--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

কাৰাগাৰত বহি পাৰ্থ-অনুব্ৰত অথবা  অৰ্পিতাই কি খাই আছে তাক লৈ সকলো উৎসাহিত। কিন্তু ভাবকচোন আপুনিও যদি জেলত বহি   বিৰিয়ানী খোৱাৰ সুযোগ পায়?এতিয়া  কোনো অপৰাধ নকৰাকৈয়ে এতিয়া “জেলৰ ভাত” খোৱাৰ সুযোগ লাভ কৰিব পাৰে আপুনি৷  

ঝাৰখণ্ডৰ জামছেদপুৰত  কাৰাগাৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এখন বিশেষ ৰেষ্টুৰেণ্ট৷ বৰ্তমান এই  ৰেষ্টুৰেণ্টখন সকলোতে  চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷ ৰেষ্টুৰেণ্টখনক লৈ বিশেষ আগ্ৰহী হৈ পৰিছে ইন্টাৰনেট ব্যৱহাৰকাৰী সকল। ৰেষ্টুৰেণ্টখনে দাবী কৰিছে যে কাৰাগাৰত ভোজন কৰাৰ  অনুভৱ হয় সেইয়া এই  ৰেষ্টুৰেণ্টখনে প্ৰদান কৰিব।ৰেষ্টুৰেণ্টখনৰ ৱেইটাৰসকলেও  সম্পূৰ্ণৰূপে বন্দীৰ দৰে পোছাক পৰিধান কৰে। ৰেষ্টুৰেণ্টখনত আপুনি জেলৰ দৰে কম ঠাইতে খাদ্য গ্ৰহণ কৰিব লাগিব। 


ৰেষ্টুৰেণ্টখনৰ ছবিবোৰে ইন্টাৰনেটত যথেষ্ট গুৰুত্ব লাভ কৰাৰ সময়তে  কিছু বিতৰ্কৰো সৃষ্টি হৈছে৷  বিভিন্নজনে ভিন্ন মতামত দিছে ৰেষ্টুৰেণ্টখনক লৈ। কিছুমানৰ মতে ইয়াত খাদ্যগ্ৰহণৰ অভিজ্ঞতা ৰোমাঞ্চকৰ হ’ব৷ কিন্তু  আন এক পক্ষৰ মতে   এনে ধৰণৰ  বিষয়বস্তুবোৰ সঠিক নহয়। এগৰাকী ব্যক্তিয়ে ৰেষ্টুৰেণ্টখনৰ বিষয়ে  লিখিছিল যে ,"যদি মই ইয়াত এখন টেবুল বুক কৰিব বিচাৰো তেন্তে মই অপৰাধ কৰিব লাগিব নেকি?”
আন এজনে লিখিছিল, "পৰৱৰ্তী বিষয়বস্তু কি?  চিকিৎসালয়ৰ দৰে ৰেষ্টুৰেণ্ট থাকিব নেকি?”

অৱশ্যে,আন  বহুলোকৰ  মতে  এই বিষয়বস্তুত নতুনত্ব একো নাই। দিল্লী আৰু কলকাতাৰ দৰে ডাঙৰ চহৰত ইতিমধ্যে এনে ৰেষ্টুৰেণ্ট স্থাপন কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি