--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি প্ৰায়ে শুনিবলৈ পাওঁ যে মানুহৰ জোৰা স্বৰ্গত বনোৱা হয়। মাজে সময়ে কিছুমান কাহিনীয়ে এই কথা সত্য প্ৰমাণিত কৰি আহিছে। এহাল প্ৰেমিক-প্ৰেমিকাই প্ৰথমে কলেজত লগ পাইছিল, তাৰপাছত ব্ৰেকআপ হৈছিল আৰু ২৭ বছৰৰ পাছত ভাগ্যই পুনৰ দুয়োকে লগ লগাই দিছিল। আনকি তেওঁলোক বিবাহপাশতো আৱদ্ধ হৈছে। যদিও দুয়োৰে লগ পোৱাটো সহজ নাছিল, কিন্তু ভাগ্যই বহুত বেয়া সময় দেখুৱাই ইজনে সিজনক লগ কৰিবলৈ বাধ্য কৰাইছিল। মহিলাগৰাকীয়ে এই প্ৰেম কাহিনী মুকলি কৈ কৈছে আৰু এই প্ৰেম কাহিনী শুনি সকলো স্তম্ভিত হৈ পৰিছে।

২৭ বছৰৰ পাছত জীৱনৰ প্ৰথম প্ৰেমিকক বিয়া কৰোৱাৰ অভিজ্ঞতা শ্বেয়াৰ কৰি মহিলাগৰাকীয়ে কয়, ‘মোৰ স্বামীয়ে মোক প্ৰায়ে সেই সময়ৰ কথা মনত পেলাই দিয়ে যেতিয়া আমি প্ৰথম লগ পাইছিলো। তেওঁ মোক ভিৰভাৰ থকা হোষ্টেলৰ লবী এটাত প্ৰথম দেখা পাইছিল। কেইটামান মুহূৰ্তৰ পাছতে মই তাৰ পৰাই ওলাই আহিলোঁ। ইয়াৰ পাছত তেওঁ বন্ধু-বান্ধৱীক ক’লে যে মোক আৰু দেখা নোপোৱালৈকে তেওঁ সেই ঠাই এৰি নাযায়। মোক প্ৰথম দেখাৰ পোন্ধৰ মিনিট পাছত মোৰ ওচৰলৈ আহি মোৰ লগত তেওঁ কথা পাতিছিল।

মহিলাগৰাকীয়ে কয়, ‘আমি লগ পোৱাৰ সময়ত মোৰ বয়স মাত্ৰ ১৭ বছৰ আছিল। আগতে প্ৰেম বুজি পাইছিলোঁ কিন্তু এইটো আছিল সম্পূৰ্ণ বেলেগ অভিজ্ঞতা। এই অনুভৱবোৰ অতি আন্তৰিক আৰু পৰিপক্ক আছিল। কেইদিন মানৰ পাছতে আমি সমগ্ৰ কেম্পাছৰ শ্ৰেষ্ঠ কাপল হিচাপে বিখ্যাত হৈ পৰিলোঁ। আমি ছবছৰ সম্পৰ্কত থকাৰ পাছত আমাৰ ব্ৰেক আপ হৈছিল।

মোৰ অন্য এজন লোকৰ লগত বিয়া হ'ল। স্বামীৰ লগত মোৰ ভাল সম্পৰ্ক নাছিল। সম্পৰ্ক বজাই ৰখাৰ মনোভাৱ তেওঁৰ নাছিল। মই এগৰাকী অকলশৰীয়া মাতৃ হিচাপে সম্পৰ্ক আৰু জীৱনৰ অভিজ্ঞতা লাভ কৰিছিলোঁ।

জীৱনৰ সকলো উত্থান-পতন দেখি থকাৰ সময়তে এদিন হঠাৎ এই মহিলাগৰাকীয়ে কলেজৰ প্ৰেমিকক লগ পালে। মহিলাগৰাকীয়ে ক’লে, ‘মোৰ কলেজীয়া প্ৰেমিকৰো সেই সময়ত মোৰ দৰেই অৱস্থা চলি আছিল। কেইবছৰমানৰ পাছত যেতিয়া তেওঁ মোক ফোন কৰি পুনৰ বন্ধুত্ব কৰিবলৈ ক’লে, এই কথা শুনি মোৰ বৰ সকাহ পালোঁ৷ কাৰণ তেওঁ মোৰ প্ৰেমিক হোৱাৰ লগতে বেষ্ট ফ্ৰেণ্ডো আছিল। কেইবছৰমান পাছত মই আকৌ বিয়া পাতিলোঁ। আমাৰ এটা ল’ৰা আছিল যদিও সেই বিয়াখনক লৈও মই হতাশ হৈছিলো। ইফালে মোৰ প্ৰথম প্ৰেমিকক মাজে মাজে লগ পাইছিলোঁ আৰু তেওঁ জীৱনত ভাল কাম কৰি আছে বুলি জানি ভাল লাগিছিল।

২০১৬ চনৰ আৰম্ভণিতে মোৰ দ্বিতীয় বিবাহৰো অন্ত পৰিল। তেতিয়ালৈকে মোৰ কলেজীয়া প্ৰেমিকৰ লগত বন্ধুত্ব গভীৰ হৈ পৰিছিল। আমি সঘনাই কথা পাতিছিলো আৰু আকৌ দুয়ো দুয়োকে নতুনকৈ জানিবৰ বাবে চেষ্টা কৰি আছিলো। কথা-বতৰা আগবাঢ়ি যোৱাৰ লগে লগে আমি আকৌ এবাৰ ইজনে সিজনৰ প্ৰেমত পৰিলোঁ। এই সম্পৰ্কক চিৰস্থায়ী কৰিবলৈ দুয়ো বিবাহপাশত আৱদ্ধ হওঁ আৰু দুয়ো এতিয়া সুখেৰে জীৱন কটাই আছো।'' 

এটা সময়ত বিচ্ছেদ হোৱা এহাল প্ৰেমিক-প্ৰেমিকাৰ ২৭ বছৰৰ পাছত পুনৰ মিলন হোৱা কাহিনীয়ে সকলোকে আৱেগিক কৰি তুলিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ