--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে ভিন্ন পথেৰে উপাৰ্জন কৰে। কিছুমানৰ উপাৰ্জন বেছি আৰু কিছুমানৰ কম। কিন্তু যদি আমি কওঁ যে এজন যুৱকে নিজে পিন্ধা লেতেৰা-গোন্ধোৱা মোজা বিক্ৰী কৰিও লাখ লাখ টকা উপাৰ্জন কৰি আছে, আপুনি বাৰু বিশ্বাস কৰিবনে? হয়তো আপুনি বিশ্বাস নকৰিব। কিন্তু এয়া সম্পূৰ্ণ সঁচা কথা। 


এজন যুৱকে প্ৰতি মাহে তেওঁ ব্যৱহাৰ কৰা মোজা বিক্ৰী কৰি ডেৰ লাখতকৈও অধিক টকা উপাৰ্জন কৰে। যুৱকজনৰ নাম বিলি জো গ্ৰে। আমোদজনক ভাৱে তেওঁ বহু ক্ৰেতাও পাইছে। লণ্ডনৰ ২৫ বছৰীয়া বিলি জো গ্ৰেই মোজাযোৰ কেইবাদিনো পিন্ধাৰ পাছত ইয়াক জিপ লক বেগত পেক কৰে আৰু গ্ৰাহকসকললৈ প্ৰেৰণ কৰে। মিৰ'ৰৰ প্ৰতিবেদন অনুসৰি, বহুসময়ত তেওঁ কিছুমান বিশেষ অনুৰোধো পায়, যাৰ বাবে তেওঁ অতিৰিক্ত মাচুল লয়। বিলিয়ে প্ৰায় এবছৰ আগতে OnlyFans Pageত এই কামটো আৰম্ভ কৰিছিল। ইয়াত মানুহে কাপোৰ, মোজা, জিম টপ, বক্সাৰ আদিৰ দৰে বস্তুৰ দাবী কৰে। তেওঁলোকৰ বেছিভাগ গ্ৰাহক হৈছে সমকামী সম্প্ৰদায়ৰ লোক। 

বিলিৰ মতে তেওঁৰ প্ৰতিযোৰ মোজা সহজে ২-৩ হাজাৰত বিক্ৰী কৰা হয়। আচৰিত কথাটো হ'ল মোজাবোৰ যিমানে গোন্ধযুক্ত আৰু ঘৰ্মাক্ত হয়, সিমানে ইয়াৰ দাম বেছি হয়। তেওঁৰ মতে, বেছিভাগ লোকে বগা নাইকিৰ মোজা পছন্দ কৰে। বিলি জো গ্ৰেৰ মোজাৰ বাহিৰেও তেওঁ পিন্ধা অন্তৰ্বাসো বিক্ৰী হয় অনলাইনত। 


এই সন্দৰ্ভত বিলি-জো গ্ৰেয়ে কৈছিল, "মোৰ বহুতো আমেৰিকান গ্ৰাহক আছে যিয়ে মোৰ ব্যৱহৃত আণ্ডাৰৱেৰ আৰু মোৰ ব্যৱহৃত মোজা ক্ৰয় কৰে আৰু সেইবোৰ তেওঁলোকৰ উপভোগৰ বাবে ৰাখে। মই নিয়মীয়া ক্ৰেতা বিচাৰি পাওঁ যিয়ে সকলো সময়তে ব্যৱহৃত মোজা ক্ৰয় কৰে। মই তেওঁলোকৰ বাবে দিনত জিমলৈ যাওঁ যাতে মোৰ ঘামৰ গোন্ধ মোজা আৰু অন্তৰ্বাসত সঠিকভাৱে সোমাই যায়। আৰু সেইবোৰ তিনি-চাৰিদিন ধৰি পিন্ধো। তাৰ পিছত মই সেইবোৰ বিক্ৰী কৰো।''



FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে