা ঘোষণা কৰিছিল। এনেদৰে, তেওঁ ৮ বছৰত ৪৭ টা সন্তানৰ 'পিতৃ' হয় কাইলি।  কিন্তু এই সেৱাৰ ফলস্বৰূপে এনে বিপাকত পৰিব লাগিব বুলি ভবা নাছিল তেওঁ।

কাইলিয়ে কয়, ‘বিগত ৮ বছৰত কমেও এহাজাৰ মহিলাই মোৰ সৈতে যোগাযোগ কৰিছে। কিন্তু তেওঁলোকৰ কোনেও মোৰ সৈতে সম্পৰ্ক গঢ়ি  বলৈ আগ্ৰহী নহয়। সকলোৱে এটা শিশুৰ বাবে মোৰ পৰা শুক্ৰাণু বিচাৰে।’ অৱশ্যে, এতিয়া কাইলিয়ে নিজৰ বাবে এটা পৰিয়াল ৰাখিবলৈ আগ্ৰহী। তেওঁ নিজৰ প্ৰিয়জনৰ সন্ধান অব্যাহত ৰাখিছে। কাইলিয়ে কয়, ‘মই মনৰ মানুহখিনিক আৰম্ভণিতে শুক্ৰাণু দান কৰিবলৈ কম। যাতে সম্পৰ্কত স্বচ্ছতা থাকে।’

যদিও তেওঁৰ এই মহান কামে ব্যক্তিগত জীৱনত বিৰূপ প্ৰভাৱ পেলাইছে তথাপি শুক্ৰাণু দান কৰি গৌৰৱান্বিত কাইলি। অলপতে, তেওঁ  ‘শুক্ৰাণু দান বিশ্ব ভ্ৰমণ’ৰ বাবে ওলাইছিল। সমগ্ৰ পৃথিৱীজুৰি থকা তেওঁৰ সন্তানসকলক সাক্ষাত্‍ কৰে কাইলিয়ে। কাইলিয়ে কয়, ‘মোৰ বাবে বহু মহিলাই সন্তান সুখ লাভ কৰিবলৈ সক্ষম হৈছে। কথাষাৰ ভাবি ভাল লাগে। এই কামটোৱে মোক দিছে অন্যতম শ্ৰেষ্ঠ অনুভূতি। মই নিয়মীয়াকৈ শিশুৰ ফটো পাওঁ। তেওঁলোকে ভালে থকা বুলি জানিবলৈ পালে মোৰ ভাল লাগে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট