--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদনান ছামি ভাৰতীয় নাগৰিকত্ব সৌজন্যতাৰে গ্ৰহণ কৰাৰ পিছৰে পৰা বিতৰ্কৰ অংশ হৈ আহিছে। এতিয়া তেওঁৰ ভাতৃ জুনেইদ ছামি খানে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত গায়কগৰাকীৰ বিষয়ে কিছু আচৰিত অথচ বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে।

জুনেইদে দীঘলীয়া পোষ্টটোত দাবী কৰিছে যে আদনান এজন ডাঙৰ মিছলীয়া যিয়ে আদালতত উপস্থাপন কৰিবলৈ তেওঁৰ দ্বিতীয় পত্নীৰ আপত্তিজনক ভিডিঅ’ বনাইছিল। আনকি তেওঁ দাবী কৰিছিল যে ছামিৰ ভুৱা ডিগ্ৰী আছে আৰু তেওঁ জেললৈয়ো গৈছে।

পোষ্টটোত সংগীতজ্ঞজনৰ ভাতৃয়ে আনকি তেওঁক কেৰিয়াৰত সহায় নকৰাৰ বাবে জেষ্ঠ ভাতৃক দোষাৰোপ কৰিছে। অৱশ্যে এতিয়া পোষ্টটো ডিলিট হৈছে যদিও অলপ সময়ৰ ভিতৰতে পোষ্টটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে৷

জুনেইদে লগতে পোষ্টটোত দাবী কৰিছে যে আদনান ছামীয়ে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল কাৰণ ভাৰতত তেওঁ ভাল পাৰিশ্ৰমিক লাভ কৰে যিটো পাকিস্তানত তেওঁ লাভ কৰিব নোৱাৰে। তেওঁ দাবী কৰিছিল যে তেওঁলোকৰ মাতৃ পাকিস্তানী, ভাৰতীয় নহয়, আদনান ছামীয়ে কোৱা কথা মিছা কথা। জুনেইদে তেওঁৰ পোষ্টটোত বহু প্ৰতিক্ৰিয়া লাভ কৰিছিল য’ত মানুহে ইয়াক ব্যক্তিগত বিষয় বুলি অভিহিত কৰি তেওঁক শান্ত কৰিবলৈ চেষ্টা কৰিছিল। জুনেইদে এনে প্ৰতিক্ৰিয়াৰ অন্তত উক্ত পোষ্টটো সামাজিক মাধ্যমৰ পৰা ডিলিট কৰে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস