--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএশ বা দুশ নহয়, ৪৬৭ কোটিটকীয়া প্ৰাসাদত বাস কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে।কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ চাউথ ব্লকৰ ওচৰৰ দাৰা শিকোহ ৰোডৰ ব্লক এ আৰু বি-ত প্ৰধানমন্ত্ৰীৰ বাসভৱন প্ৰকল্প  নিৰ্মাণৰ সকলো প্ৰস্তুতি।   কেন্দ্ৰীয় ভিষ্টা পুনৰ্বিকাশ প্ৰকল্পৰ অধীনত এই প্ৰকল্প গ্ৰহণ কৰা হৈছে।

 কমপ্লেক্সটো মুঠ ২,২৬,২০৩ বৰ্গফুট এলেকাত নিৰ্মাণ কৰা হ’ব  আৰু ইয়াৰ ব্যয় ৪৬৭  কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। মুঠ এলেকাৰ ভিতৰত  প্ৰধানমন্ত্ৰীৰ বাসগৃহ ৩৬,৩২৮ 36,328 বৰ্গফুট এলেকা জুৰি বিস্তৃত হৈ থাকিব। প্ৰধানমন্ত্ৰীৰ ভূমি আৰু প্ৰথম মহলাত থকা মুখ্য বাসভৱনৰ উপৰি  দক্ষিণে অৱস্থিত কমপ্লেক্সটোত প্ৰধানমন্ত্ৰীৰ  কাৰ্যালয়,  ইনড'ৰ ক্ৰীড়াৰ  সুবিধা, কৰ্মচাৰীৰ আবাস , এটা বিশেষ সুৰক্ষা গোটৰ (এছপিজি) কাৰ্যালয়ৰ লগতে  এটা সেৱা সদনতথা  সুৰক্ষা কাৰ্যালয় থাকিব। 

কমপ্লেক্সটোৰ এটা গুৰুত্বপূৰ্ণ উপাদান হ'ব এটা ভূগর্ভস্থ ভিআইপি সুৰংগ।  যিটো সুৰংগ  প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হ’ব। এই সুৰংগই  প্ৰধানমন্ত্ৰীৰ বাসভৱনক এক্সেকিউটিভ এনক্লেভৰ  সৈতে পোনপটীয়াকৈ সংযোগ কৰিব। এক্সেকিউটিভ এনক্লেভত  প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (পিএমঅ'), নতুন সংসদ আৰু উপ-ৰাষ্ট্ৰপতিৰ বাসগৃহ থাকিব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি  প্ৰধানমন্ত্ৰীৰ  চলাচলত যাতে যানজোঁটে বাধাৰ সৃষ্টি কৰিব ভূগর্ভস্থ সুৰংগৰ প্ৰস্তাৱ দিয়া হৈছে। কেন্দ্ৰীয় ভিষ্টা পুনৰ্বিকাশ প্ৰকল্পৰ পৰিচালনা কৰি থকা কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীৰ বাসভৱন কমপ্লেক্স সম্পূৰ্ণ আৰু হস্তান্তৰ কৰাৰ বাবে ছেপ্টেম্বৰ ২০২৪-ৰ সময়সীমা নিৰ্ধাৰণ কৰিছে। 

প্ৰস্তাৱটো অনুমোদনৰ বাবে বিত্ত মন্ত্ৰালয়ৰ ব্যয় আৰু বিত্ত সমিতিৰ (ইএফচি) ত শীক্ষ্ৰে দাখিল কৰা হ’ব। উল্লেখ্য সকলো ৰাজহুৱা ভাৱে পুঁজি যোগান ধৰা আঁচনি আৰু প্ৰকল্পই ইএফচিৰ দ্বাৰা মূল্যাঙ্কন আৰু অনুমোদন কৰিব লাগে। কমপ্লেক্সটো নিৰ্মাণৰ  ব্যয় কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বাজেট অনুদানৰ পৰা  কৰা হ'ব। ২০২২-২৩ বৰ্ষৰ বাজেটত প্ৰকল্পটোৰ বাবে ৭০ কোটি টকা আৱণ্টন কৰা হৈছিল। গৃহ নিৰ্মাণ মন্ত্ৰালয়ে ইতিমধ্যে প্ৰকল্পটোৰ বাবে পাৰিপাৰ্শ্বিক অনুমোদন লাভ কৰিছে, আৰু অন্যান্য অনুমোদনৰ প্ৰক্ৰিয়া চলি  আছে। কমপ্লেক্সটো নিৰ্মাণৰ বাবে নিবিদা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি চৰকাৰী  সূত্ৰই জনাইছে। 

সূত্ৰটোৱে লগতে কয় যে নতুন প্ৰধানমন্ত্ৰীৰ বাসভৱন কমপ্লেক্সে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় কেবিনেট সচিবালয় আৰু ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদ সচিবালয়ৰ মাজৰ দূৰত্ব হ্ৰাস কৰিব। সূত্ৰটোৱে আৰু কৈছিল যে প্ৰধানমন্ত্ৰীৰ বৰ্তমানৰ বাসগৃহ ৭, লোক কল্যাণ মাৰ্গৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত অৱস্থিত হ’ব। " উচ্চাকাংক্ষী প্ৰকল্পসমূহৰ ভিতৰৰে এটা হিচাবে পৰিগণিত হোৱা  এই প্ৰক্লপই  দিল্লীক শক্তি কৰিডৰলৈ ৰূপান্তৰিত কৰিব। মোদীৰ দিনতেই এনে ব্যয়বহুল বাসভৱনৰ লগতে নতুন সংসদ ভৱনো নিৰ্মাণ হ’ব। 

এনে কাৰ্যৰ জৰিয়তে মোদীয়ে দেশৰ ৰাজনৈতিক ইতিহাসত নিজৰ নাম খোদিত কৰি ৰাখিবলৈ সক্ষম হ’ব বুলি বহুতে কৈছে। বহুতৰ মতে মোদীয়ে নিজকে অন্য ৰূপত প্ৰতিষ্ঠা কৰি থৈ যোৱাৰ মানসেৰেই এনে প্ৰকল্পসমূহ গ্ৰহণ কৰি আহিছে। দেশৰ অৰ্থনৈতিক মণ্ডাৱস্থাৰ মাজতে এনে ব্যয় বহুল প্ৰকল্পৰ কথা চিন্তা কৰাত বহুতে চৰকাৰক সমালোচনাও কৰা দেখা গৈছে। যিটো সময়ত দেশৰ কোটি কোটি লোকৰ থাকিবলৈ মূৰৰ ওপৰত চালি এখনো নাই তেনে সময়তে প্ৰধানমন্ত্ৰীয়ে বাস কৰিবলগীয়া  ঘৰটো ৪৬৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলৈ ওলোৱাত বহুতে আশ্চৰ্য প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক