--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

কাৰাগাৰত বহি পাৰ্থ-অনুব্ৰত অথবা  অৰ্পিতাই কি খাই আছে তাক লৈ সকলো উৎসাহিত। কিন্তু ভাবকচোন আপুনিও যদি জেলত বহি   বিৰিয়ানী খোৱাৰ সুযোগ পায়?এতিয়া  কোনো অপৰাধ নকৰাকৈয়ে এতিয়া “জেলৰ ভাত” খোৱাৰ সুযোগ লাভ কৰিব পাৰে আপুনি৷  

ঝাৰখণ্ডৰ জামছেদপুৰত  কাৰাগাৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এখন বিশেষ ৰেষ্টুৰেণ্ট৷ বৰ্তমান এই  ৰেষ্টুৰেণ্টখন সকলোতে  চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷ ৰেষ্টুৰেণ্টখনক লৈ বিশেষ আগ্ৰহী হৈ পৰিছে ইন্টাৰনেট ব্যৱহাৰকাৰী সকল। ৰেষ্টুৰেণ্টখনে দাবী কৰিছে যে কাৰাগাৰত ভোজন কৰাৰ  অনুভৱ হয় সেইয়া এই  ৰেষ্টুৰেণ্টখনে প্ৰদান কৰিব।ৰেষ্টুৰেণ্টখনৰ ৱেইটাৰসকলেও  সম্পূৰ্ণৰূপে বন্দীৰ দৰে পোছাক পৰিধান কৰে। ৰেষ্টুৰেণ্টখনত আপুনি জেলৰ দৰে কম ঠাইতে খাদ্য গ্ৰহণ কৰিব লাগিব। 


ৰেষ্টুৰেণ্টখনৰ ছবিবোৰে ইন্টাৰনেটত যথেষ্ট গুৰুত্ব লাভ কৰাৰ সময়তে  কিছু বিতৰ্কৰো সৃষ্টি হৈছে৷  বিভিন্নজনে ভিন্ন মতামত দিছে ৰেষ্টুৰেণ্টখনক লৈ। কিছুমানৰ মতে ইয়াত খাদ্যগ্ৰহণৰ অভিজ্ঞতা ৰোমাঞ্চকৰ হ’ব৷ কিন্তু  আন এক পক্ষৰ মতে   এনে ধৰণৰ  বিষয়বস্তুবোৰ সঠিক নহয়। এগৰাকী ব্যক্তিয়ে ৰেষ্টুৰেণ্টখনৰ বিষয়ে  লিখিছিল যে ,"যদি মই ইয়াত এখন টেবুল বুক কৰিব বিচাৰো তেন্তে মই অপৰাধ কৰিব লাগিব নেকি?”
আন এজনে লিখিছিল, "পৰৱৰ্তী বিষয়বস্তু কি?  চিকিৎসালয়ৰ দৰে ৰেষ্টুৰেণ্ট থাকিব নেকি?”

অৱশ্যে,আন  বহুলোকৰ  মতে  এই বিষয়বস্তুত নতুনত্ব একো নাই। দিল্লী আৰু কলকাতাৰ দৰে ডাঙৰ চহৰত ইতিমধ্যে এনে ৰেষ্টুৰেণ্ট স্থাপন কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?