--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ বিভিন্ন দেশত এতিয়া কোভিডৰ নতুন ঢৌ আহিছে। অৱশ্যে আৰম্ভনিৰ তুলনাত কোভিডৰ শেহতীয়া ঢৌ সমূহৰ শক্তি যেন ভালে খিনি হ্ৰাস পাইছে।ভাৰততো দৈনিক আক্ৰান্ত ৰোগীৰ সংখ্যা কিছু কমিছে যদিও কোভিডৰ আতংকৰ পৰা এতিয়াও দেশ খন মুক্ত হ’বলৈ যেন বহু বাকী।যোৱা ২৪ ঘণ্টাত, দেশত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা ১০,০০০  তললৈ হ্ৰাস পাইছে, মৃত্যুৰ সংখ্যাও অলপ কমিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশত বিগত ২৪ ঘণ্টাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৯,৫৩১ গৰাকী। যোৱা ২৪ ঘণ্টাত, দেশত কোভিডত আক্ৰান্ত হৈ   ৩৬  জন লোকৰ মৃত্যু হৈছে।

একেৰাহে যোৱা চাৰিদিন ধৰি, দেশত কোভিডৰ দৈনিক সংক্ৰমণ  ১০,০০০ ৰ ওপৰত আছিল৷ কিন্তু যোৱা ২৪ ঘণ্টাত, ই ১০,০০০-ৰ তললৈ নামিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কোভিড বুলেটিন অনুসৰি যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্ৰ এতিয়াও দৈনিক সংক্ৰমণৰ শীৰ্ষত আছে। যোৱা ২৪ ঘণ্টাত, মহাৰাষ্ট্ৰত ১,৮৩২ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। 

ইয়াৰ পিছত আছে কেৰালা (১,০৮৯), দিল্লী (৯৪২) আৰু কৰ্ণাটক (৭২০)।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কোভিড বুলেটিন অনুসৰি, যোৱা ২৪ ঘণ্টাত কোভিডত ৩৬ জন লোকৰ মৃত্যু হৈছে। পশ্চিম বংগ আৰু ৰাজস্থানত চাৰিজন , মহাৰাষ্ট্ৰ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ, হিমাচল প্ৰদেশ আৰু মণিপুৰত দুজনকৈ লোকৰ মৃত্যু ঘটিছে। ছত্তীশগড়, মেঘালয়, মধ্য প্ৰদেশ আৰু উৰিষ্যাত এজনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। দেওবাৰে, মৃত্যুৰ সংখ্যা আছিল ৪৩। এতিয়ালৈকে, দেশত কোভিডত আক্ৰান্ত হৈ  ৫লাখ ২৯ হাজাৰ ৯৩১ জন লোকৰ মৃত্যু হৈছে।

যোৱা ২৪ ঘণ্টাত দেশত দৈনিক সংক্ৰমণৰ হাৰ ৪.১৫ শতাংশ হৈছে। দেওবাৰে দৈনিক ইতিবাচকতাৰ হাৰ আছিল ৩.৭৫ শতাংশ। ইতিবাচকতাৰ হাৰ বা সংক্ৰমণৰ হাৰ হৈছে কোভিডৰ  ইতিবাচক পৰীক্ষাৰ ফলাফল অহা  লোকৰ শতাংশ হাৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ১১,৭২৬ গৰাকী লোক কোভিডৰ পৰা আৰোগ্য হৈছে। দেশজুৰি ৪ কোটি ৩৭ লাখ ২৩ হাজাৰ ৯৪৪ জন লোক এতিয়ালৈকে কোভিডৰ পৰা আৰোগ্য লাভ কৰিছে ৷ বৰ্তমানআৰোগ্যৰ  হাৰ হৈছে ৯৮.৫৯ শতাংশ। এতিয়ালৈকে, দেশত ২১০ কোটি ২ লাখ ৪০হাজাৰ ৩৬১ টা ভেকচিন প্ৰদান কৰা   হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ