--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনত শেহতীয়াকৈ কোভিডত আক্ৰান্ত লোকৰ সংখ্যা ভয়াৱহভাবে বাঢ়িছে।দেশ খনৰ চৰকাৰে কোভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেইবা খনো প্ৰদেশত লকডাউন ঘোষণা কৰিছে। কিন্তু কোভিডৰ সংক্ৰমণ বৃদ্ধি পালেও চীনৰ  জনসাধাৰণে লকডাউনৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে। সেয়ে লকডাউনৰ বিৰুদ্ধে দেওবাৰে পুৱা ছাংহাইত জিনপিং প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে। হাজাৰ হাজাৰ লোকে লকডাউনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে।তেওঁলোকৰ একমাত্ৰ দাবী হ'ল চীনৰ সকলো অঞ্চলৰ পৰা লকডাউন উঠাই লোৱা হওঁক।

ইফালে বেইজিঙকে ধৰি কেইবাখনো চহৰলৈ নতুনকৈ  কৰোনাৰ সংক্ৰমণ বিয়পি পৰিছে। যোৱা চাৰি দিন ধৰি দৈনিক কৰোনা ভাইৰাছত সংক্ৰমিত ৰোগীৰ সংখ্যা প্ৰায় ৪,০০০হৈছে। ২৬ নৱেম্বৰৰ তথ্য  অনুসৰি চীনত নতুনকৈ  কৰোনা সংক্ৰমণৰ মুঠ সংখ্যা হৈছে ৩৯,৭৯১। তাৰে ভিতৰত, ৩,৭০৯ জনৰ দেহত কোভিডৰ লক্ষণ আছে। 

আক্ৰান্ত ৩৬ হাজাৰ ৮২ জন লোক লক্ষণহীন।ইতিমধ্যে নতুনকৈ এজন  ব্যক্তিৰো মৃত্যু হৈছে।সেয়ে কোভিডকলৈ  সামগ্ৰিকভাৱে জিনপিং প্ৰশাসনৰ মূৰৰ বিষ পুনৰ বৃদ্ধি পাইছে।

কোভিডৰ সংক্ৰমণৰ লগতে জনতাৰ  প্ৰতিবাদে চীনা প্ৰশাসনৰ মূৰৰ বিষ বৃদ্ধি কৰিছে। কেইদিনমান আগতে উৰুমকী চহৰৰ এটা ঘৰত জুই লাগি ১০ জন লোকৰ মৃত্যু হৈছিল। অভিযোগ কৰা হৈছে যে বহু মহলীয়া ভৱনটোৰ চাৰিওফালে লকডাউন চলি থকাৰ  বাবেই ভৱনটোৰ বাসিন্দাসকলে  পলাই সাৰিব  নোৱাৰিলে। 

তেতিয়াৰে পৰা সমগ্ৰ দেশখনতে লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে।আজি  পুৱা বহু লোকে ছাংহাই প্ৰদেশত জিনপিং প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সমবেত হয়। সকলোৰে একেই দাবী-  চীনৰ সকলো প্ৰান্তৰ পৰা কঠোৰ লকডাউন উঠাই লোৱা উচিত। তেওঁলোকে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ শাসনৰ সমাপ্তিৰ বাবেও দাবী জনাইছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক