--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন দুই লাখ জনসংখ্যাৰ চহৰত লকডাউন ঘোষণা কৰিলে উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে। কিন্তু কিয় ঘোষণা কৰা হ’ল লকডাউন? দৰাচলতে উত্তৰ কোৰিয়াৰ সেনাৰ পৰা  ৬৫৩ টা গুলী চুৰি হৈছে। ইয়াৰ  পিছতে কিম জং উনে সমগ্ৰ চহৰ এখনত লকডাউন ঘোষণা কৰিছে। উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনৰ এনে ঘোষণাই এতিয়া চহৰ খনৰ মানুহক সমস্যাত পেলাইছে।

কিম জঙে  কয় যে দুই লাখতকৈ অধিক জনসংখ্যাৰ হাইচান চহৰখনক ৬৫৩ টা গুলী বিচাৰি  নোপোৱালৈকে লকডাউনত ৰখা হ'ব। ৰেডিঅ' ফ্ৰী এছিয়াৰ মতে সেনাই বেৰেকলৈ ঘূৰি অহাৰ সময়তে  ৬৫৩ টা বন্দুকৰ গুলী নাইকিয়া হৈছে। ইয়াৰ পিছত, কিম জঙে কৰ্তৃপক্ষক সমগ্ৰ চহৰখন তন্ন তন্ন কৈ তালাচী চলাবলৈ  নিৰ্দেশ দিছে। ৰায়ংগাঙৰ এজন বাসিন্দাই কৈছে যে চহৰখনত  ৬৫৩  টা গুলী বিচাৰি নোপোৱালৈকে লকডাউন বাহাল থাকিব। 

৭ মাৰ্চত কোৰিয়ান পিপলছ আৰ্মীৰ ৭ম বেটেলিয়ন এই অঞ্চলৰ পৰা বেৰেকলৈ উভতি  আহিছিল। কৰোনা মহামাৰীৰ সময়তে চহৰ খনত সেনা মোতায়েন কৰা হৈছিল আৰু কৰোনা সংকট সমাপ্ত হোৱাৰ পিছত তেওঁলোকক পুনৰ বেৰেকলৈ ঘূৰাই  অনা হৈছিল। এই সময়ছোৱাত ৬৫৩  টা গুলী হেৰুওৱাৰ  ঘটনাটো ঘটে । এতিয়া এই গুলীবিলাকৰ সন্ধানৰ বাবে চহৰখনত তালাচী  চলি আছে। 

প্ৰথমে, সৈন্যসকলে বিষয়টো কাকো  নজনোৱাকৈয়ে  নিজে গুলীবিলাক বিচাৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু যেতিয়া তেওঁলোকে গুলীৰ সন্ধান উলিয়াব নোৱাৰিলে তেতিয়াই কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰে। 
চহৰখনত গুলীৰ অনুসন্ধানত তালাচী  অভিযান চলি আছে। ইয়াৰ বাবে সমগ্ৰ চহৰখন বন্ধ কৰি দিয়া হৈছে। আৰক্ষী আৰু সেনাই যুটীয়াভাৱে ঘৰে ঘৰে তালাচী চলাই আছে।  ইয়াৰ আগতেও একনায়ক কিম জং উনে বহু অদ্ভুত আদেশ জাৰি কৰিছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement