--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিছুদিন পূৰ্বে ভাৰতৰ পৰা আমদানি কৰা ঘেঁহুৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন তুলি ভাৰতলৈ ঘেঁহু ঘূৰাই পঠাইছিল তুৰস্কই। ৰুবেলা নামৰ এক ৰোগৰ উপস্থিতিৰ দোহাই দি ভাৰতৰ পৰা ক্ৰয় কৰা ঘেঁহু প্ৰত্যাখ্যান কৰিছিল দেশখনে। ইয়াৰ পাছতে তুৰ্কীয়ে ৫৬,৮৭৭ টন ডুৰাম ঘেঁহু ভাৰতলৈ ঘূৰাই পঠাইছিল। আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ঘেঁহুৰ সীমিত যোগানৰ বাবে ইতিমধ্যে কেইবাখনো দেশ ঘেঁহুৰ অভাৱত ভুগি আছে। এনে সময়তে তুৰস্কৰ এই প্ৰত্যাখ্যান বিশ্ববজাৰত বিশেষভাৱে চৰ্চিত হৈ পৰিছিল।  

তুৰস্কৰ প্ৰত্যাখ্যানৰ পিছত এইবাৰ ভাৰতৰ পৰা ঘেঁহু ক্ৰয়ৰ বাবে আগবাঢ়ি আহিছে আফ্ৰিকান ৰাষ্ট্ৰ ইজিপ্ত। ইতিমধ্যে দেশখনে ভাৰতৰ পৰা ১,৮০,০০০ টন ঘেঁহু ক্ৰয়ৰ চুক্তি কৰিছে বুলি ইজিপ্তৰ যোগান মন্ত্ৰী আলি মোচেলীয়ে দেওবাৰে সদৰি কৰিছে। উল্লেখ্য যে বিশ্বৰ অন্যতম বৃহৎ ঘেঁহু আমদানিকৰ্তা ইজিপ্তে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ ফলত ঘেঁহুৰ আমদানিত যথেষ্ট ব্যাঘাতৰ সন্মুখীন হৈছে।

ৰাছিয়া আৰু ইউক্ৰেইনে মুখ্যত: ইজিপ্তক দেশখনৰ প্ৰয়োজনীয় ঘেঁহুৰ অধিকাংশ যোগান ধৰে। বিশ্বব্যাপী ঘেঁহুৰ ব্যৱসায়ৰ এক-চতুৰ্থাংশ ৰাছিয়া আৰু ইউক্ৰেইনে দখল কৰে। কিন্তু সম্প্ৰতি যুদ্ধৰত দেশ দুখনৰ পৰা ঘেঁহুৰ ৰপ্তানি সাময়িকভাৱে বন্ধ হৈ পৰাৰ ফলত আন্ত:ৰাষ্ট্ৰীয় বজাৰত ঘেঁহুৰ অভাৱ পৰিলক্ষিত হৈছে। 

ইজিপ্তৰ যোগান মন্ত্ৰী আলি মোচেলীয়ে যোৱা মে মাহত জানিবলৈ দিছিল যে ইজিপ্তে ভাৰতৰ পৰা ৫,০০,০০০ টন ঘেঁহু ক্ৰয় কৰিবলৈ সন্মত হৈছিল। অৱশ্যে এই বিষয়ত দুয়োখন দেশৰ মাজত কোনো চুক্তি স্বাক্ষৰ কৰা হোৱা নাছিল। ঘৰুৱা উৎপাদন কম হোৱাৰ বাবে ভাৰতেও মে’ মাহত ঘেঁহু ৰপ্তানি বন্ধ কৰিছিল।

মোচেলীয়ে লগতে কয় যে ইজিপ্তে প্ৰায় ৫,০০,০০০ টন আমদানি কৃত ঘেঁহু ৰাহি কৰাৰ পৰিকল্পনা কৰিছে আৰু ২০২২/২৩ বিত্তীয় বৰ্ষৰ বাবে ৫ ৰ পৰা ৫.৫ নিযুত টন ঘেঁহু আমদানি কৰাৰ পৰিকল্পনা কৰিছে। দেশখনে উৎপাদিত শস্যৰ পৰা অধিক পৰিমাণৰ ময়দা আহৰণ কৰাৰ উপায় উদ্ভাৱনৰ বাবেও প্ৰচেষ্টা চলাই আছে বুলি তেওঁ লগতে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিলে ভাৰতে পৰিণাম ভুগিব লাগিব! আমেৰিকাৰ সকীয়নি
ছালৰ যতন লওক দৈনিক, এই সমূহ অভ্যাসে আপোনাৰ ছাল সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব
ৰমেন দাই পুৱা পিন্ধা কাপোযোৰ গধূলি নিপিন্ধে,মই নাভাবোঁ ৰমেন দা ঘূৰি আহিব: দ্বীপেন বৰুৱা
জে পি দাসলৈ জীৱনজোৰা সংগীত কর্ম বঁটা
নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান! পাৰমাণৱিক কেন্দ্ৰৰ ওচৰতে পৰিল শ্বাহীন-৩
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন