--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ জনপ্ৰিয় শিল্পীসকলৰ ভিতৰত অৰিজিত সিং বৰ্তমান ভাৰতীয় সংগীত উদ্যোগৰ অন্যতম উজ্জ্বল তাৰকা। সকলোৱে তেওঁৰ সহজ-সৰল আচৰণ আৰু জীৱনশৈলীকলৈ কৌতূহলী৷ তেওঁৰ গানে কোটি কোটি ভাৰতীয়ৰ মন-প্ৰাণত আনন্দৰ  লহৰ তুলি আহিছে৷ অৰিজিত সিং এই মুহূৰ্তত দেশৰ আটাইতকৈ প্ৰভাৱশালী শিল্পীসকলৰ  ভিতৰৰে এজন৷ সমগীত জগতৰ উজ্জ্বল নক্ষত্ৰ হ’লেও পিছে  তেওঁ কেতিয়াও আকাশত ভাঁহি নাথাকে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে মাটিৰ লগত সংযোগ ৰাখিছে চলি আহিছে৷  

কেইমাহমান পূৰ্বে  অৰিজিত সিং  কলকাতালৈ গৈছিল আৰু প্ৰাণ ঢালি গীত গাইছিল৷ সেই অনুষ্ঠানত  যথেষ্ট ভিৰ হৈছিল৷ শেহতীয়াকৈ অৰিজিতে শিলিগুড়িৰ  কাঞ্চনজংঘা ষ্টেডিয়ামত এটা অনুষ্ঠান কৰিছে। তেওঁৰ সেই অনুষ্ঠানটোৰ বিষয়ে ছ’চিয়েল মিডিয়াত বেছ আলোচনা হৈছে৷ সচৰাচৰ বিখ্যাত শিল্পীসকলে দামী গাড়ীত উঠি অনুষ্ঠান কৰিবলৈ যায় যদিও অৰিজিত তাৰ ব্যতিক্ৰম৷ অৰিজিতে শিলিগুড়িলৈ গীত গাবলৈ যোৱাৰ সময়ত  বিলাসী গাড়ীত উঠি যোৱাৰ সলনি আন সাধাৰণ যাত্ৰীৰ সৈতে  ৰে’লেৰেই গৈছিল৷  
অনুষ্ঠানটোত প্ৰায় ১৪,০০০ দৰ্শক উপস্থিত আছিল। 

 তেওঁ আনকি বৰষুণৰ মাজতো গান গোৱা বন্ধ কৰা নাছিল। দৰ্শকৰ মন ভৰি পৰিছিল। অৰিজিত সিঙক এই অনুষ্ঠানটোৰ বাবে কিমান ধন পৰিশোধ কৰা হৈছিল? বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শিল্পীজনক শিলিগুৰিৰ অনুষ্ঠানটোৰ বাবে প্ৰায় ২.৫  কোটি টকা পৰিশোধ কৰা হৈছিল! কিন্তু আচৰিত কথাটো হ’ল অৰিজিতে এই টকাখিনিৰ এটা টকাও  নিজৰ বাবে নাৰাখিলে। অনুষ্ঠানটোৰ আয়োজকসকলৰ মতে এই ধন বিভিন্ন খণ্ডত ব্যয় কৰা হৈছে। 

তেওঁ শিশুসকলৰ চিকিৎসা, দৰিদ্ৰ শিশুসকলৰ হৃদযন্ত্ৰ উন্নত  চিকিৎসা, খেলপথাৰ, জিয়াগঞ্জৰ সংগীত বিদ্যালয়ৰ উন্নয়ন,  এখন চিকিৎসালয় নিৰ্মাণ কৰি আছে।সেই সকলোবোৰ সমাজসেৱামূলক কামৰ বাবেই অৰিজিতে শিলিগুড়িত পোৱা ২.৫ কোটি টকা ব্যয় কৰিছে৷ ইয়াৰ পূৰ্বে অৰিজিতে কৈছিল যে তেওঁ স্বামী বিবেকানন্দৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছে। 

শ্ৰোতাই তেওঁৰ গান শুনিবলৈ খৰচ কৰা ধন সমাজৰ বিভিন্ন উন্নয়নমূলক কামৰ  বাবে ব্যৱহাৰ কৰা হৈছে। এয়া কেৱল কোৱা কথাতে সীমাবদ্ধ হৈ থকা নাই,  অৰিজিতে সেয়া হাতে-কামে কৰিও দেখুৱাইছে৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী