--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বত এতিয়া কোভিডৰ ত্ৰাস৷ এনে ত্ৰাসৰ মাজতে আন এক বীজাণুৱে এতিয়া বিশ্ববাসীৰ মাজত আন এক আতংকৰ সৃষ্টি কৰিছে৷ এই বীজাণু বিধে পোণে পোণে মানুহৰ মগজুত আক্ৰমণ কৰে৷ মগজুত আক্ৰমণ কৰি বীজাণু বিধে মানুহ এজনক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে৷ বীজাণু বুলি ক’লেও আচলতে ই এক বেক্টেৰিয়াহে৷ 

শেহতীয়াকৈ   দক্ষিণ কোৰিয়াত ধৰা পৰিছে এই  বেক্টেৰিয়াৰ৷ ইয়াৰ পূৰ্বে আমেৰিকাতো এই বেক্টেৰিয়াই ত্ৰাসৰ সৃষ্টি কৰিছিল৷    দক্ষিণ কোৰিয়াত নেগলাৰিয়া ফাউলাৰি বা "মগজু খোৱা এমিবা" নামৰ বেক্টেৰিয়া বিধৰ  সংক্ৰমণ ধৰা পৰাৰ লগতে এজন লোকৰ মৃত্যুও ঘটিছে৷ । কোৰিয়া ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ সংস্থাই (কেডিচিএ) নিশ্চিত কৰিছে যে থাইলেণ্ডৰ পৰা উভতি অহাৰ পিছত মৃত্যু হোৱা এজন কোৰিয়ান নাগৰিক নেগলাৰিয়া ফাউলাৰিৰ দ্বাৰা সংক্ৰমিত হৈ মৃত্যু ঘটিছে।

 ৫০ বছৰ বয়সৰ লোকজন দক্ষিণ-পূব এছিয়াৰ দেশখনত চাৰি মাহ থকাৰ পিছত ১০ ডিচেম্বৰত কোৰিয়ালৈ উভতি আহিছিল আৰু পিছদিনা তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু  তেওঁৰ মৃত্যু হয়। উল্লেখ্য ২০২০ চনত আমেৰিকাত এই ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছিল।

আচলতে ই এবিধ  নতুন বেক্টেৰিয়া আৰু মানুহৰ মগজুক  আক্ৰমণ কৰি ধ্বংস কৰে।  পানীৰ জৰিয়তে বিয়পি পৰা এই বেক্টেৰিয়া বিধৰ আক্ৰমণৰ লক্ষ্য হৈছে মানুহৰ মগজু।এই বেক্টেৰিয়াই  মগজুত আক্ৰমণ চলায় আৰু মগজুৰ কোষসমূহ কুটি কুটি খাবলৈ আৰম্ভ কৰে।২০২০ চনত আমেৰিকাৰ টেক্সাছৰ লেক জেকচন অঞ্চলৰ পানীৰ টেপ সমূহত বিয়পি পৰিছিল নেগলাৰিয়া ফাউলাৰি   নামৰ মাৰাত্মক বেক্টেৰিয়া বিধ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি