--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ বিসৰ্জন দিয়া পঞ্জাৱৰ জনপ্ৰিয় শিল্পী  সিদ্ধু মুছেৱালাই পুনৰ সংবাদ শিৰোনাম দখল কৰিছে। মৃত্যুৰ পিছত মুক্তি লাভ কৰিছে মুছেৱালাৰ অন্তিমটো গীতে।  মুছেৱালাক গুলীয়াই হত্যা কৰাৰ পিছতো তেওঁৰ গীতসমূহে মানুহক আকৰ্ষণ কৰি আহিছে। 

গায়কজনৰ অফিচিয়েল ইনষ্টাগ্ৰাম আজিও চলি আছে। তেওঁৰ একাংশ অনুৰাগীয়েই চলাইছে আছে তেওঁৰ  অফিচিয়েল ইনষ্টাগ্ৰাম ।অনুৰাগীসকলৰ মৰমে সিদ্ধুক মুছেৱালাক আজিও যেন জীয়াই ৰাখিছে। শেহতীয়াকৈ মুছেৱালাৰ অফিচিয়েল ইনষ্টাগ্ৰামত তেওঁ গাই থৈ যোৱা   অন্তিমটো গান 'মেৰা না' মুকলি কৰা হৈছে। গীতটি শুনি অনুৰাগীসকলৰ চকু পুনৰ সেমেকি উঠিছে।অনুৰাগীসকলে তেওঁলোকৰ প্ৰিয় গায়কৰ কণ্ঠত নতুন গানটো শুনি আনন্দিত হৈছে। কিন্তু একেসময়তে সিদ্ধু আৰু নাই কথাষাৰ মনত পৰাত তেওঁলোক শোকদগ্ধ হৈ পৰিছে।  


 সিদ্ধুৰ শেষ গানটো মুক্তি পোৱাৰ লগে লগে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।সিদ্ধুৰ পিতৃ-মাতৃয়ে আগতে ঘোষণা কৰিছিল যে তেওঁৰ পুত্ৰৰ অন্তিমটো গীত শীঘ্ৰে মুক্তি দিয়া হ’ব। সেইমৰ্মে  মুছেৱালাই গোৱা অন্তিমটো গীত মুক্তি দিয়া হৈছে। এগৰাকী শিল্পী হিচাপে সিদ্ধুৰ জনপ্ৰিয়তা আছিল কল্পনাতীত। উল্লেখ্য  সিদ্ধুৰ মৃত্যুৰ পিছত মুক্তি পোৱা তেওঁৰ এইটো তৃতীয় গান।উল্লেখ্য লৰেন্স বিষ্ণোইৰ দলে  সিদ্ধুৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে। 

সিদ্ধুৰ ঘনিষ্ঠ গায়ক মিকা সিঙে  কৈছে  "পঞ্জাৱ এতিয়া শিল্পীসকলৰ বাবে সুৰক্ষিত নহয়। কেৱল পঞ্জাৱতে নহয়, সিদ্ধুৰ মৃত্যুৰ পিছত, অভিনেতা চলমান খান আৰু তেওঁৰ পিতৃ  চেলিম খানেও মুম্বাই চহৰত মৃত্যুৰ ভাবুকি লাভ কৰিছে’’। আৰক্ষীয়ে সিদ্ধুক হত্যা কৰাৰ অভিযোগত লৰেন্সৰ দলটোৰ বহু কেইজন সদস্যক ক গ্ৰেপ্তাৰ কৰিছে।উল্লেখ্য  ২০২২ চনৰ ২৯ মে'ত সিদ্ধুক দুৰ্বৃত্তই নিজৰ গাঁৱতে নিৰ্মমভাৱে হত্যা কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস