--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত ভয়াৱহ হাৰত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। কৰ্মসংস্থানৰ অভাৱত দেশৰ কোটি-কোটি শিক্ষিত যুৱক-যুৱতী হ'বলগীয়া হৈছে আশাহত। ভৱিষ্যতৰ চিন্তাই জুৰুলা কৰিছে দেশৰ কোটি কোটি কৰ্মসংস্থানহীন শিক্ষিত যুৱক-যুৱতীক। পিছে এই কৰ্মসংস্থানৰ মহঙা দিনত কপাল ফুলিছে দুটাকৈ মেকুৰীৰ। লাভ কৰিছে আৰক্ষী থানাত নিযুক্তি। আচৰিত যেন লাগিলেও এই ঘটনা আমাৰ দেশতে সংঘটিত হৈছে।

দক্ষিণ ভাৰতৰ ৰাজ্য কৰ্ণাটকত সংঘটিত হৈছে এই আজৱ ঘটনা। ৰাজ্যখনৰ গৌৰীবিদানুৰ গ্ৰাম্য আৰক্ষী থানাই দুটা মেকুৰী কৰ্মত মকৰল কৰিছে। সম্প্ৰতি নিযুক্তিৰ লাভৰ আশাত মানুহেই বিফল হোৱাৰ সময়ত এইদৰে দুটা অবোধ মেকুৰীৰ আৰক্ষী থানাত নিযুক্তিৰ খবৰে ব্যাপক চৰ্চা লাভ কৰিছে।

দৰাচলতে কৰ্ণাটকৰ এই আৰক্ষী থানাখনত নিগনিৰ সমস্যাই বাৰুকৈয়ে ব্যতিব্যস্ত কৰি তুলিছে। থানাৰ প্ৰয়োজনীয় ফাইল আৰু নথিপত্ৰসমূহ নিগনিয়ে নষ্ট কৰাৰ ফলত থানাৰ বিষয়াসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। সেয়েহে নিগনিৰ উৎপাতৰ পৰা পৰিত্ৰাণ পাবলৈ এইদৰে দুটা মেকুৰীক মোতায়েন কৰিব লগা হৈছে থানাখনে।

চহৰৰ পৰা ৮০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ২০১৪ চনত স্থাপিত গৌৰীবিদানুৰ গ্ৰাম্য আৰক্ষী থানাত এতিয়া নিগনি দমনৰ পদক্ষেপ হিচাপেই মেকুৰীৰ নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ বাধ্য হৈছে বিষয়াসকল।
গৌৰীবিদানুৰ গ্ৰাম্য আৰক্ষী থানাৰ উপ-পৰিদৰ্শক বিজয় কুমাৰে জানিবলৈ দিয়া মতে তেওঁলোকে পূৰ্বতে নিগনিৰ উৎপাত হ্ৰাস কৰিবলৈ থানাত এটা মেকুৰী মোতায়েন কৰিছিল। এই মেকুৰীটো থানাত বাস কৰিবলৈ লোৱাৰ পিছত থানাখনত নিগনিৰ সমস্যা যথেষ্ট হ্ৰাস পাইছিল। সেয়ে তেওঁলোকে আন এটা মেকুৰী অনাৰ সিদ্ধান্ত লৈছিল। এতিয়া থানাত থকা দুয়োটা মেকুৰীয়ে এতিয়ালৈকে মুঠ তিনিটা নিগনি হত্যা কৰিছে বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে নিগনিবোৰে পূৰ্বে গোটেই আৰক্ষী থানাখনত ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিছিল। কিন্তু এতিয়া মেকুৰী দুটা থকাৰ বাবে নিগনিবোৰ ক্ৰমাৎ লোপ পাইছে বুলি তেওঁ উল্লেখ কৰে। থানাৰ আৰক্ষীয়ে মেকুৰী দুটাক নিয়মীয়াকৈ গাখীৰ তথা খাদ্য যোগান ধৰে আৰু বৰ্তমান মেকুৰী দুটা আৰক্ষী থানাৰ ভিতৰত থকা পৰিয়ালৰ দৰে হৈ পৰিছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

উল্লেখ্য যে কৰ্ণাটকত নিগনিৰ সমস্যাই ব্যাপকভাৱে বাসিন্দাসকলক অসুবিধাত পেলাইছে। ৰাজ্যখনৰ বহুতো চৰকাৰী বিভাগে আনকি নিগনি আৰু মহৰ বিপদ নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট পৰিমাণৰ ধন ব্যয় কৰিবলগীয়াও হৈছে। এই আৰটিআই প্ৰশ্নৰ উত্তৰত জানিব পৰা গৈছে যে কৰ্ণাটক পৰীক্ষা প্ৰাধিকৰণে নিগনি আৰু মহৰ এই বিপদ প্ৰতিহত কৰিবলৈ প্ৰতি বছৰে প্ৰায় ৫০,০০০ টকা ব্যয় কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অক্লান্ত কৰ্মী সমীৰ ৰয়ক সম্বৰ্ধনা মালামাল বয়জৰ
অসমৰ লোক-সংস্কৃতিক জীয়াই ৰখা সংগ্ৰামৰ জীয়া এপিটাফ
দেশত প্রচলন ২৪৫বিধ নকল ঔষধ
ছনী টিভিৰ ৰিয়েলিটি শ্ব'লৈ নিৰ্বাচিত অসমৰ জিজ্ঞাসা কাশ্যপ
ক'লা কাপোৰ প্ৰদর্শন কৰি সংসদত প্রতিবাদ বিৰোধীৰ
জীৱন গঢ়াৰ বয়সতে মৃত্যুৰ সৈতে যুঁজ টিংখাঙৰ এগৰাকী কিশোৰীৰ! ৰাইজৰ সহায় বিচাৰি কাতৰ আহ্বান পৰিয়ালৰ
'আঞ্চলিকতাকেন্দ্রিক, জাতিগত ৰাজনীতি বিপজ্জনক'
চাহ গছৰ পেলনীয়া মুঢ়াত সৃষ্টিৰ যাদু ; নিৰৱ ভাস্কৰ্য শিল্পী অমৃত হাজৰিকাৰ সৃষ্টি দেশ-বিদেশত সমাদৃত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
চীনৰ এক সিদ্ধান্তৰ বাবে ভাৰতৰ ইলেক্ট্ৰনিক উদ্যোগ সংকটত, বাজিত ৩২ বিলিয়ন ডলাৰ!
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে