--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজ্ঞান- প্ৰযুক্তিৰ বলত আজিৰ সমাজ যথেষ্ট আগুৱাইছে যদিও বহুক্ষেত্ৰত এতিয়াও সংস্কাৰৰ প্ৰয়োজন আছে৷ বিশেষকৈ আজিও ভাৰতত জাতিভেদ প্ৰথা দকৈ শিপাই আছে৷ এই জাতি প্ৰথাই বহু সময়ত সাম্প্ৰদায়িক সংঘৰ্ষৰো জন্ম দিছে৷আনকি ভাৰতীয় সমাজলৈয়ো বৈষম্যতা আনিছে৷এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে জে এন ইউৰ উপাচাৰ্য শান্তিশ্ৰী ধুলিপুড়িয়ে৷ হিন্দু দেৱতাসকল নৃতাত্ত্বিকভাৱে উচ্চ বৰ্ণৰ পৰা নাহে বুলি মন্তব্য কৰে জেএনইউৰ উপাচাৰ্য শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিতে৷ কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত বি আৰ আম্বেদকাৰ বক্তৃতা শৃংখলাত মূল ভাষণ প্ৰদান কৰাৰ সময়ত জেএনইউৰ উপাচাৰ্য গৰাকীয়ে এই মন্তব্য কৰে৷ 

“ড০ বি.আৰ. আম্বেদকাৰৰ লিংগ ন্যায়ৰ ওপৰত চিন্তা: ইউনিফৰ্ম চিভিল কোড ডিক'ডিং” শীৰ্ষক বিষয়ত বক্তব্য ৰাখি পণ্ডিতে কয় যে ,“নৃতাত্ত্বিকভাৱে অথবা বৈজ্ঞানিক দৃষ্টিভংগীৰে আমাৰ দেৱতাসকলৰ উৎপত্তি চাওক। কোনো ঈশ্বৰ ব্ৰাহ্মণ নহয়। সৰ্বোচ্চ হৈছে ক্ষত্ৰিয়। ভগৱান শিৱ এজন অনুসূচীত জাতি বা অনুসূচীত জনজাতিৰ ভগৱান। কাৰণ তেওঁক  সাপৰ সৈতে শ্মশানত বহি থকা দেখা যায়৷ তেওঁ খুউব কম বস্ত্ৰহে  পৰিধান কৰে।  মই নাভাবো যে ব্ৰাহ্মণসকলে  শ্মশানত বহিব পাৰে। গতিকে যদি আপুনি স্পষ্টকৈ চায়,  দেৱতাসকল নৃতাত্ত্বিকভাৱে উচ্চ বৰ্ণৰ পৰা অহা নাই। লক্ষ্মী, শক্তি, আদি দেৱতাৰ উপৰিও  যদি আপুনি জগন্নাথ দেৱতাকো চায় তেন্তে তেৱো জনজাতীয়। তৎস্বত্বেও আমি কিয় এনে  বৈষম্য অব্যাহত ৰাখিছোঁ! এনে বৈষম্য অতি অমানৱীয়৷ ”

 ইয়াৰোপৰি জে এন ইউৰ উপাচাৰ্য গৰাকীয়ে মনুস্মৃতি সম্পৰ্কেও এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে , মনুস্মৃতিৰ  মতে সকলো মহিলাই শুদ্ৰ। সেয়েহে, কোনো মহিলাই দাবী কৰিব নোৱাৰে যে তেওঁ এগৰাকী ব্ৰাহ্মণ ৷   কেৱল বিবাহৰ দ্বাৰাহে এগৰাকী মহিলা  স্বামী বা দেউতাকৰ জাতিৰ অন্তভূক্ত হয়। 

সোমবাৰে তেওঁৰ ভাষণত পণ্ডিতে ৰাজস্থানত এজন ন বছৰীয়া দলিত লৰা শেহতীয়াকৈ তেওঁৰ উচ্চ বৰ্ণৰ শিক্ষকৰ দ্বাৰা আক্ৰমণৰ অভিযোগত মৃত্যু হোৱাৰ কথা উল্লেখ কৰি দুখ প্ৰকাশ কৰে৷ 

 জাতি জন্মৰ ওপৰত আধাৰিত নাছিল বুলি পূৰ্বতে বহু ব্যক্তিয়ে কৈ গৈছে৷ কিন্তু আজি ই জন্মৰ ওপৰত আধাৰিত। শেহতীয়াকৈ ৰাজস্থানত এজন দলিত শিশু এজনক  এজন যুৱ দলিতক কেৱল পানী স্পৰ্শ কৰাৰ বাবেই  উচ্চ বৰ্ণৰ ব্যক্তি এজনে হত্যা কৰিছিল। এই ঘটনাৰ সৈতে  মানৱ অধিকাৰৰ প্ৰশ্নও জড়িত হৈ আছে বুলি উপাচাৰ্য গৰাকীয়ে মন্তব্য কৰে৷  

তেওঁৰ মতে যদি ভাৰতীয় সমাজে  উন্নতি কৰিবলৈ হ’লে  জাতিৰ ব্যৱস্থাক ধ্বংস  কৰিব লাগিব৷ জাতিগত পৰিচয়ৰ প্ৰতি থকা মানুহৰ দুৰ্বলতাকো সমালোচনা কৰে উপাচাৰ্য গৰাকীয়ে৷  এই জাতিগত পৰিচয়েই  আৱেগিক যি বৈষম্যতাৰ সৃষ্টি কৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে জে এন ইউৰ উপাচাৰ্য গৰাকীয়ে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ