--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিগৰাকী ব্যক্তিয়ে সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ বিচাৰে। পিছে স্বাস্থ্য সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত কেনে ধৰণৰ সতর্কতা অৱলম্বন কৰিব লাগে সেই বিষয়ে প্রায়ভাগ লােকেই গুৰুত্ব নিদিয়ে। সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ সৰুৰে পৰাই কিছুমান বিষয়ত গুৰুত্ব প্রদান কৰিব লাগে। ৰােগ হলে চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ যাব লাগে। চিকিৎসক পৰামর্শ অনুসৰি ঔষধ সেৱন কৰিব লাগে।

স্বাস্থ্য ৰক্ষাৰ বাবে যদি কিছুমান বিষয়ত গুৰুত্ব প্রদান কৰা হয় তেতিয়া শৰীৰত ৰােগ-প্ৰতিৰােধী ক্ষমতাও বৃদ্ধি পায়। বিতংকৈ জানি লওক৷


সঠিক সময়ত খাওক খাদ্য

সঠিক সময়ত উপযুক্ত খাদ্য খাব লাগে। পুৱা, দুপৰীয়া আৰু নিশাৰ আহাৰ নির্দিষ্ট সময়ত গ্রহণ কৰিলে শৰীৰে প্রয়ােজনীয় পুষ্টি লাভ কৰে


চাপমুক্ত হৈ থাকক

চাপমুক্ত হৈ থাকিলে বহুতাে ৰােগৰ পৰা হাত সাৰিব পাৰি। উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হৃদৰােগ,নিদ্রাহীনতা আদিৰ অন্যতম কাৰণ হ’ল অত্যধিক চাপ


ওজন নিয়ন্ত্রণ কৰক

বয়সত লিংগ আৰু দৈৰ্ঘ্যৰ স’তে সামঞ্জস্য ৰাখি শৰীৰ ওজন সঠিক হলে সুস্বাস্থ্যৰ অধিকাৰী হােৱাত সহায়ক হয়। যেতিয়া শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বৃদ্ধি পায়, তেতিয়া বিভিন্ন ৰােগে গা কৰি উঠে৷

ব্যায়াম কৰক

ব্যায়াম কৰিলে শৰীৰটো সতেজ অনুভৱ হয়। তদুপৰি নিয়মীয়াকৈ ব্যায়াম কৰাৰ ফলত বহুতাে ৰােগ-প্রতিৰােধ কৰাটো সম্ভৱ

প্রাণ খুলি হাঁহক

মানুহে যিমানেই হাঁহে সিমানেই মানসিক চাপ হ্রাস পায়। মনস্তত্ত্ববিদ আৰু সমস্তত্ত্বকেন্দ্রিক গৱেসকসকলে এই বুলি মন্তব্য আগবঢ়াইছে যে মানুহে প্রাণ খুলি হাঁহিলে শৰীৰ আৰু মন দুয়োটাৰ বাবেই লাভদায়ক


হতাশাক প্রশ্রয় দিব নালাগে

হতাশাই মানুহক দুর্বল কৰে। গতিকে হতাশাক প্ৰশয় দিব নালাগে


নিচাৰ পৰা আতৰি থাকক

নিচাজাতীয় দ্রব্যৰ পৰা নিজকে আঁতৰাই ৰখাটোৱে মংগলজনক। নিচাই মানুহক যিদৰে মানসিকভাৱে ভাৰাক্রান্ত কৰে, তেনেদৰে শাৰীৰিকভাৱেও বহুত ক্ষতি কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ