--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন দুই লাখ জনসংখ্যাৰ চহৰত লকডাউন ঘোষণা কৰিলে উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে। কিন্তু কিয় ঘোষণা কৰা হ’ল লকডাউন? দৰাচলতে উত্তৰ কোৰিয়াৰ সেনাৰ পৰা  ৬৫৩ টা গুলী চুৰি হৈছে। ইয়াৰ  পিছতে কিম জং উনে সমগ্ৰ চহৰ এখনত লকডাউন ঘোষণা কৰিছে। উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনৰ এনে ঘোষণাই এতিয়া চহৰ খনৰ মানুহক সমস্যাত পেলাইছে।

কিম জঙে  কয় যে দুই লাখতকৈ অধিক জনসংখ্যাৰ হাইচান চহৰখনক ৬৫৩ টা গুলী বিচাৰি  নোপোৱালৈকে লকডাউনত ৰখা হ'ব। ৰেডিঅ' ফ্ৰী এছিয়াৰ মতে সেনাই বেৰেকলৈ ঘূৰি অহাৰ সময়তে  ৬৫৩ টা বন্দুকৰ গুলী নাইকিয়া হৈছে। ইয়াৰ পিছত, কিম জঙে কৰ্তৃপক্ষক সমগ্ৰ চহৰখন তন্ন তন্ন কৈ তালাচী চলাবলৈ  নিৰ্দেশ দিছে। ৰায়ংগাঙৰ এজন বাসিন্দাই কৈছে যে চহৰখনত  ৬৫৩  টা গুলী বিচাৰি নোপোৱালৈকে লকডাউন বাহাল থাকিব। 

৭ মাৰ্চত কোৰিয়ান পিপলছ আৰ্মীৰ ৭ম বেটেলিয়ন এই অঞ্চলৰ পৰা বেৰেকলৈ উভতি  আহিছিল। কৰোনা মহামাৰীৰ সময়তে চহৰ খনত সেনা মোতায়েন কৰা হৈছিল আৰু কৰোনা সংকট সমাপ্ত হোৱাৰ পিছত তেওঁলোকক পুনৰ বেৰেকলৈ ঘূৰাই  অনা হৈছিল। এই সময়ছোৱাত ৬৫৩  টা গুলী হেৰুওৱাৰ  ঘটনাটো ঘটে । এতিয়া এই গুলীবিলাকৰ সন্ধানৰ বাবে চহৰখনত তালাচী  চলি আছে। 

প্ৰথমে, সৈন্যসকলে বিষয়টো কাকো  নজনোৱাকৈয়ে  নিজে গুলীবিলাক বিচাৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু যেতিয়া তেওঁলোকে গুলীৰ সন্ধান উলিয়াব নোৱাৰিলে তেতিয়াই কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰে। 
চহৰখনত গুলীৰ অনুসন্ধানত তালাচী  অভিযান চলি আছে। ইয়াৰ বাবে সমগ্ৰ চহৰখন বন্ধ কৰি দিয়া হৈছে। আৰক্ষী আৰু সেনাই যুটীয়াভাৱে ঘৰে ঘৰে তালাচী চলাই আছে।  ইয়াৰ আগতেও একনায়ক কিম জং উনে বহু অদ্ভুত আদেশ জাৰি কৰিছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা