--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলিউডৰ তাৰকা দম্পত্তিসকলৰ ভিতৰত অন্যতম হৈছে অমিতাভ আৰু জয়া। তেওঁলোকক লৈ অনুৰাগীসকলৰ মাজত চৰ্চাৰ অন্ত নাই। অমিতাভ-জয়াই সুদীৰ্ঘ বছৰ সুখ-শান্তিৰেৰ পাৰ কৰি আহিছে।

 

কিন্তু বলিউডৰ বিগবি অমিতাভ বচ্ছনেও মাজে মাজে গালি শুনিব লগা হয় পত্নী জয়াৰ। কিন্তু কি পৰিস্থিতিত জয়াই অমিতাভক গালি দিয়ে?

 

শেহতীয়াকৈ কেবিচিৰ এগৰাকী প্ৰতিযোগীয়ে এই প্ৰশ্ন সুধে বিগ বিক। তাৰ উত্তৰত বিগ বিয়ে কয় যে যেতিয়া জয়াৰ ফোন কল অমিতাভে নধৰে, তেতিয়াই তেওঁৰ পত্নীৰ পৰা গালি শুনিব লগা হয়।

 

 

''মই ভাবো, সকলো পুৰুষেই মোৰ স’তে সহমত হ’ব। সেইফালৰ পৰা ফোন আহিল। আৰু আপুনি সেই ফোন কলটো ধৰিব নোৱাৰিলে। বচ্, তেনেহ’লে হৈ গ’ল আৰু!’’- বিগ বিয়ে কয়।

 

বিগবিয়ে কয় যে পত্নী জয়াই যেতিয়াই ফোন কৰিব, তেতিয়াই সেই ফোন কলটো তেওঁ ধৰিব লাগিব। অন্যথা তীব্ৰ গালি শুনিব লগা হয়।

 

ছৱিৰ শ্বুটিংঙৰ মাজতো বিগবিয়ে পত্নী জয়াৰ ফোনকল চম্ভালিব লগা হয়। ব্যস্ততাৰ মাজতো যাতে জয়াৰ ফোন মিছ নহয়, সেইবাবে এটা উপায় অবলম্বন কৰিছে তেওঁ।

 

''মোৰ চেক্ৰেটাৰীক কোৱা আছে যে জয়াৰ ফোন আহিলে যাতে ৰিচিভ কৰে। মই কি কৰিছো, ক’ত আছো, সকলো যাতে তেওঁক জনাই দিয়ে।’’- বিগবিয়ে কয়।

 

কিন্তু ইয়াৰ পাছতো জয়াৰ গালি শুনে বিগবিয়ে। জয়াই বিগবিৰ আগত আপত্তি কৰে যে নিজৰ স্বামীৰ স’তে কথা পাতিবলৈও পত্নীয়ে চেক্ৰেটাৰীৰ জৰিয়তে সংযোগ কৰিব লগা হৈছে।

 

বিগ বিৰ এই উত্তৰ শুনি অনুৰাগীসকলে হাঁহিত বাগৰি পৰে। উল্লেখ্য যে শুক্ৰবাৰে বিগবিৰ এখন নতুন ছৱি 'উঁচাই’ মুক্তি লাভ কৰিছে। বৃহসপ্তিবাৰে ছৱিখনৰ বিশেষ প্ৰদৰ্শনিত উপস্থিত আছিল জয়া বচ্ছন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু