--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজনৈতিক স্বাৰ্থত চিবিআই, এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, নিয়া ইত্যাদি কেন্দ্ৰীয় স্বতন্ত্ৰ তদন্ত সংস্থাসমূহক ব্যৱহাৰ কৰিছে শাসনাধিষ্ঠ বিজেপি চৰকাৰে- দেশৰ বিৰোধী দলসমূহে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে এই অভিযোগ উত্থাপন কৰি আহিছে। বিৰোধী ৰাজনৈতিক দলসমূহৰ  শীৰ্ষস্থানীয় কিছু নেতাৰ বিৰুদ্ধে শেহতীয়াকৈ ইডি- কে ধৰি তদন্তকাৰী সংস্থাসমূহে অভিযান চলোৱাৰ দৃশ্য বিগত সময়চোৱাত সহজলভ্য হৈ পৰিছে। কেৱল বিজেপি চৰকাৰৰ পথত হেঙাৰ হিচাপে থিয় দিয়া বিৰোধী দলসমূহক দমন কৰি নিজৰ ক্ষমতাৰ পথ নিষ্কণ্টক কৰাৰ উদ্দেশ্যেই বিজেপিয়ে বিৰোধী দলসমূহৰ বিৰুদ্ধে এনেদৰে তদন্ত সংস্থাসমূহক ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। 

দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধী, শিৱসেনাৰ সঞ্জয় ৰাউট, পশ্চিম বংগত তৃণমূল কংগ্ৰেছ আৰু শেহতীয়াকৈ দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা আপৰ নেতা মনীষ চিছ’দিয়াৰ বিৰুদ্ধে অভিযান চলাইছে তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট আৰু চিবিআই- এ। তদন্ত সংস্থাকেইটাৰ এনে অভিযানক বিজেপিৰ ৰাজনৈতিক হাতোৰাৰ এক ষড়যন্ত্ৰ বুলি ধাৰাবাহিভাৱে উঠি অহা অভিযোগৰ মাজতে এইবাৰ দলটোৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মনীষ চিছ’দিয়াই। 

নতুন সুৰা নীতিত অনিয়মৰ অভিযোগ তুলি সম্প্ৰতি চিবিআইয়ে মনীষ চিছ’দিয়াৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। চিছ’দিয়াৰ লগতে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে বিজেপিয়ে আপৰ কৰ্মমুখী ৰাজনীতিত ভীতিগ্ৰস্ত হৈয়ে চিবিআই- ক এনেদৰে ব্যৱহাৰ কৰিছে বুলি অভিযোগ তুলিছে। শেহতীয়াকৈ দেশৰ ৰাজনীতিত বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দী হিচাপে আপৰ গুৰুত্বপূৰ্ণ উত্থান ঘটিছে। এনে উত্থানত শংকিত হৈয়ে বিজেপিয়ে চিছ’দিয়াক লক্ষ্য কৰি লৈছে বুলি আপে দাবী কৰিছে।

এনে অভিযোগ তথা দাবীৰ মাজতে আজি মনীষ চিছ’দিয়াই উদঙাই দিছে বিজেপিৰ এই নিকৃষ্ট ৰাজনীতিৰ স্বৰূপ। আজি এই টুইট যোগে চিছ’দিয়াই দাবী কৰিছে যে যদি তেওঁ আম আদমী পাৰ্টি (আপ) ত্যাগ কৰে, তেতিয়া তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো গোচৰ বন্ধ কৰা হ’ব বুলি বিজেপিয়ে এক প্ৰস্তাৱ আগবঢ়াইছে।

টুইটটোত চিছ’দিয়াই কয়, “"মই বিজেপিৰ পৰা এটা বাৰ্তা পাইছো। বাৰ্তাটোত কোৱা হৈছে, আপ ত্যাগ কৰক আৰু বিজেপিত যোগদান কৰক, আপোনাৰ বিৰুদ্ধে চিবিআই আৰু ইডিৰ সকলো গোচৰ বন্ধ কৰা হ'ব।” বিজেপিৰ এই প্ৰস্তাৱ নাকচ কৰি চিছ’দিয়াই নিজকে মহাৰাণা প্ৰতাপৰ বংশধৰ আৰু এগৰাকী ৰাজপুত হিচাপে পৰিচয় দি বিজেপিয়ে যি কৰিব বিচাৰে সেয়াই কৰক বুলি প্ৰত্যাহ্বান জনায়। 

চিছ’দিয়াই কয়, “ মই মহাৰাণা প্ৰতাপৰ বংশধৰ আৰু এগৰাকী ৰাজপুত। মই শিৰচ্ছেদ কৰিবলৈ সাজু, কিন্তু ষড়যন্ত্ৰকাৰী আৰু দুৰ্নীতিগ্ৰস্ত লোকসকলৰ সন্মুখত কেতিয়াও শিৰনত নকৰোঁ। মোৰ বিৰুদ্ধে উত্থাপিত সকলো গোচৰেই মিছা। আপোনালোকে যি কৰিব বিচাৰে সেয়াই কৰক।" 

আনহাতে চিছ’দিয়াৰ এই অভিযোগ খণ্ডন কৰিছে বিজেপি নেতা মনোজ তিৱাৰীয়ে। তিৱাৰীয়ে দাবী কৰে যে আপ নেতাগৰাকী দুৰ্নীতিত ধৰা পৰিছে আৰু সেয়েহে তেওঁ মুখৰোচক কাহিনী প্ৰস্তুত কৰিছে। মনোজ তিৱাৰীয়ে লগতে মনীষ চিছ’দিয়াৰ দৰে দুৰ্নীতিগ্ৰস্ত লোকৰ বিজেপিত ঠাই নাই বুলি মন্তব্য কৰি মহাৰণা প্ৰতাপৰ সৈতে চিছ’দিয়াই নিজক তুলনা কৰাটো লজ্জাজনক বুলি আপ নেতাগৰাকীক আক্ৰমণ কৰে। 

ইফালে আপ নেতা সৌৰভ ভৰদ্বাজে চিছ’দিয়াৰ এই অভিযোগক সমৰ্থন কৰি কয় যে বিজেপিয়ে বিৰোধী দলসমূহৰ নেতাসকলক তদন্তৰ বাবে হেঁচা দিয়া আৰু তাৰ পিছত তেওঁলোকে দল সলনি কৰাৰ পিছত গোচৰ প্ৰত্যাহাৰৰ অলেখ উদাহৰণ আছে।

চিছ’দিয়াই বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰা এই অভিযোগ কিমানদূৰ সত্য তাৰ কোনো প্ৰমাণ দাঙি ধৰা নাই যদিও, বিজেপিৰ এই ৰাজনৈতিক ষড়যন্ত্ৰৰ কথা নাকচ কৰিব নোৱাৰি। বিগত সময়ৰ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পট পৰিৱৰ্তনটো বিজেপিৰ এই ষড়যন্ত্ৰ জড়িত আছিল বুলি অভিযোগ উঠিছিল। 

মহাৰাষ্ট্ৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ নেতা একনাথ সিন্ধেসহ একাংশ নেতাৰ বিৰুদ্ধে বিজেপিয়ে বিত্তীয় অনিয়মৰ দোহাই দি তদন্ত আৰম্ভ কৰাৰ ভয় দেখুওৱাৰ পাছতে সিন্ধে শিবিৰে উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে বিসম্বাদত লিপ্ত হৈছিল বুলি বাতৰি প্ৰকাশ পাইছিল। উদ্ধৱ ঠাকৰে শিবিৰৰ নেতা সঞ্জয় ৰাউটে এই সন্দৰ্ভত তেওঁৰ ওচৰত পৰ্যাপ্ত প্ৰমাণ থকা বুলিও দাবী কৰিছিল। ইয়াৰ পাছতে সিন্ধেই বিজেপিৰ লগ হৈ মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰাৰ লগে লগে এই অভিযোগ অধিক গাঢ় হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ