--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত লোকসভা নিৰ্বাচনৰ মাজতে  কেজৰিৱালৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আগতীয়া জামিনৰ আবেদনৰ শুনানিৰ বাবে সন্মত হয়। গোচৰটোৰ শুনানি ৭ মে’ত অনুষ্ঠিত হ'ব। আদালতে কয় যে লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ থকাৰ বাবেই কেজৰিৱালৰ  জামিন আবেদনৰ দ্ৰুত শুনানি কৰিব। 

ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ বিৰুদ্ধে আবকাৰী কেলেংকাৰীৰ  অভিযোগ উত্থাপন কৰিছে। সেই অভিযোগৰ ভিত্তিতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। কেজৰিৱালে কৰা  জামিন আবেদনৰ শুনানি  উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ লোৱা সিদ্ধান্তই যথেষ্ট আশাবাদী কৰি তুলিছে আপক। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপংকৰ দত্তৰ  খণ্ড বিচাৰপীঠে শুকুৰবাৰে কেজৰিৱালৰ জামিন আেদনৰ শুনানি ৭ মে’ত গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। 

সহকাৰী ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে  ইডিৰ হৈ আদালতত উপস্থিত আছিল। গোটেই গোচৰটোৰ শুনানি গ্ৰহণৰ বাবে   আদালতক  দীঘলীয়া সময় লাগিব। সেয়েহে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে দাখিল কৰা জামিন আবেদনৰ প্ৰথমে শুনানি গ্ৰহণ কৰা হ'ব। ৰাজুৱে তেতিয়া কয়  যে তেওঁলোকে জামিনৰ বিৰোধিতা কৰিব। তেতিয়া বিচাৰকসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় , "আমি কৈছো যে আমি জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিম। জামিন দিয়া নাই নহয়। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু