--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী অন্য যুৱতীৰ বাবে পত্নীক ত্যাগ কৰিছিল স্বামীয়ে। এই কথাত ভাগি নপৰি মানসিকভাৱে অধিক শক্তিশালী হৈ পৰিছিল স্বাভিমানী মহিলাগৰাকী। তেওঁ নতুনকৈ নিজৰ জীৱনটো গঢ় দিয়াৰ পণ লৈছিল আৰু সেই পণ লৈয়ে তেওঁ জপিয়াই পৰিছিল জীৱন যুদ্ধত। 

স্বামীয়ে প্ৰতাৰণা কৰা মহিলাগৰাকীয়ে এতিয়া মিছ ইণ্ডিয়া ৱৰ্ল্ড ইণ্টাৰনেশ্যনেল ২০২২ৰ খিতাপ দখল কৰিবলৈ সক্ষম হল। তেওঁ ২০২২ চনৰ আগষ্ট মাহত অনুষ্ঠিত হ’বলগীয়া মিচেছ ইণ্ডিয়া ৱৰ্ল্ডৰো চূড়ান্ত প্ৰতিযোগী। গতিকে আহকচোন তেওঁৰ সফলতাৰ কাহিনীৰ বিষয়ে জানো।

২০২২ চনৰ মিছ ইণ্ডিয়া ৱৰ্ল্ড ইণ্টাৰনেশ্যনেলৰ খিতাপ দখল কৰা মহিলাগৰাকীৰ নাম প্ৰিয়া পৰমিতা পল। প্ৰিয়া মুম্বাইত থাকে আৰু এটা আই টি কোম্পানীত প্ৰজেক্ট মেনেজাৰ আৰু লাইফ কোচ হিচাপে কাম কৰি আছে। প্ৰিয়াই কয় যে, "মই মোৰ জীৱনত বহুত উত্থান-পতন দেখিছো কিন্তু কেতিয়াও সাহস হেৰুৱাই পেলোৱা নাই, সেইবাবেই আজি মই এই ঠাইত থিয় হৈ আছো। ইচ্ছা কৰিলে মই হাৰ মানি তাতেই থাকিব পাৰিলোহেঁতেন।" মইও ভাবিছিলো জীৱনত ত্যাগ কৰি একো নহ'ব, মই দেখা সপোনবোৰ পূৰণ কৰিম। শৈশৱত সৌন্দৰ্য্য প্ৰতিযোগিতাত ভাগ লোৱাৰ সপোন দেখিছিলো আৰু আজি মই সেই সপোন পূৰণ কৰাত নিয়োজিত হৈ পৰিছো। মই কেতিয়াও হাৰ নামানো।

প্ৰিয়াই কয়, “এই ঘটনা ২০১৬ চনৰ। বিয়াৰ পিছত মই শহুৰৰ ঘৰত বহুত ভালকৈ আছিলোঁ আৰু লগতে এটা কাম কৰি আছিলো। আমাৰ লগত শাহু-শহুৰ আৰু স্বামীৰ দুই ভায়েক আছিল। কিছুদিনৰ পাছত কামৰ খাতিৰত মই আৰু মোৰ স্বামী পৃথকে থাকিবলৈ ওলাই আহিলোঁ। এদিন অফিচত থাকোতে মোৰ স্বামীৰ পৰা এটা ইমেইল আহিল। ইমেইলত লিখা আছিল যে মই তোমাৰ লগত আৰু থাকিব নোৱাৰো, মই বেলেগকৈ থাকিম। ইয়াৰ পিছত মই তেওঁক বহুত ফোন আৰু মেছেজ কৰিছিলো কিন্তু তেওঁৰ পৰা কোনো সঁহাৰি নাপালোঁ। 

কিছুদিনৰ পাছত মউ গ’ম পালো যে তেওঁৰ অবৈধ প্ৰেমৰ সম্পৰ্ক আছে, যাৰ বাবে তেওঁ মোক ত্যাগ কৰিলে। ইয়াৰ পিছত তেওঁ মাক-দেউতাকৰ লগত থাকিবলৈ গ’ল আৰু মই দুবছৰ ধৰি তেওঁক বুজাবলৈ চেষ্টা কৰিলোঁ কিন্তু তেওঁৰ পৰা কোনো সঁহাৰি নাপালোঁ। সেই দুবছৰত মই ডিপ্ৰেছনত সোমাই পৰিলোঁ, যাৰ বাবে মোৰ চাকৰিও হেৰাই গ’ল। চাকৰি এৰি যোৱাৰ পিছত ঘৰৰ ই এম আই আৰু অন্যান্য খৰচে মোৰ টেনচন আৰু বঢ়াইছিল। ইয়াৰ পিছত মই চেষ্টা বন্ধ কৰি দিলোঁ আৰু অৱশেষত ২০১৮ চনত মই স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰিলোঁ।”

প্ৰিয়াই আৰু কয়, “ইয়াৰ পিছত মই সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিলো আৰু মোৰ ব্যক্তিত্ব আকৰ্ষণীয় কৰাৰ ওপৰত কাম আৰম্ভ কৰিছিলো। আগতে মই বহুত মানসিক চাপত আছিলো আৰু বিউটি পেজেণ্ট হ’বলৈ মানসিক চাপ কমোৱাটো জৰুৰী আছিল। মই মোৰ মানসিক চাপ কমাই দিলো আৰু লগতে মোৰ ওজনো প্ৰায় ১০ কেজি কমালো। মই অতি শক্তিশালী, সাহসী আৰু আত্মবিশ্বাসী হৈ পৰিছিলোঁ। মোৰ ওপৰত কোনো পৰিস্থিতিকে আধিপত্য বিস্তাৰ কৰিবলৈ নিদিলোঁ। আজি মই মিচেছ ইণ্ডিয়া ৱৰ্ল্ডৰ ফাইনেলিষ্ট। ভৱিষ্যতেও মই এই যাত্ৰা অব্যাহত ৰাখিম।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক