--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ বিভিন্ন দেশত এতিয়া কোভিডৰ নতুন ঢৌ আহিছে। অৱশ্যে আৰম্ভনিৰ তুলনাত কোভিডৰ শেহতীয়া ঢৌ সমূহৰ শক্তি যেন ভালে খিনি হ্ৰাস পাইছে।ভাৰততো দৈনিক আক্ৰান্ত ৰোগীৰ সংখ্যা কিছু কমিছে যদিও কোভিডৰ আতংকৰ পৰা এতিয়াও দেশ খন মুক্ত হ’বলৈ যেন বহু বাকী।যোৱা ২৪ ঘণ্টাত, দেশত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা ১০,০০০  তললৈ হ্ৰাস পাইছে, মৃত্যুৰ সংখ্যাও অলপ কমিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশত বিগত ২৪ ঘণ্টাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৯,৫৩১ গৰাকী। যোৱা ২৪ ঘণ্টাত, দেশত কোভিডত আক্ৰান্ত হৈ   ৩৬  জন লোকৰ মৃত্যু হৈছে।

একেৰাহে যোৱা চাৰিদিন ধৰি, দেশত কোভিডৰ দৈনিক সংক্ৰমণ  ১০,০০০ ৰ ওপৰত আছিল৷ কিন্তু যোৱা ২৪ ঘণ্টাত, ই ১০,০০০-ৰ তললৈ নামিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কোভিড বুলেটিন অনুসৰি যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্ৰ এতিয়াও দৈনিক সংক্ৰমণৰ শীৰ্ষত আছে। যোৱা ২৪ ঘণ্টাত, মহাৰাষ্ট্ৰত ১,৮৩২ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। 

ইয়াৰ পিছত আছে কেৰালা (১,০৮৯), দিল্লী (৯৪২) আৰু কৰ্ণাটক (৭২০)।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কোভিড বুলেটিন অনুসৰি, যোৱা ২৪ ঘণ্টাত কোভিডত ৩৬ জন লোকৰ মৃত্যু হৈছে। পশ্চিম বংগ আৰু ৰাজস্থানত চাৰিজন , মহাৰাষ্ট্ৰ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ, হিমাচল প্ৰদেশ আৰু মণিপুৰত দুজনকৈ লোকৰ মৃত্যু ঘটিছে। ছত্তীশগড়, মেঘালয়, মধ্য প্ৰদেশ আৰু উৰিষ্যাত এজনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। দেওবাৰে, মৃত্যুৰ সংখ্যা আছিল ৪৩। এতিয়ালৈকে, দেশত কোভিডত আক্ৰান্ত হৈ  ৫লাখ ২৯ হাজাৰ ৯৩১ জন লোকৰ মৃত্যু হৈছে।

যোৱা ২৪ ঘণ্টাত দেশত দৈনিক সংক্ৰমণৰ হাৰ ৪.১৫ শতাংশ হৈছে। দেওবাৰে দৈনিক ইতিবাচকতাৰ হাৰ আছিল ৩.৭৫ শতাংশ। ইতিবাচকতাৰ হাৰ বা সংক্ৰমণৰ হাৰ হৈছে কোভিডৰ  ইতিবাচক পৰীক্ষাৰ ফলাফল অহা  লোকৰ শতাংশ হাৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ১১,৭২৬ গৰাকী লোক কোভিডৰ পৰা আৰোগ্য হৈছে। দেশজুৰি ৪ কোটি ৩৭ লাখ ২৩ হাজাৰ ৯৪৪ জন লোক এতিয়ালৈকে কোভিডৰ পৰা আৰোগ্য লাভ কৰিছে ৷ বৰ্তমানআৰোগ্যৰ  হাৰ হৈছে ৯৮.৫৯ শতাংশ। এতিয়ালৈকে, দেশত ২১০ কোটি ২ লাখ ৪০হাজাৰ ৩৬১ টা ভেকচিন প্ৰদান কৰা   হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু