--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত লোকসভা নিৰ্বাচনৰ মাজতে  কেজৰিৱালৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আগতীয়া জামিনৰ আবেদনৰ শুনানিৰ বাবে সন্মত হয়। গোচৰটোৰ শুনানি ৭ মে’ত অনুষ্ঠিত হ'ব। আদালতে কয় যে লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ থকাৰ বাবেই কেজৰিৱালৰ  জামিন আবেদনৰ দ্ৰুত শুনানি কৰিব। 

ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ বিৰুদ্ধে আবকাৰী কেলেংকাৰীৰ  অভিযোগ উত্থাপন কৰিছে। সেই অভিযোগৰ ভিত্তিতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। কেজৰিৱালে কৰা  জামিন আবেদনৰ শুনানি  উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ লোৱা সিদ্ধান্তই যথেষ্ট আশাবাদী কৰি তুলিছে আপক। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপংকৰ দত্তৰ  খণ্ড বিচাৰপীঠে শুকুৰবাৰে কেজৰিৱালৰ জামিন আেদনৰ শুনানি ৭ মে’ত গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। 

সহকাৰী ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে  ইডিৰ হৈ আদালতত উপস্থিত আছিল। গোটেই গোচৰটোৰ শুনানি গ্ৰহণৰ বাবে   আদালতক  দীঘলীয়া সময় লাগিব। সেয়েহে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে দাখিল কৰা জামিন আবেদনৰ প্ৰথমে শুনানি গ্ৰহণ কৰা হ'ব। ৰাজুৱে তেতিয়া কয়  যে তেওঁলোকে জামিনৰ বিৰোধিতা কৰিব। তেতিয়া বিচাৰকসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় , "আমি কৈছো যে আমি জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিম। জামিন দিয়া নাই নহয়। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ