--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএটা মাত্ৰ ৮৬ ছেকেণ্ডৰ ভিডিঅ’ ক্লিপিঙছ। সেই ভিডিঅ’ ক্লিপিংটোৱেই বিজেপিৰ নেত্ৰী নুপূৰ শৰ্মাৰ ৰাজনৈতিক জীৱনলৈ এ্ন্ধাৰ নমাই আনিছিল। বিজেপিৰ মুখপাত্ৰ নুপূৰ শৰ্মাই এটা টেলিভিছন টকশ্ব’ত পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্য সাংবাদিক মহম্মদ জুবেইৰে ফেক্ট চেকিঙৰ জৰিয়তে পোহৰলৈ ননা হেঁতেন নুপূৰ শৰ্মাও নিজৰ পদবীতে বাহাল থাকিলহেঁতেন আৰু ভাৰতকে ধৰি মধ্যপ্ৰাচ্যৰ দেশসমূহতো প্ৰতিবাদৰ লহৰ নুঠিলেহেঁতেন। 

কিন্তু তথ্য পৰীক্ষণৰ দায়বদ্ধতাৰ বাবেই হয়তো সাংবাদিক জুবেইৰে ২৭ মে’ৰ দিনা নুপূৰ শৰ্মাৰ বক্তব্যৰ ৮৬ ছেকেণ্ডৰ ভিডিঅ’ৰ সৈতে টুইট কৰিছিল। সেয়াই আৰম্ভনি । ইয়াৰ পিছতে নুপূৰ শৰ্মাক বহুতে ধৰ্ষণ কৰি হত্যাৰ ভাবুকি দিবলৈ আৰম্ভ কৰি। হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যকলৈ সমগ্ৰ দেশৰ লগতে বিদেশতো প্ৰতিবাদৰ জোৱাৰ উঠে। প্ৰতিবাদ ইমানেই তীব্ৰতৰ হৈ পৰিছিল যে বিজেপিয়ে বাধ্যত পৰি নুপূৰ শৰ্মাক দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও বহিস্কাৰ কৰে। 

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মাই সেই সময়তে দাবী কৰিছিল যে অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰে টিভিৰ বিতৰ্কৰ সময়ত তেওঁৰ ভাষণৰ এটা সম্পাদিত ভিডিঅ' শ্বেয়াৰ কৰাৰ পিছত তেওঁক বহুতে  ধৰ্ষণ কৰাৰ  ভাবুকিৰ  লগতে মৃত্যুৰ ভাবুকিও দিছিল।  বিজেপি নেতাগৰাকীয়ে তেওঁ লাভ কৰা এনে ভাবুকিৰ কেইবাটাও স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰিছিল।

নূপুৰ শৰ্মাই টুইট কৰি কৈছিল, "মই মোৰ পৰিয়াল আৰু মোৰ বিৰুদ্ধে নিৰন্তৰ মৃত্যু আৰু শিৰচ্ছেদৰ ভাবুকি লাভ কৰি আছোঁ।"নুপূৰ শৰ্মাই তেওঁৰ সেই টুইট দিল্লী আৰক্ষীকো ৰিটুইট কৰিছিল।তাৰ পিছৰ পৰিস্থিতি সকলোৰে অৱগত। এতিয়ালৈকে দেশৰ বিভিন্ন প্ৰান্তত নুপূৰ শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে৷ কলকাতাকে ধৰি দেশৰ কেইবা খনো ৰাজ্যৰ আৰক্ষীয়ে নুপূৰ শৰ্মাক মাতি পঠিয়াইছে যদিও বিভিন্ন অজুহাত দেখুৱাই তেওঁ থানাত হাজিৰ হোৱা নাই। ইয়াৰ মাজতে আজি দিল্লীত এক পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে তথ্য পৰীক্ষণৰ মিডিয়া  অল্টনিউজৰ অন্যতম প্ৰতিষ্ঠাপক সাংবাদিক মহম্মদ জুবেইৰক ।

 ধৰ্মীয় আৱেগত আঘাত কৰা আৰু শত্ৰুতা বৃদ্ধি কৰাৰ অভিযোগত তেওঁক আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰিছে বুলি  অল্টনিউজৰ সহ-প্ৰতিষ্ঠাপক প্ৰতীক সিনহাই জনাইছে।উল্লেখ্য ২০১৭ চনত এক প্ৰতিষ্ঠা কৰা  অল্টনিউজ হৈছে বিশ্বৰ  এক পৰিচিত তথ্য পৰীক্ষণ কৰা মিডিয়া প্ৰতিষ্ঠান।প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰৰ বিৰুদ্ধে প্ৰায় এমাহ পূৰ্বে উত্তৰ প্ৰদেশৰ সীতাপুৰ জিলাত এটা গোচৰ ৰুজু কৰা হৈছিল। সেই গোচৰৰ ভিত্তিতেই হয়তো দিল্লীত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।জুবেইৰৰ গ্ৰেপ্তাৰক একেমুখে গৰিহণা দিছে শশী থাৰুৰকে ধৰি তৃণমূলৰ নেত্ৰী মহুৱা মৈত্ৰ, কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আৰু আন বহুতে। দেশৰ বিভিন্ন ৰাজ্যত এজাহাৰ দাখিল হোৱাৰ পিছতো নুপূৰ শৰ্মাক গ্ৰেপ্তাৰ নকৰি  তেওঁৰ বিতৰ্কিত মন্তব্যক লোকচক্ষুৰ  সন্মুখলৈ অনা সাংবাদিকক কিয় গ্ৰেপ্তাৰ কৰা হৈছে বুলি বহুতে প্ৰশ্ন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ