--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনত শেহতীয়াকৈ কোভিডত আক্ৰান্ত লোকৰ সংখ্যা ভয়াৱহভাবে বাঢ়িছে।দেশ খনৰ চৰকাৰে কোভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেইবা খনো প্ৰদেশত লকডাউন ঘোষণা কৰিছে। কিন্তু কোভিডৰ সংক্ৰমণ বৃদ্ধি পালেও চীনৰ  জনসাধাৰণে লকডাউনৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে। সেয়ে লকডাউনৰ বিৰুদ্ধে দেওবাৰে পুৱা ছাংহাইত জিনপিং প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে। হাজাৰ হাজাৰ লোকে লকডাউনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে।তেওঁলোকৰ একমাত্ৰ দাবী হ'ল চীনৰ সকলো অঞ্চলৰ পৰা লকডাউন উঠাই লোৱা হওঁক।

ইফালে বেইজিঙকে ধৰি কেইবাখনো চহৰলৈ নতুনকৈ  কৰোনাৰ সংক্ৰমণ বিয়পি পৰিছে। যোৱা চাৰি দিন ধৰি দৈনিক কৰোনা ভাইৰাছত সংক্ৰমিত ৰোগীৰ সংখ্যা প্ৰায় ৪,০০০হৈছে। ২৬ নৱেম্বৰৰ তথ্য  অনুসৰি চীনত নতুনকৈ  কৰোনা সংক্ৰমণৰ মুঠ সংখ্যা হৈছে ৩৯,৭৯১। তাৰে ভিতৰত, ৩,৭০৯ জনৰ দেহত কোভিডৰ লক্ষণ আছে। 

আক্ৰান্ত ৩৬ হাজাৰ ৮২ জন লোক লক্ষণহীন।ইতিমধ্যে নতুনকৈ এজন  ব্যক্তিৰো মৃত্যু হৈছে।সেয়ে কোভিডকলৈ  সামগ্ৰিকভাৱে জিনপিং প্ৰশাসনৰ মূৰৰ বিষ পুনৰ বৃদ্ধি পাইছে।

কোভিডৰ সংক্ৰমণৰ লগতে জনতাৰ  প্ৰতিবাদে চীনা প্ৰশাসনৰ মূৰৰ বিষ বৃদ্ধি কৰিছে। কেইদিনমান আগতে উৰুমকী চহৰৰ এটা ঘৰত জুই লাগি ১০ জন লোকৰ মৃত্যু হৈছিল। অভিযোগ কৰা হৈছে যে বহু মহলীয়া ভৱনটোৰ চাৰিওফালে লকডাউন চলি থকাৰ  বাবেই ভৱনটোৰ বাসিন্দাসকলে  পলাই সাৰিব  নোৱাৰিলে। 

তেতিয়াৰে পৰা সমগ্ৰ দেশখনতে লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে।আজি  পুৱা বহু লোকে ছাংহাই প্ৰদেশত জিনপিং প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সমবেত হয়। সকলোৰে একেই দাবী-  চীনৰ সকলো প্ৰান্তৰ পৰা কঠোৰ লকডাউন উঠাই লোৱা উচিত। তেওঁলোকে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ শাসনৰ সমাপ্তিৰ বাবেও দাবী জনাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিলে ভাৰতে পৰিণাম ভুগিব লাগিব! আমেৰিকাৰ সকীয়নি
ছালৰ যতন লওক দৈনিক, এই সমূহ অভ্যাসে আপোনাৰ ছাল সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব
ৰমেন দাই পুৱা পিন্ধা কাপোযোৰ গধূলি নিপিন্ধে,মই নাভাবোঁ ৰমেন দা ঘূৰি আহিব: দ্বীপেন বৰুৱা
জে পি দাসলৈ জীৱনজোৰা সংগীত কর্ম বঁটা
নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান! পাৰমাণৱিক কেন্দ্ৰৰ ওচৰতে পৰিল শ্বাহীন-৩
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন