--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী অন্য যুৱতীৰ বাবে পত্নীক ত্যাগ কৰিছিল স্বামীয়ে। এই কথাত ভাগি নপৰি মানসিকভাৱে অধিক শক্তিশালী হৈ পৰিছিল স্বাভিমানী মহিলাগৰাকী। তেওঁ নতুনকৈ নিজৰ জীৱনটো গঢ় দিয়াৰ পণ লৈছিল আৰু সেই পণ লৈয়ে তেওঁ জপিয়াই পৰিছিল জীৱন যুদ্ধত। 

স্বামীয়ে প্ৰতাৰণা কৰা মহিলাগৰাকীয়ে এতিয়া মিছ ইণ্ডিয়া ৱৰ্ল্ড ইণ্টাৰনেশ্যনেল ২০২২ৰ খিতাপ দখল কৰিবলৈ সক্ষম হল। তেওঁ ২০২২ চনৰ আগষ্ট মাহত অনুষ্ঠিত হ’বলগীয়া মিচেছ ইণ্ডিয়া ৱৰ্ল্ডৰো চূড়ান্ত প্ৰতিযোগী। গতিকে আহকচোন তেওঁৰ সফলতাৰ কাহিনীৰ বিষয়ে জানো।

২০২২ চনৰ মিছ ইণ্ডিয়া ৱৰ্ল্ড ইণ্টাৰনেশ্যনেলৰ খিতাপ দখল কৰা মহিলাগৰাকীৰ নাম প্ৰিয়া পৰমিতা পল। প্ৰিয়া মুম্বাইত থাকে আৰু এটা আই টি কোম্পানীত প্ৰজেক্ট মেনেজাৰ আৰু লাইফ কোচ হিচাপে কাম কৰি আছে। প্ৰিয়াই কয় যে, "মই মোৰ জীৱনত বহুত উত্থান-পতন দেখিছো কিন্তু কেতিয়াও সাহস হেৰুৱাই পেলোৱা নাই, সেইবাবেই আজি মই এই ঠাইত থিয় হৈ আছো। ইচ্ছা কৰিলে মই হাৰ মানি তাতেই থাকিব পাৰিলোহেঁতেন।" মইও ভাবিছিলো জীৱনত ত্যাগ কৰি একো নহ'ব, মই দেখা সপোনবোৰ পূৰণ কৰিম। শৈশৱত সৌন্দৰ্য্য প্ৰতিযোগিতাত ভাগ লোৱাৰ সপোন দেখিছিলো আৰু আজি মই সেই সপোন পূৰণ কৰাত নিয়োজিত হৈ পৰিছো। মই কেতিয়াও হাৰ নামানো।

প্ৰিয়াই কয়, “এই ঘটনা ২০১৬ চনৰ। বিয়াৰ পিছত মই শহুৰৰ ঘৰত বহুত ভালকৈ আছিলোঁ আৰু লগতে এটা কাম কৰি আছিলো। আমাৰ লগত শাহু-শহুৰ আৰু স্বামীৰ দুই ভায়েক আছিল। কিছুদিনৰ পাছত কামৰ খাতিৰত মই আৰু মোৰ স্বামী পৃথকে থাকিবলৈ ওলাই আহিলোঁ। এদিন অফিচত থাকোতে মোৰ স্বামীৰ পৰা এটা ইমেইল আহিল। ইমেইলত লিখা আছিল যে মই তোমাৰ লগত আৰু থাকিব নোৱাৰো, মই বেলেগকৈ থাকিম। ইয়াৰ পিছত মই তেওঁক বহুত ফোন আৰু মেছেজ কৰিছিলো কিন্তু তেওঁৰ পৰা কোনো সঁহাৰি নাপালোঁ। 

কিছুদিনৰ পাছত মউ গ’ম পালো যে তেওঁৰ অবৈধ প্ৰেমৰ সম্পৰ্ক আছে, যাৰ বাবে তেওঁ মোক ত্যাগ কৰিলে। ইয়াৰ পিছত তেওঁ মাক-দেউতাকৰ লগত থাকিবলৈ গ’ল আৰু মই দুবছৰ ধৰি তেওঁক বুজাবলৈ চেষ্টা কৰিলোঁ কিন্তু তেওঁৰ পৰা কোনো সঁহাৰি নাপালোঁ। সেই দুবছৰত মই ডিপ্ৰেছনত সোমাই পৰিলোঁ, যাৰ বাবে মোৰ চাকৰিও হেৰাই গ’ল। চাকৰি এৰি যোৱাৰ পিছত ঘৰৰ ই এম আই আৰু অন্যান্য খৰচে মোৰ টেনচন আৰু বঢ়াইছিল। ইয়াৰ পিছত মই চেষ্টা বন্ধ কৰি দিলোঁ আৰু অৱশেষত ২০১৮ চনত মই স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰিলোঁ।”

প্ৰিয়াই আৰু কয়, “ইয়াৰ পিছত মই সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিলো আৰু মোৰ ব্যক্তিত্ব আকৰ্ষণীয় কৰাৰ ওপৰত কাম আৰম্ভ কৰিছিলো। আগতে মই বহুত মানসিক চাপত আছিলো আৰু বিউটি পেজেণ্ট হ’বলৈ মানসিক চাপ কমোৱাটো জৰুৰী আছিল। মই মোৰ মানসিক চাপ কমাই দিলো আৰু লগতে মোৰ ওজনো প্ৰায় ১০ কেজি কমালো। মই অতি শক্তিশালী, সাহসী আৰু আত্মবিশ্বাসী হৈ পৰিছিলোঁ। মোৰ ওপৰত কোনো পৰিস্থিতিকে আধিপত্য বিস্তাৰ কৰিবলৈ নিদিলোঁ। আজি মই মিচেছ ইণ্ডিয়া ৱৰ্ল্ডৰ ফাইনেলিষ্ট। ভৱিষ্যতেও মই এই যাত্ৰা অব্যাহত ৰাখিম।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ