--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলিউডৰ তাৰকা দম্পত্তিসকলৰ ভিতৰত অন্যতম হৈছে অমিতাভ আৰু জয়া। তেওঁলোকক লৈ অনুৰাগীসকলৰ মাজত চৰ্চাৰ অন্ত নাই। অমিতাভ-জয়াই সুদীৰ্ঘ বছৰ সুখ-শান্তিৰেৰ পাৰ কৰি আহিছে।

 

কিন্তু বলিউডৰ বিগবি অমিতাভ বচ্ছনেও মাজে মাজে গালি শুনিব লগা হয় পত্নী জয়াৰ। কিন্তু কি পৰিস্থিতিত জয়াই অমিতাভক গালি দিয়ে?

 

শেহতীয়াকৈ কেবিচিৰ এগৰাকী প্ৰতিযোগীয়ে এই প্ৰশ্ন সুধে বিগ বিক। তাৰ উত্তৰত বিগ বিয়ে কয় যে যেতিয়া জয়াৰ ফোন কল অমিতাভে নধৰে, তেতিয়াই তেওঁৰ পত্নীৰ পৰা গালি শুনিব লগা হয়।

 

 

''মই ভাবো, সকলো পুৰুষেই মোৰ সতে সহমত হব। সেইফালৰ পৰা ফোন আহিল। আৰু আপুনি সেই ফোন কলটো ধৰিব নোৱাৰিলে। বচ্, তেনেহলে হৈ গল আৰু!’’- বিগ বিয়ে কয়।

 

বিগবিয়ে কয় যে পত্নী জয়াই যেতিয়াই ফোন কৰিব, তেতিয়াই সেই ফোন কলটো তেওঁ ধৰিব লাগিব। অন্যথা তীব্ৰ গালি শুনিব লগা হয়।

 

ছৱিৰ শ্বুটিংঙৰ মাজতো বিগবিয়ে পত্নী জয়াৰ ফোনকল চম্ভালিব লগা হয়। ব্যস্ততাৰ মাজতো যাতে জয়াৰ ফোন মিছ নহয়, সেইবাবে এটা উপায় অবলম্বন কৰিছে তেওঁ।

 

''মোৰ চেক্ৰেটাৰীক কোৱা আছে যে জয়াৰ ফোন আহিলে যাতে ৰিচিভ কৰে। মই কি কৰিছো, কত আছো, সকলো যাতে তেওঁক জনাই দিয়ে।’’- বিগবিয়ে কয়।

 

কিন্তু ইয়াৰ পাছতো জয়াৰ গালি শুনে বিগবিয়ে। জয়াই বিগবিৰ আগত আপত্তি কৰে যে নিজৰ স্বামীৰ সতে কথা পাতিবলৈও পত্নীয়ে চেক্ৰেটাৰীৰ জৰিয়তে সংযোগ কৰিব লগা হৈছে।

 

বিগ বিৰ এই উত্তৰ শুনি অনুৰাগীসকলে হাঁহিত বাগৰি পৰে। উল্লেখ্য যে শুক্ৰবাৰে বিগবিৰ এখন নতুন ছৱি 'উঁচাই মুক্তি লাভ কৰিছে। বৃহসপ্তিবাৰে ছৱিখনৰ বিশেষ প্ৰদৰ্শনিত উপস্থিত আছিল জয়া বচ্ছন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক