--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছ’চিয়েল মিডিয়াত পুনৰ চৰ্চালৈ আশিস বিদ্যাৰ্থী৷ ৰূপালী বৰুৱাৰ সৈতে তেওঁৰ বিবাহৰ ফটো নেট দুনীয়াত ভাইৰেল হোৱাৰ পাছত আশিস বিদ্যাৰ্থী নতুনকৈ চৰ্চালৈ আহিছে। 

২০২১চনত তেওঁৰ প্ৰথমা পত্নী পিলু বিদ্যাৰ্থীৰ পৰা বিবাহ বিচ্ছেদৰ পাছত এয়া আছিল তেওঁৰ দ্বিতীয় বিবাহ। ৫৭ বছৰ বয়সত তেওঁৰ দ্বিতীয় বিবাহৰ বাবে অভিনেতাজনে সমালোচনা আৰু ট্ৰলিংৰ সন্মুখীন হৈছিল। এতিয়া ইয়াৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি নৱদম্পতীয়ে কয় যে তেওঁলোকে তেনে কাৰ্যক ধিক্কাৰ নিদিয়ে।

আশিস বিদ্যাৰ্থী আৰু ৰূপালী বৰুৱাই সমালোচনাক কিধৰণে গ্ৰহণ কৰে?

‘বিহাইণ্ডউডছ টিভি’ৰ সৈতে কথা পাতি আশিস আৰু ৰূপালীয়ে বিবাহৰ পাছৰে পৰা তেওঁলোকে লাভ কৰা নেতিবাচক মন্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰে। আশিস বিদ্যাৰ্থীয়ে কৈছিল যে তেওঁলোক তেওঁলোকৰ ভালপোৱাক প্ৰমাণ কৰিবলৈ নিবিচাৰে৷ তেওঁ লগতে কয়, আমি দুয়ো কোনো কথা প্ৰমাণ কৰিবলৈ নিবিচাৰো। আমি বিচলিতও নহয়, কোনো খং-অভিমানো নাই৷ আমি আমাৰধৰণে সুখী এতিয়া৷ ৰূপালীয়ে কয় যে সমালোচনা আৰু ট্ৰলিঙে তেওঁক প্ৰভাৱিত নকৰে, কিয়নো তেওঁ মন্তব্যবোৰ পঢ়িয়ে চোৱা নাই৷

ৰূপালী বৰুৱাই লগতে কয়, মোৰ শুভাকাংক্ষীসকলে মোক সমৰ্থন কৰি আছে৷ মোক আন কোনো বৈধতাৰ প্ৰয়োজন নাই। এই বয়সত এজন সংগী বিচাৰি পোৱাটো এক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ৷ 

আশিস বিদ্যাৰ্থী আৰু ৰূপালী বৰুৱাই মে’ মাহত কলকাতা ক্লাবত বিবাহপাশত আৱদ্ধ হৈছিল। আদালতৰ বিবাহত তেওঁলোকৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গ উপস্থিত আছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল