--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
কলিকতা উচ্চ ন্যায়ালয়ৰ এখন  খণ্ড বিচাৰপীঠে সোমবাৰে পশ্চিম বংগত গৰু চোৰাং ব্যৱসায়ৰ ওপৰত দাখিল হোৱা  এখন পি আই এলৰ পৰা  আবেদনকাৰীজনক  কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ নাম আঁতৰাবলৈ নিৰ্দেশ দিছিল।

মুখ্য ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ আৰু ন্যায়াধীশ ৰাজৰ্শী ভৰদ্বাজক লৈ গঠিত খণ্ড বিচাৰপীঠে মন্তব্য কৰে যে , যিহেতু সংশ্লিষ্ট পি আই এলত মোকৰ্দমাকাৰীৰ গৃহ মন্ত্ৰীৰ বিৰুদ্ধে কোনো ব্যক্তিগত অভিযোগ নাই সেয়েহে তেওঁৰ নাম পি আই এলৰ পৰা আঁতৰ কৰিব লাগে।

বিচাৰপীঠে আবেদনকাৰীক অহা তিনি দিনৰ ভিতৰত উক্ত  বিষয়টোত নতুন আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।


তৃণমূল কংগ্ৰেছৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ ৰক্ষা কৰি থকা   অধিবক্তা ৰামপ্ৰসাদ চৰকাৰে এই পি আই এল দাখিল কৰি প্ৰশ্ন কৰিছিল যে ,অমিত শ্বাহ  গৃহ মন্ত্ৰালয়ৰ  শীৰ্ষ পদবীত অধিস্থিত  হোৱা স্বত্বেও কেনেকৈ সীমাপাৰত গৰুৰ চোৰাং ব্যৱসায় অব্যাহত থাকিব পাৰে।

আবেদনকাৰীয়ে  লগতে যুক্তি দিছিল যে গৃহমন্ত্ৰী হিচাপে শ্বাহৰ কৰ্তব্য হৈছে সীমান্তসুৰক্ষা বাহিনীৰ (বিএছএফ) সীমাপাৰত গৰুৰ চোৰাং ব্যৱসায় নিয়ন্ত্ৰণৰ ভূমিকা পুনৰীক্ষণ কৰা আৰু সেয়েহে তেওঁ বিষয়টোত তেওঁৰ দায়িত্ব অস্বীকাৰ কৰিব নোৱাৰে।

অৱশ্যে, খণ্ড বিচাৰপীঠে আবেদনকাৰীৰ যুক্তি গ্ৰহণ কৰা নাছিল আৰু শ্বাহৰ নাম আঁতৰাই নতুন আবেদন দাখিল কৰিবলৈ কৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ