--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিছুদিন পূৰ্বে ভাৰতৰ পৰা আমদানি কৰা ঘেঁহুৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন তুলি ভাৰতলৈ ঘেঁহু ঘূৰাই পঠাইছিল তুৰস্কই। ৰুবেলা নামৰ এক ৰোগৰ উপস্থিতিৰ দোহাই দি ভাৰতৰ পৰা ক্ৰয় কৰা ঘেঁহু প্ৰত্যাখ্যান কৰিছিল দেশখনে। ইয়াৰ পাছতে তুৰ্কীয়ে ৫৬,৮৭৭ টন ডুৰাম ঘেঁহু ভাৰতলৈ ঘূৰাই পঠাইছিল। আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ঘেঁহুৰ সীমিত যোগানৰ বাবে ইতিমধ্যে কেইবাখনো দেশ ঘেঁহুৰ অভাৱত ভুগি আছে। এনে সময়তে তুৰস্কৰ এই প্ৰত্যাখ্যান বিশ্ববজাৰত বিশেষভাৱে চৰ্চিত হৈ পৰিছিল।  

তুৰস্কৰ প্ৰত্যাখ্যানৰ পিছত এইবাৰ ভাৰতৰ পৰা ঘেঁহু ক্ৰয়ৰ বাবে আগবাঢ়ি আহিছে আফ্ৰিকান ৰাষ্ট্ৰ ইজিপ্ত। ইতিমধ্যে দেশখনে ভাৰতৰ পৰা ১,৮০,০০০ টন ঘেঁহু ক্ৰয়ৰ চুক্তি কৰিছে বুলি ইজিপ্তৰ যোগান মন্ত্ৰী আলি মোচেলীয়ে দেওবাৰে সদৰি কৰিছে। উল্লেখ্য যে বিশ্বৰ অন্যতম বৃহৎ ঘেঁহু আমদানিকৰ্তা ইজিপ্তে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ ফলত ঘেঁহুৰ আমদানিত যথেষ্ট ব্যাঘাতৰ সন্মুখীন হৈছে।

ৰাছিয়া আৰু ইউক্ৰেইনে মুখ্যত: ইজিপ্তক দেশখনৰ প্ৰয়োজনীয় ঘেঁহুৰ অধিকাংশ যোগান ধৰে। বিশ্বব্যাপী ঘেঁহুৰ ব্যৱসায়ৰ এক-চতুৰ্থাংশ ৰাছিয়া আৰু ইউক্ৰেইনে দখল কৰে। কিন্তু সম্প্ৰতি যুদ্ধৰত দেশ দুখনৰ পৰা ঘেঁহুৰ ৰপ্তানি সাময়িকভাৱে বন্ধ হৈ পৰাৰ ফলত আন্ত:ৰাষ্ট্ৰীয় বজাৰত ঘেঁহুৰ অভাৱ পৰিলক্ষিত হৈছে। 

ইজিপ্তৰ যোগান মন্ত্ৰী আলি মোচেলীয়ে যোৱা মে মাহত জানিবলৈ দিছিল যে ইজিপ্তে ভাৰতৰ পৰা ৫,০০,০০০ টন ঘেঁহু ক্ৰয় কৰিবলৈ সন্মত হৈছিল। অৱশ্যে এই বিষয়ত দুয়োখন দেশৰ মাজত কোনো চুক্তি স্বাক্ষৰ কৰা হোৱা নাছিল। ঘৰুৱা উৎপাদন কম হোৱাৰ বাবে ভাৰতেও মে’ মাহত ঘেঁহু ৰপ্তানি বন্ধ কৰিছিল।

মোচেলীয়ে লগতে কয় যে ইজিপ্তে প্ৰায় ৫,০০,০০০ টন আমদানি কৃত ঘেঁহু ৰাহি কৰাৰ পৰিকল্পনা কৰিছে আৰু ২০২২/২৩ বিত্তীয় বৰ্ষৰ বাবে ৫ ৰ পৰা ৫.৫ নিযুত টন ঘেঁহু আমদানি কৰাৰ পৰিকল্পনা কৰিছে। দেশখনে উৎপাদিত শস্যৰ পৰা অধিক পৰিমাণৰ ময়দা আহৰণ কৰাৰ উপায় উদ্ভাৱনৰ বাবেও প্ৰচেষ্টা চলাই আছে বুলি তেওঁ লগতে কয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ