--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছ’চিয়েল মিডিয়াত পুনৰ চৰ্চালৈ আশিস বিদ্যাৰ্থী৷ ৰূপালী বৰুৱাৰ সৈতে তেওঁৰ বিবাহৰ ফটো নেট দুনীয়াত ভাইৰেল হোৱাৰ পাছত আশিস বিদ্যাৰ্থী নতুনকৈ চৰ্চালৈ আহিছে। 

২০২১চনত তেওঁৰ প্ৰথমা পত্নী পিলু বিদ্যাৰ্থীৰ পৰা বিবাহ বিচ্ছেদৰ পাছত এয়া আছিল তেওঁৰ দ্বিতীয় বিবাহ। ৫৭ বছৰ বয়সত তেওঁৰ দ্বিতীয় বিবাহৰ বাবে অভিনেতাজনে সমালোচনা আৰু ট্ৰলিংৰ সন্মুখীন হৈছিল। এতিয়া ইয়াৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি নৱদম্পতীয়ে কয় যে তেওঁলোকে তেনে কাৰ্যক ধিক্কাৰ নিদিয়ে।

আশিস বিদ্যাৰ্থী আৰু ৰূপালী বৰুৱাই সমালোচনাক কিধৰণে গ্ৰহণ কৰে?

‘বিহাইণ্ডউডছ টিভি’ৰ সৈতে কথা পাতি আশিস আৰু ৰূপালীয়ে বিবাহৰ পাছৰে পৰা তেওঁলোকে লাভ কৰা নেতিবাচক মন্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰে। আশিস বিদ্যাৰ্থীয়ে কৈছিল যে তেওঁলোক তেওঁলোকৰ ভালপোৱাক প্ৰমাণ কৰিবলৈ নিবিচাৰে৷ তেওঁ লগতে কয়, আমি দুয়ো কোনো কথা প্ৰমাণ কৰিবলৈ নিবিচাৰো। আমি বিচলিতও নহয়, কোনো খং-অভিমানো নাই৷ আমি আমাৰধৰণে সুখী এতিয়া৷ ৰূপালীয়ে কয় যে সমালোচনা আৰু ট্ৰলিঙে তেওঁক প্ৰভাৱিত নকৰে, কিয়নো তেওঁ মন্তব্যবোৰ পঢ়িয়ে চোৱা নাই৷

ৰূপালী বৰুৱাই লগতে কয়, মোৰ শুভাকাংক্ষীসকলে মোক সমৰ্থন কৰি আছে৷ মোক আন কোনো বৈধতাৰ প্ৰয়োজন নাই। এই বয়সত এজন সংগী বিচাৰি পোৱাটো এক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ৷ 

আশিস বিদ্যাৰ্থী আৰু ৰূপালী বৰুৱাই মে’ মাহত কলকাতা ক্লাবত বিবাহপাশত আৱদ্ধ হৈছিল। আদালতৰ বিবাহত তেওঁলোকৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গ উপস্থিত আছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা