--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বত এতিয়া কোভিডৰ ত্ৰাস৷ এনে ত্ৰাসৰ মাজতে আন এক বীজাণুৱে এতিয়া বিশ্ববাসীৰ মাজত আন এক আতংকৰ সৃষ্টি কৰিছে৷ এই বীজাণু বিধে পোণে পোণে মানুহৰ মগজুত আক্ৰমণ কৰে৷ মগজুত আক্ৰমণ কৰি বীজাণু বিধে মানুহ এজনক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে৷ বীজাণু বুলি ক’লেও আচলতে ই এক বেক্টেৰিয়াহে৷ 

শেহতীয়াকৈ   দক্ষিণ কোৰিয়াত ধৰা পৰিছে এই  বেক্টেৰিয়াৰ৷ ইয়াৰ পূৰ্বে আমেৰিকাতো এই বেক্টেৰিয়াই ত্ৰাসৰ সৃষ্টি কৰিছিল৷    দক্ষিণ কোৰিয়াত নেগলাৰিয়া ফাউলাৰি বা "মগজু খোৱা এমিবা" নামৰ বেক্টেৰিয়া বিধৰ  সংক্ৰমণ ধৰা পৰাৰ লগতে এজন লোকৰ মৃত্যুও ঘটিছে৷ । কোৰিয়া ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ সংস্থাই (কেডিচিএ) নিশ্চিত কৰিছে যে থাইলেণ্ডৰ পৰা উভতি অহাৰ পিছত মৃত্যু হোৱা এজন কোৰিয়ান নাগৰিক নেগলাৰিয়া ফাউলাৰিৰ দ্বাৰা সংক্ৰমিত হৈ মৃত্যু ঘটিছে।

 ৫০ বছৰ বয়সৰ লোকজন দক্ষিণ-পূব এছিয়াৰ দেশখনত চাৰি মাহ থকাৰ পিছত ১০ ডিচেম্বৰত কোৰিয়ালৈ উভতি আহিছিল আৰু পিছদিনা তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু  তেওঁৰ মৃত্যু হয়। উল্লেখ্য ২০২০ চনত আমেৰিকাত এই ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছিল।

আচলতে ই এবিধ  নতুন বেক্টেৰিয়া আৰু মানুহৰ মগজুক  আক্ৰমণ কৰি ধ্বংস কৰে।  পানীৰ জৰিয়তে বিয়পি পৰা এই বেক্টেৰিয়া বিধৰ আক্ৰমণৰ লক্ষ্য হৈছে মানুহৰ মগজু।এই বেক্টেৰিয়াই  মগজুত আক্ৰমণ চলায় আৰু মগজুৰ কোষসমূহ কুটি কুটি খাবলৈ আৰম্ভ কৰে।২০২০ চনত আমেৰিকাৰ টেক্সাছৰ লেক জেকচন অঞ্চলৰ পানীৰ টেপ সমূহত বিয়পি পৰিছিল নেগলাৰিয়া ফাউলাৰি   নামৰ মাৰাত্মক বেক্টেৰিয়া বিধ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ