--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে ভিন্ন পথেৰে উপাৰ্জন কৰে। কিছুমানৰ উপাৰ্জন বেছি আৰু কিছুমানৰ কম। কিন্তু যদি আমি কওঁ যে এজন যুৱকে নিজে পিন্ধা লেতেৰা-গোন্ধোৱা মোজা বিক্ৰী কৰিও লাখ লাখ টকা উপাৰ্জন কৰি আছে, আপুনি বাৰু বিশ্বাস কৰিবনে? হয়তো আপুনি বিশ্বাস নকৰিব। কিন্তু এয়া সম্পূৰ্ণ সঁচা কথা। 


এজন যুৱকে প্ৰতি মাহে তেওঁ ব্যৱহাৰ কৰা মোজা বিক্ৰী কৰি ডেৰ লাখতকৈও অধিক টকা উপাৰ্জন কৰে। যুৱকজনৰ নাম বিলি জো গ্ৰে। আমোদজনক ভাৱে তেওঁ বহু ক্ৰেতাও পাইছে। লণ্ডনৰ ২৫ বছৰীয়া বিলি জো গ্ৰেই মোজাযোৰ কেইবাদিনো পিন্ধাৰ পাছত ইয়াক জিপ লক বেগত পেক কৰে আৰু গ্ৰাহকসকললৈ প্ৰেৰণ কৰে। মিৰ'ৰৰ প্ৰতিবেদন অনুসৰি, বহুসময়ত তেওঁ কিছুমান বিশেষ অনুৰোধো পায়, যাৰ বাবে তেওঁ অতিৰিক্ত মাচুল লয়। বিলিয়ে প্ৰায় এবছৰ আগতে OnlyFans Pageত এই কামটো আৰম্ভ কৰিছিল। ইয়াত মানুহে কাপোৰ, মোজা, জিম টপ, বক্সাৰ আদিৰ দৰে বস্তুৰ দাবী কৰে। তেওঁলোকৰ বেছিভাগ গ্ৰাহক হৈছে সমকামী সম্প্ৰদায়ৰ লোক। 

বিলিৰ মতে তেওঁৰ প্ৰতিযোৰ মোজা সহজে ২-৩ হাজাৰত বিক্ৰী কৰা হয়। আচৰিত কথাটো হ'ল মোজাবোৰ যিমানে গোন্ধযুক্ত আৰু ঘৰ্মাক্ত হয়, সিমানে ইয়াৰ দাম বেছি হয়। তেওঁৰ মতে, বেছিভাগ লোকে বগা নাইকিৰ মোজা পছন্দ কৰে। বিলি জো গ্ৰেৰ মোজাৰ বাহিৰেও তেওঁ পিন্ধা অন্তৰ্বাসো বিক্ৰী হয় অনলাইনত। 


এই সন্দৰ্ভত বিলি-জো গ্ৰেয়ে কৈছিল, "মোৰ বহুতো আমেৰিকান গ্ৰাহক আছে যিয়ে মোৰ ব্যৱহৃত আণ্ডাৰৱেৰ আৰু মোৰ ব্যৱহৃত মোজা ক্ৰয় কৰে আৰু সেইবোৰ তেওঁলোকৰ উপভোগৰ বাবে ৰাখে। মই নিয়মীয়া ক্ৰেতা বিচাৰি পাওঁ যিয়ে সকলো সময়তে ব্যৱহৃত মোজা ক্ৰয় কৰে। মই তেওঁলোকৰ বাবে দিনত জিমলৈ যাওঁ যাতে মোৰ ঘামৰ গোন্ধ মোজা আৰু অন্তৰ্বাসত সঠিকভাৱে সোমাই যায়। আৰু সেইবোৰ তিনি-চাৰিদিন ধৰি পিন্ধো। তাৰ পিছত মই সেইবোৰ বিক্ৰী কৰো।''



FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?