--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডে কোঙা কৰা বিশ্ব। ২০২০ চনত কালান্তক কোভিডে দেশৰ কোটি কোটি লোকক ঠেলি দিছিল দৰিদ্ৰতাৰ মুখলৈ। এই তথ্য অধিক স্পষ্ট হৈছে শেহতীয়াকৈ বিশ্ব বেংকে প্ৰকাশ কৰা প্ৰতিবেদনৰ পৰা। 

কোভিড-১৯ অতিমাৰীয়ে বিশ্বত অসংখ্য লোকৰ জীৱন হানি কৰাৰ লগতে বহুতৰে ভোকৰ ভাত মুঠিও আজুৰি নিছিল। উদ্যোগবোৰ প্ৰায় স্থবিৰ কৰি হৈ পৰিছিল, বহু উদ্যোগ চিৰ দিনৰ বাবে বন্ধ হৈ পৰিছিল। বিশ্বব্যাপী অৰ্থনৈতিক কাৰ্যকলাপ ব্যাহত হৈ পৰিছিল। বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদনতকোৱা  হৈছে যে ২০২০ চনত মহামাৰীৰ ফলত সমগ্ৰ বিশ্বৰ ৭১ নিযুত লোক চৰম দৰিদ্ৰতাৰ মুখলৈ ধাবিত হৈছিল। 

ইয়াৰ ভিতৰত প্ৰায় ৭৯ শতাংশ  লোকেই হৈছে  ভাৰতৰ ।  "দৰিদ্ৰতা আৰু  সমৃদ্ধি ২০২২" শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছে যে অতিমাৰীয়ে  বিশ্বব্যাপী বহু লোকক দৰিদ্ৰ কৰিছিল। ইয়াৰ ফলত বিশ্বব্যাপী দৰিদ্ৰতাৰ হাৰ বৃদ্ধি পাইছিল, যি ২০১৯  চনত ৮.৪ শতাংশৰ পৰা ২০২০  চনৰ শেষৰ পিনে  ৯.৩  শতাংশলৈ বৃদ্ধি পাইছিল।৭১ নিযুত লোক অত্যাধিক দৰিদ্ৰতাৰ মাজত ডুব গৈছিল, যাৰ ফলত বিশ্বব্যাপী মুঠ ৭০০ নিযুতৰো অধিক দৰিদ্ৰ হৈ পৰিছিল। 

বিশ্ব বেঙ্কৰ মতে, বিশ্বব্যাপী দৰিদ্ৰতা বৃদ্ধি আটাইতকৈ জনবহুল দেশবোৰতে বেছিকৈ হৈছিল।  বিশ্বৰ   দৰিদ্ৰতাপীড়িত লোকৰ  আনুমানিক সংখ্যা ৭১ নিযুত লোকৰ ভিতৰত  কেৱল  ভাৰততে ৫৬ নিযুত লোক দৰিদ্ৰ হৈ পৰিছিল। অৱশ্যে,প্ৰতিবেদনতখনত কোৱা হৈছে যে  চীন আটাইতকৈ জনবসতিপূৰ্ণ দেশ হোৱা স্বত্বেও ২০২০  চনত বিশ্বব্যাপী দৰিদ্ৰতা বৃদ্ধিত দেশ খনে বিশেষ অৰিহণা যোগোৱা নাছিল।

দেশখনে "২০২০ চনত মধ্যমীয়া অৰ্থনৈতিক আঘাত সহিবলগীয়া হৈছিল" । আনহাতে প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতে ২০২০  চনত "ভয়াৱহ অৰ্থনৈতিক সংকোচনৰ গৰাহত পৰিছিল"। প্ৰতিবেদনখনত ভাৰতীয় অৰ্থনীতি নিৰীক্ষণ কেন্দ্ৰৰ এটা ব্যক্তিগত তথ্য কোম্পানীৰ দ্বাৰা পৰিচালিত উপভোক্তা  ঘৰুৱা জৰীপৰ (চিপিএইচএছ) তথ্য ব্যৱহাৰ কৰা হৈছিল। উল্লেখ্য  ভাৰত চৰকাৰে ২০১১ চনৰ পৰা দৰিদ্ৰতাৰ বিষয়ত চৰকাৰী তথ্য প্ৰকাশ কৰা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক