--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডে কোঙা কৰা বিশ্ব। ২০২০ চনত কালান্তক কোভিডে দেশৰ কোটি কোটি লোকক ঠেলি দিছিল দৰিদ্ৰতাৰ মুখলৈ। এই তথ্য অধিক স্পষ্ট হৈছে শেহতীয়াকৈ বিশ্ব বেংকে প্ৰকাশ কৰা প্ৰতিবেদনৰ পৰা। 

কোভিড-১৯ অতিমাৰীয়ে বিশ্বত অসংখ্য লোকৰ জীৱন হানি কৰাৰ লগতে বহুতৰে ভোকৰ ভাত মুঠিও আজুৰি নিছিল। উদ্যোগবোৰ প্ৰায় স্থবিৰ কৰি হৈ পৰিছিল, বহু উদ্যোগ চিৰ দিনৰ বাবে বন্ধ হৈ পৰিছিল। বিশ্বব্যাপী অৰ্থনৈতিক কাৰ্যকলাপ ব্যাহত হৈ পৰিছিল। বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদনতকোৱা  হৈছে যে ২০২০ চনত মহামাৰীৰ ফলত সমগ্ৰ বিশ্বৰ ৭১ নিযুত লোক চৰম দৰিদ্ৰতাৰ মুখলৈ ধাবিত হৈছিল। 

ইয়াৰ ভিতৰত প্ৰায় ৭৯ শতাংশ  লোকেই হৈছে  ভাৰতৰ ।  "দৰিদ্ৰতা আৰু  সমৃদ্ধি ২০২২" শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছে যে অতিমাৰীয়ে  বিশ্বব্যাপী বহু লোকক দৰিদ্ৰ কৰিছিল। ইয়াৰ ফলত বিশ্বব্যাপী দৰিদ্ৰতাৰ হাৰ বৃদ্ধি পাইছিল, যি ২০১৯  চনত ৮.৪ শতাংশৰ পৰা ২০২০  চনৰ শেষৰ পিনে  ৯.৩  শতাংশলৈ বৃদ্ধি পাইছিল।৭১ নিযুত লোক অত্যাধিক দৰিদ্ৰতাৰ মাজত ডুব গৈছিল, যাৰ ফলত বিশ্বব্যাপী মুঠ ৭০০ নিযুতৰো অধিক দৰিদ্ৰ হৈ পৰিছিল। 

বিশ্ব বেঙ্কৰ মতে, বিশ্বব্যাপী দৰিদ্ৰতা বৃদ্ধি আটাইতকৈ জনবহুল দেশবোৰতে বেছিকৈ হৈছিল।  বিশ্বৰ   দৰিদ্ৰতাপীড়িত লোকৰ  আনুমানিক সংখ্যা ৭১ নিযুত লোকৰ ভিতৰত  কেৱল  ভাৰততে ৫৬ নিযুত লোক দৰিদ্ৰ হৈ পৰিছিল। অৱশ্যে,প্ৰতিবেদনতখনত কোৱা হৈছে যে  চীন আটাইতকৈ জনবসতিপূৰ্ণ দেশ হোৱা স্বত্বেও ২০২০  চনত বিশ্বব্যাপী দৰিদ্ৰতা বৃদ্ধিত দেশ খনে বিশেষ অৰিহণা যোগোৱা নাছিল।

দেশখনে "২০২০ চনত মধ্যমীয়া অৰ্থনৈতিক আঘাত সহিবলগীয়া হৈছিল" । আনহাতে প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতে ২০২০  চনত "ভয়াৱহ অৰ্থনৈতিক সংকোচনৰ গৰাহত পৰিছিল"। প্ৰতিবেদনখনত ভাৰতীয় অৰ্থনীতি নিৰীক্ষণ কেন্দ্ৰৰ এটা ব্যক্তিগত তথ্য কোম্পানীৰ দ্বাৰা পৰিচালিত উপভোক্তা  ঘৰুৱা জৰীপৰ (চিপিএইচএছ) তথ্য ব্যৱহাৰ কৰা হৈছিল। উল্লেখ্য  ভাৰত চৰকাৰে ২০১১ চনৰ পৰা দৰিদ্ৰতাৰ বিষয়ত চৰকাৰী তথ্য প্ৰকাশ কৰা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু