--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ জনপ্ৰিয় শিল্পীসকলৰ ভিতৰত অৰিজিত সিং বৰ্তমান ভাৰতীয় সংগীত উদ্যোগৰ অন্যতম উজ্জ্বল তাৰকা। সকলোৱে তেওঁৰ সহজ-সৰল আচৰণ আৰু জীৱনশৈলীকলৈ কৌতূহলী৷ তেওঁৰ গানে কোটি কোটি ভাৰতীয়ৰ মন-প্ৰাণত আনন্দৰ  লহৰ তুলি আহিছে৷ অৰিজিত সিং এই মুহূৰ্তত দেশৰ আটাইতকৈ প্ৰভাৱশালী শিল্পীসকলৰ  ভিতৰৰে এজন৷ সমগীত জগতৰ উজ্জ্বল নক্ষত্ৰ হ’লেও পিছে  তেওঁ কেতিয়াও আকাশত ভাঁহি নাথাকে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে মাটিৰ লগত সংযোগ ৰাখিছে চলি আহিছে৷  

কেইমাহমান পূৰ্বে  অৰিজিত সিং  কলকাতালৈ গৈছিল আৰু প্ৰাণ ঢালি গীত গাইছিল৷ সেই অনুষ্ঠানত  যথেষ্ট ভিৰ হৈছিল৷ শেহতীয়াকৈ অৰিজিতে শিলিগুড়িৰ  কাঞ্চনজংঘা ষ্টেডিয়ামত এটা অনুষ্ঠান কৰিছে। তেওঁৰ সেই অনুষ্ঠানটোৰ বিষয়ে ছ’চিয়েল মিডিয়াত বেছ আলোচনা হৈছে৷ সচৰাচৰ বিখ্যাত শিল্পীসকলে দামী গাড়ীত উঠি অনুষ্ঠান কৰিবলৈ যায় যদিও অৰিজিত তাৰ ব্যতিক্ৰম৷ অৰিজিতে শিলিগুড়িলৈ গীত গাবলৈ যোৱাৰ সময়ত  বিলাসী গাড়ীত উঠি যোৱাৰ সলনি আন সাধাৰণ যাত্ৰীৰ সৈতে  ৰে’লেৰেই গৈছিল৷  
অনুষ্ঠানটোত প্ৰায় ১৪,০০০ দৰ্শক উপস্থিত আছিল। 

 তেওঁ আনকি বৰষুণৰ মাজতো গান গোৱা বন্ধ কৰা নাছিল। দৰ্শকৰ মন ভৰি পৰিছিল। অৰিজিত সিঙক এই অনুষ্ঠানটোৰ বাবে কিমান ধন পৰিশোধ কৰা হৈছিল? বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শিল্পীজনক শিলিগুৰিৰ অনুষ্ঠানটোৰ বাবে প্ৰায় ২.৫  কোটি টকা পৰিশোধ কৰা হৈছিল! কিন্তু আচৰিত কথাটো হ’ল অৰিজিতে এই টকাখিনিৰ এটা টকাও  নিজৰ বাবে নাৰাখিলে। অনুষ্ঠানটোৰ আয়োজকসকলৰ মতে এই ধন বিভিন্ন খণ্ডত ব্যয় কৰা হৈছে। 

তেওঁ শিশুসকলৰ চিকিৎসা, দৰিদ্ৰ শিশুসকলৰ হৃদযন্ত্ৰ উন্নত  চিকিৎসা, খেলপথাৰ, জিয়াগঞ্জৰ সংগীত বিদ্যালয়ৰ উন্নয়ন,  এখন চিকিৎসালয় নিৰ্মাণ কৰি আছে।সেই সকলোবোৰ সমাজসেৱামূলক কামৰ বাবেই অৰিজিতে শিলিগুড়িত পোৱা ২.৫ কোটি টকা ব্যয় কৰিছে৷ ইয়াৰ পূৰ্বে অৰিজিতে কৈছিল যে তেওঁ স্বামী বিবেকানন্দৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছে। 

শ্ৰোতাই তেওঁৰ গান শুনিবলৈ খৰচ কৰা ধন সমাজৰ বিভিন্ন উন্নয়নমূলক কামৰ  বাবে ব্যৱহাৰ কৰা হৈছে। এয়া কেৱল কোৱা কথাতে সীমাবদ্ধ হৈ থকা নাই,  অৰিজিতে সেয়া হাতে-কামে কৰিও দেখুৱাইছে৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস