--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ বিসৰ্জন দিয়া পঞ্জাৱৰ জনপ্ৰিয় শিল্পী  সিদ্ধু মুছেৱালাই পুনৰ সংবাদ শিৰোনাম দখল কৰিছে। মৃত্যুৰ পিছত মুক্তি লাভ কৰিছে মুছেৱালাৰ অন্তিমটো গীতে।  মুছেৱালাক গুলীয়াই হত্যা কৰাৰ পিছতো তেওঁৰ গীতসমূহে মানুহক আকৰ্ষণ কৰি আহিছে। 

গায়কজনৰ অফিচিয়েল ইনষ্টাগ্ৰাম আজিও চলি আছে। তেওঁৰ একাংশ অনুৰাগীয়েই চলাইছে আছে তেওঁৰ  অফিচিয়েল ইনষ্টাগ্ৰাম ।অনুৰাগীসকলৰ মৰমে সিদ্ধুক মুছেৱালাক আজিও যেন জীয়াই ৰাখিছে। শেহতীয়াকৈ মুছেৱালাৰ অফিচিয়েল ইনষ্টাগ্ৰামত তেওঁ গাই থৈ যোৱা   অন্তিমটো গান 'মেৰা না' মুকলি কৰা হৈছে। গীতটি শুনি অনুৰাগীসকলৰ চকু পুনৰ সেমেকি উঠিছে।অনুৰাগীসকলে তেওঁলোকৰ প্ৰিয় গায়কৰ কণ্ঠত নতুন গানটো শুনি আনন্দিত হৈছে। কিন্তু একেসময়তে সিদ্ধু আৰু নাই কথাষাৰ মনত পৰাত তেওঁলোক শোকদগ্ধ হৈ পৰিছে।  


 সিদ্ধুৰ শেষ গানটো মুক্তি পোৱাৰ লগে লগে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।সিদ্ধুৰ পিতৃ-মাতৃয়ে আগতে ঘোষণা কৰিছিল যে তেওঁৰ পুত্ৰৰ অন্তিমটো গীত শীঘ্ৰে মুক্তি দিয়া হ’ব। সেইমৰ্মে  মুছেৱালাই গোৱা অন্তিমটো গীত মুক্তি দিয়া হৈছে। এগৰাকী শিল্পী হিচাপে সিদ্ধুৰ জনপ্ৰিয়তা আছিল কল্পনাতীত। উল্লেখ্য  সিদ্ধুৰ মৃত্যুৰ পিছত মুক্তি পোৱা তেওঁৰ এইটো তৃতীয় গান।উল্লেখ্য লৰেন্স বিষ্ণোইৰ দলে  সিদ্ধুৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে। 

সিদ্ধুৰ ঘনিষ্ঠ গায়ক মিকা সিঙে  কৈছে  "পঞ্জাৱ এতিয়া শিল্পীসকলৰ বাবে সুৰক্ষিত নহয়। কেৱল পঞ্জাৱতে নহয়, সিদ্ধুৰ মৃত্যুৰ পিছত, অভিনেতা চলমান খান আৰু তেওঁৰ পিতৃ  চেলিম খানেও মুম্বাই চহৰত মৃত্যুৰ ভাবুকি লাভ কৰিছে’’। আৰক্ষীয়ে সিদ্ধুক হত্যা কৰাৰ অভিযোগত লৰেন্সৰ দলটোৰ বহু কেইজন সদস্যক ক গ্ৰেপ্তাৰ কৰিছে।উল্লেখ্য  ২০২২ চনৰ ২৯ মে'ত সিদ্ধুক দুৰ্বৃত্তই নিজৰ গাঁৱতে নিৰ্মমভাৱে হত্যা কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী