--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত ভয়াৱহ হাৰত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। কৰ্মসংস্থানৰ অভাৱত দেশৰ কোটি-কোটি শিক্ষিত যুৱক-যুৱতী হ'বলগীয়া হৈছে আশাহত। ভৱিষ্যতৰ চিন্তাই জুৰুলা কৰিছে দেশৰ কোটি কোটি কৰ্মসংস্থানহীন শিক্ষিত যুৱক-যুৱতীক। পিছে এই কৰ্মসংস্থানৰ মহঙা দিনত কপাল ফুলিছে দুটাকৈ মেকুৰীৰ। লাভ কৰিছে আৰক্ষী থানাত নিযুক্তি। আচৰিত যেন লাগিলেও এই ঘটনা আমাৰ দেশতে সংঘটিত হৈছে।

দক্ষিণ ভাৰতৰ ৰাজ্য কৰ্ণাটকত সংঘটিত হৈছে এই আজৱ ঘটনা। ৰাজ্যখনৰ গৌৰীবিদানুৰ গ্ৰাম্য আৰক্ষী থানাই দুটা মেকুৰী কৰ্মত মকৰল কৰিছে। সম্প্ৰতি নিযুক্তিৰ লাভৰ আশাত মানুহেই বিফল হোৱাৰ সময়ত এইদৰে দুটা অবোধ মেকুৰীৰ আৰক্ষী থানাত নিযুক্তিৰ খবৰে ব্যাপক চৰ্চা লাভ কৰিছে।

দৰাচলতে কৰ্ণাটকৰ এই আৰক্ষী থানাখনত নিগনিৰ সমস্যাই বাৰুকৈয়ে ব্যতিব্যস্ত কৰি তুলিছে। থানাৰ প্ৰয়োজনীয় ফাইল আৰু নথিপত্ৰসমূহ নিগনিয়ে নষ্ট কৰাৰ ফলত থানাৰ বিষয়াসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। সেয়েহে নিগনিৰ উৎপাতৰ পৰা পৰিত্ৰাণ পাবলৈ এইদৰে দুটা মেকুৰীক মোতায়েন কৰিব লগা হৈছে থানাখনে।

চহৰৰ পৰা ৮০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ২০১৪ চনত স্থাপিত গৌৰীবিদানুৰ গ্ৰাম্য আৰক্ষী থানাত এতিয়া নিগনি দমনৰ পদক্ষেপ হিচাপেই মেকুৰীৰ নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ বাধ্য হৈছে বিষয়াসকল।
গৌৰীবিদানুৰ গ্ৰাম্য আৰক্ষী থানাৰ উপ-পৰিদৰ্শক বিজয় কুমাৰে জানিবলৈ দিয়া মতে তেওঁলোকে পূৰ্বতে নিগনিৰ উৎপাত হ্ৰাস কৰিবলৈ থানাত এটা মেকুৰী মোতায়েন কৰিছিল। এই মেকুৰীটো থানাত বাস কৰিবলৈ লোৱাৰ পিছত থানাখনত নিগনিৰ সমস্যা যথেষ্ট হ্ৰাস পাইছিল। সেয়ে তেওঁলোকে আন এটা মেকুৰী অনাৰ সিদ্ধান্ত লৈছিল। এতিয়া থানাত থকা দুয়োটা মেকুৰীয়ে এতিয়ালৈকে মুঠ তিনিটা নিগনি হত্যা কৰিছে বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে নিগনিবোৰে পূৰ্বে গোটেই আৰক্ষী থানাখনত ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিছিল। কিন্তু এতিয়া মেকুৰী দুটা থকাৰ বাবে নিগনিবোৰ ক্ৰমাৎ লোপ পাইছে বুলি তেওঁ উল্লেখ কৰে। থানাৰ আৰক্ষীয়ে মেকুৰী দুটাক নিয়মীয়াকৈ গাখীৰ তথা খাদ্য যোগান ধৰে আৰু বৰ্তমান মেকুৰী দুটা আৰক্ষী থানাৰ ভিতৰত থকা পৰিয়ালৰ দৰে হৈ পৰিছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

উল্লেখ্য যে কৰ্ণাটকত নিগনিৰ সমস্যাই ব্যাপকভাৱে বাসিন্দাসকলক অসুবিধাত পেলাইছে। ৰাজ্যখনৰ বহুতো চৰকাৰী বিভাগে আনকি নিগনি আৰু মহৰ বিপদ নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট পৰিমাণৰ ধন ব্যয় কৰিবলগীয়াও হৈছে। এই আৰটিআই প্ৰশ্নৰ উত্তৰত জানিব পৰা গৈছে যে কৰ্ণাটক পৰীক্ষা প্ৰাধিকৰণে নিগনি আৰু মহৰ এই বিপদ প্ৰতিহত কৰিবলৈ প্ৰতি বছৰে প্ৰায় ৫০,০০০ টকা ব্যয় কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ