--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যদি আপুনি কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে দুখী আৰু অনুপ্ৰেৰণাহীন অনুভৱ কৰি আছে, তেন্তে সেয়া কেৱল মেজাজৰ পৰিৱৰ্তন বা মানসিক চাপৰ ফল নহ’বও পাৰে। ই কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ প্ৰাৰম্ভিক লক্ষণও হ’ব পাৰে, যিটো প্ৰায়ে আওকাণ কৰা হয়। 

বিশেষজ্ঞসকলৰ মতে যদি কোনো ব্যক্তিয়ে দীৰ্ঘদিন ধৰি শক্তিৰ অভাৱ, অলসতা আৰু হতাশাৰ সন্মুখীন হয় তেন্তে সেয়া ডিমেনচিয়াৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে।

ডিমেনচিয়া হৈছে এনে এক মানসিক ৰোগ, যিয়ে ব্যক্তিৰ স্মৃতিশক্তি, যুক্তিৰ ক্ষমতা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাত ক্ৰমান্বয়ে প্ৰভাৱ পেলায়। ই এক প্ৰগতিশীল ৰোগ, যি সময়ৰ লগে লগে বৃদ্ধি পায়। ইয়াৰ লক্ষণসমূহ প্ৰাৰম্ভিক অৱস্থাত মৃদু হয় যদিও সময়ৰ লগে লগে ই গুৰুতৰ হৈ পৰে। ডিমেনচিয়াৰ আটাইতকৈ সাধাৰণ ৰূপসমূহৰ ভিতৰত এলঝেইমাৰ ৰোগ অন্যতম।

হতাশাৰ লক্ষণ

যদি ব্যক্তিজনে দৈনন্দিন কাম-কাজৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলায়, বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে যোগাযোগ এৰাই চলিবলৈ আৰম্ভ কৰে, আৰু নিজৰ প্ৰিয় কাম-কাজৰ প্ৰতিও কোনো আগ্ৰহ প্ৰকাশ নকৰে, তেন্তে ই ডিমেনচিয়াৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। এই লক্ষণসমূহৰ লগতে ব্যক্তিজনে স্মৃতিশক্তি হেৰুৱা, মনোযোগৰ অভাৱ, সিদ্ধান্ত লোৱাৰ ক্ষমতাও ভোগ কৰিব পাৰে।

কিয় এনেকুৱা হয়?

ডিমেনচিয়াৰ প্ৰাৰম্ভিক পৰ্যায়ত মগজুৰ কিছুমান অংশত ফুলা বা অন্যান্য পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত মগজুৰ কাৰ্য্যকলাপত প্ৰভাৱ পৰে। ইয়াৰ ফলত ব্যক্তিজনৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে আৰু তেওঁ অনুপ্ৰেৰণাহীন আৰু হতাশ অনুভৱ কৰে। ইয়াৰ উপৰিও ডিমেনচিয়াৰ লগত জড়িত নিউৰ’ট্ৰান্সমিটাৰৰ ভাৰসাম্যহীনতাইও ব্যক্তিৰ মেজাজ আৰু আচৰণৰ পৰিৱৰ্তন ঘটাব পাৰে।

কেনেকৈ চিনাক্ত কৰিব?

যদি আপুনি বা আপোনাৰ ঘনিষ্ঠ কোনোবাই এই লক্ষণসমূহ অনুভৱ কৰি আছে তেন্তে ইয়াক আওকাণ নকৰিব। ডিমেনচিয়াৰ প্ৰাৰম্ভিক অৱস্থাত চিনাক্ত কৰি চিকিৎসা কৰিব পাৰি। ইয়াৰ বাবে ব্যক্তিজনে নিয়মিতভাৱে মানসিক স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে। বিশেষজ্ঞসকলৰ মতে, আগতীয়াকৈ চিনাক্ত কৰি সঠিক চিকিৎসাৰ দ্বাৰা এই ৰোগৰ প্ৰভাৱ কম কৰিব পৰা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন