--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
কলিকতা উচ্চ ন্যায়ালয়ৰ এখন  খণ্ড বিচাৰপীঠে সোমবাৰে পশ্চিম বংগত গৰু চোৰাং ব্যৱসায়ৰ ওপৰত দাখিল হোৱা  এখন পি আই এলৰ পৰা  আবেদনকাৰীজনক  কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ নাম আঁতৰাবলৈ নিৰ্দেশ দিছিল।

মুখ্য ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ আৰু ন্যায়াধীশ ৰাজৰ্শী ভৰদ্বাজক লৈ গঠিত খণ্ড বিচাৰপীঠে মন্তব্য কৰে যে , যিহেতু সংশ্লিষ্ট পি আই এলত মোকৰ্দমাকাৰীৰ গৃহ মন্ত্ৰীৰ বিৰুদ্ধে কোনো ব্যক্তিগত অভিযোগ নাই সেয়েহে তেওঁৰ নাম পি আই এলৰ পৰা আঁতৰ কৰিব লাগে।

বিচাৰপীঠে আবেদনকাৰীক অহা তিনি দিনৰ ভিতৰত উক্ত  বিষয়টোত নতুন আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।


তৃণমূল কংগ্ৰেছৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ ৰক্ষা কৰি থকা   অধিবক্তা ৰামপ্ৰসাদ চৰকাৰে এই পি আই এল দাখিল কৰি প্ৰশ্ন কৰিছিল যে ,অমিত শ্বাহ  গৃহ মন্ত্ৰালয়ৰ  শীৰ্ষ পদবীত অধিস্থিত  হোৱা স্বত্বেও কেনেকৈ সীমাপাৰত গৰুৰ চোৰাং ব্যৱসায় অব্যাহত থাকিব পাৰে।

আবেদনকাৰীয়ে  লগতে যুক্তি দিছিল যে গৃহমন্ত্ৰী হিচাপে শ্বাহৰ কৰ্তব্য হৈছে সীমান্তসুৰক্ষা বাহিনীৰ (বিএছএফ) সীমাপাৰত গৰুৰ চোৰাং ব্যৱসায় নিয়ন্ত্ৰণৰ ভূমিকা পুনৰীক্ষণ কৰা আৰু সেয়েহে তেওঁ বিষয়টোত তেওঁৰ দায়িত্ব অস্বীকাৰ কৰিব নোৱাৰে।

অৱশ্যে, খণ্ড বিচাৰপীঠে আবেদনকাৰীৰ যুক্তি গ্ৰহণ কৰা নাছিল আৰু শ্বাহৰ নাম আঁতৰাই নতুন আবেদন দাখিল কৰিবলৈ কৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু