--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত সমগ্ৰ বিশ্বই মহাত্মা  গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে সেই সময়তে একাংশ হিনদুত্ববাদী নেতাই মহাত্মা গান্ধীৰ বিৰুদ্ধে নানান কটু কথা কৈ আহিছে।এনে এক ঘটনাৰ পৰিপ্ৰেক্ষিততে মহাত্মা গান্ধীৰ  নাতিয়েক  তুষাৰ গান্ধীয়ে শুকুৰবাৰে কয় যে তেওঁ হিন্দুত্ববাদী নেতা সম্ভাজী ভিদেৰ বিৰুদ্ধে মহাত্মাৰ বিৰুদ্ধে কৰা "মানহানিকৰ" মন্তব্যৰ বাবে পুনেৰ এখন আদালতত অপৰাধমূলক গোচৰ ৰুজু কৰিছে।

গান্ধীয়ে কয়  যে তেওঁ তেওঁৰ অধিবক্তাৰ  জৰিয়তে পুনে আৰক্ষীৰ বিৰুদ্ধে শিৱাজী নগৰৰ জিলা আৰু সত্ৰ আদালতত যোৱা মাহত  দাখিল কৰা এখন আবেদনৰ বিষয়ত  কাম নকৰাৰ বাবে অভিযোগ দাখিল কৰিছে। তেওঁ ভিদেৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈও বিচাৰিছে।

সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় , "এয়া  দুৰ্ভাগ্যজনক যে আৰক্ষীয়ে তেওঁলোকৰ কৰ্তব্য পাহৰি ৰাজনৈতিক হেঁচাত কাম কৰি আছে।"উল্লেখ্য তুষাৰ গান্ধীয়ে যেতিয়া ভিদেৰ বিৰুদ্ধে অভিযোগন দাখিল কৰিছিল, আৰক্ষীয়ে কৈছিল যে তেওঁলোকে বিষয়টোত আগবাঢ়ি যোৱাৰ আগতে আইনী মতামত বিচাৰিব।

এই প্ৰসংগতে তুষাৰ গান্ধীয়ে কয় "ভিদেৰ বিৰুদ্ধে গোচৰ নোলোৱাৰ  বাবে  আমি আদালতৰ কাষ চাপিব লগা হৈছে আৰু আদালতত ভিদেৰ বিৰুদ্ধে মানহানিৰ অভিযোগ দাখিল কৰিব লগা হৈছে," ।ইয়াৰ পিছতে তুষাৰ গান্ধীয়ে তেওঁৰ অধিবক্তাৰ সৈতে   ডেক্কান জিমখানা আৰক্ষী থানালৈ গৈছিল আৰু হিন্দুত্ববাদী  নেতাজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। ভিদেৰ  বিৰুদ্ধে আইপিচি ধাৰা ১৫৩ ক (বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰা), ৪৯৯ (মানহানি) আৰু ৫০৫( দুষ্টতাৰ মনোভাবেৰে ৰাজহুৱা বিবৃতি)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

তুষাৰ গান্ধীয়ে লগতে কয় , "ভিদেই কেৱল বাপুৰ বিৰুদ্ধেই নহয়, তেওঁৰ পৰিয়ালৰ বিৰুদ্ধেও অপমানজনক মন্তব্য কৰিছিল।"
জুলাইৰ শেষ সপ্তাহত পূৱ মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত এক অনুষ্ঠানত  ভাষণ দি ভিদেই  মহাত্মা গান্ধীৰ বংশ সম্পৰ্কে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উঠিছিল।

এনে মন্ত্ব্যৰ পিছতে শ্ৰী শিৱ প্ৰতিষ্ঠান হিন্দুস্তান সংগঠনৰ প্ৰতিষ্ঠাপক ভিদেৰ বিৰুদ্ধে অমৰাৱতী আৰু নাছিকত এজাহাৰ দাখিল কৰা হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল