--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি প্ৰায়ে শুনিবলৈ পাওঁ যে মানুহৰ জোৰা স্বৰ্গত বনোৱা হয়। মাজে সময়ে কিছুমান কাহিনীয়ে এই কথা সত্য প্ৰমাণিত কৰি আহিছে। এহাল প্ৰেমিক-প্ৰেমিকাই প্ৰথমে কলেজত লগ পাইছিল, তাৰপাছত ব্ৰেকআপ হৈছিল আৰু ২৭ বছৰৰ পাছত ভাগ্যই পুনৰ দুয়োকে লগ লগাই দিছিল। আনকি তেওঁলোক বিবাহপাশতো আৱদ্ধ হৈছে। যদিও দুয়োৰে লগ পোৱাটো সহজ নাছিল, কিন্তু ভাগ্যই বহুত বেয়া সময় দেখুৱাই ইজনে সিজনক লগ কৰিবলৈ বাধ্য কৰাইছিল। মহিলাগৰাকীয়ে এই প্ৰেম কাহিনী মুকলি কৈ কৈছে আৰু এই প্ৰেম কাহিনী শুনি সকলো স্তম্ভিত হৈ পৰিছে।

২৭ বছৰৰ পাছত জীৱনৰ প্ৰথম প্ৰেমিকক বিয়া কৰোৱাৰ অভিজ্ঞতা শ্বেয়াৰ কৰি মহিলাগৰাকীয়ে কয়, ‘মোৰ স্বামীয়ে মোক প্ৰায়ে সেই সময়ৰ কথা মনত পেলাই দিয়ে যেতিয়া আমি প্ৰথম লগ পাইছিলো। তেওঁ মোক ভিৰভাৰ থকা হোষ্টেলৰ লবী এটাত প্ৰথম দেখা পাইছিল। কেইটামান মুহূৰ্তৰ পাছতে মই তাৰ পৰাই ওলাই আহিলোঁ। ইয়াৰ পাছত তেওঁ বন্ধু-বান্ধৱীক ক’লে যে মোক আৰু দেখা নোপোৱালৈকে তেওঁ সেই ঠাই এৰি নাযায়। মোক প্ৰথম দেখাৰ পোন্ধৰ মিনিট পাছত মোৰ ওচৰলৈ আহি মোৰ লগত তেওঁ কথা পাতিছিল।

মহিলাগৰাকীয়ে কয়, ‘আমি লগ পোৱাৰ সময়ত মোৰ বয়স মাত্ৰ ১৭ বছৰ আছিল। আগতে প্ৰেম বুজি পাইছিলোঁ কিন্তু এইটো আছিল সম্পূৰ্ণ বেলেগ অভিজ্ঞতা। এই অনুভৱবোৰ অতি আন্তৰিক আৰু পৰিপক্ক আছিল। কেইদিন মানৰ পাছতে আমি সমগ্ৰ কেম্পাছৰ শ্ৰেষ্ঠ কাপল হিচাপে বিখ্যাত হৈ পৰিলোঁ। আমি ছবছৰ সম্পৰ্কত থকাৰ পাছত আমাৰ ব্ৰেক আপ হৈছিল।

মোৰ অন্য এজন লোকৰ লগত বিয়া হ'ল। স্বামীৰ লগত মোৰ ভাল সম্পৰ্ক নাছিল। সম্পৰ্ক বজাই ৰখাৰ মনোভাৱ তেওঁৰ নাছিল। মই এগৰাকী অকলশৰীয়া মাতৃ হিচাপে সম্পৰ্ক আৰু জীৱনৰ অভিজ্ঞতা লাভ কৰিছিলোঁ।

জীৱনৰ সকলো উত্থান-পতন দেখি থকাৰ সময়তে এদিন হঠাৎ এই মহিলাগৰাকীয়ে কলেজৰ প্ৰেমিকক লগ পালে। মহিলাগৰাকীয়ে ক’লে, ‘মোৰ কলেজীয়া প্ৰেমিকৰো সেই সময়ত মোৰ দৰেই অৱস্থা চলি আছিল। কেইবছৰমানৰ পাছত যেতিয়া তেওঁ মোক ফোন কৰি পুনৰ বন্ধুত্ব কৰিবলৈ ক’লে, এই কথা শুনি মোৰ বৰ সকাহ পালোঁ৷ কাৰণ তেওঁ মোৰ প্ৰেমিক হোৱাৰ লগতে বেষ্ট ফ্ৰেণ্ডো আছিল। কেইবছৰমান পাছত মই আকৌ বিয়া পাতিলোঁ। আমাৰ এটা ল’ৰা আছিল যদিও সেই বিয়াখনক লৈও মই হতাশ হৈছিলো। ইফালে মোৰ প্ৰথম প্ৰেমিকক মাজে মাজে লগ পাইছিলোঁ আৰু তেওঁ জীৱনত ভাল কাম কৰি আছে বুলি জানি ভাল লাগিছিল।

২০১৬ চনৰ আৰম্ভণিতে মোৰ দ্বিতীয় বিবাহৰো অন্ত পৰিল। তেতিয়ালৈকে মোৰ কলেজীয়া প্ৰেমিকৰ লগত বন্ধুত্ব গভীৰ হৈ পৰিছিল। আমি সঘনাই কথা পাতিছিলো আৰু আকৌ দুয়ো দুয়োকে নতুনকৈ জানিবৰ বাবে চেষ্টা কৰি আছিলো। কথা-বতৰা আগবাঢ়ি যোৱাৰ লগে লগে আমি আকৌ এবাৰ ইজনে সিজনৰ প্ৰেমত পৰিলোঁ। এই সম্পৰ্কক চিৰস্থায়ী কৰিবলৈ দুয়ো বিবাহপাশত আৱদ্ধ হওঁ আৰু দুয়ো এতিয়া সুখেৰে জীৱন কটাই আছো।'' 

এটা সময়ত বিচ্ছেদ হোৱা এহাল প্ৰেমিক-প্ৰেমিকাৰ ২৭ বছৰৰ পাছত পুনৰ মিলন হোৱা কাহিনীয়ে সকলোকে আৱেগিক কৰি তুলিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি