--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি ‘অগ্নিপথ’ক কেন্দ্ৰ কৰি জ্বলি উঠিছে সমগ্ৰ দেশ। দেশৰ প্ৰতিৰক্ষা বিভাগত নিযুক্তিৰ বাবে ঘোষণা কৰা এই আঁচনিৰ যোগেদি  প্ৰতিৰক্ষা বিভাগত সামৰিক বিভাগত ঠিকাভিত্তিক নিযুক্তি দিয়াৰ চক্ৰান্ত কৰিছে বুলি অভিযোগ তুলি নিযুক্তি প্ৰত্যাশী যুৱ প্ৰজন্মই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে নামি পৰিছে জংগী আন্দোলনত বিশেষকৈ বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ আদি ৰাজ্যত প্ৰতিবাদে ব্যাপক ৰূপ ধাৰণ কৰিছে। 

ইতিমধ্যে এই অগ্নিপথ বিৰোধী আন্দোলন ক্ৰমাৎ হিংসাত্মক হৈ উঠিছে। ব্যাপক প্ৰতিবাদী কাৰ্যসূচীৰে আজি বিহাৰত বন্ধও ঘোষণা কৰা হৈছে। এনে প্ৰতিবাদী ধামখুমীয়াৰ মাজতে আন্দোলনক দুৰ্বল কৰি তুলিবলৈ অগ্নিপথ আঁচনিৰ জৰিয়তে নিযুক্তি লাভ কৰা ১০ শতাংশ অগ্নিবীৰৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত সংৰক্ষণৰ টোপো ঘোষণা কৰিছে কেন্দ্ৰই। কিন্তু কেন্দ্ৰৰ এই লোভনীয় টোপত ভুল নগৈ প্ৰতিবাদী যুৱক-যুৱতী সকলে অব্যাহত ৰাখিছে আন্দোলন।

ইতিমধ্যে এই আন্দোলনে ৰাজনৈতিক সমৰ্থনো লাভ কৰিছে। বিৰোধী দলসমূহে প্ৰতিবাদৰ প্ৰতি সমৰ্থন আগবঢ়াই চৰকাৰৰ অগ্নিপথ আঁচনি বাতিল কৰিবলৈ দাবী জনাইছে। এনে সময়তে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে অগ্নিপথ প্ৰসঙ্গত বিজেপি চৰকাৰখনক কঠোৰ সমালোচনাৰে থকা-সৰকা কৰিছে। 

বিজেপি চৰকাৰ দেশৰ যুৱচামৰ বিৰুদ্ধে এই ষড়যন্ত্ৰত বিফল হ’ব বুলি সকীয়াই দি ৰাহুল গান্ধীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে যেনেদৰে কৃষকসকলৰ নিৰন্তৰ প্ৰতিবাদৰ পিছত কৃষি আইন প্ৰত্যাহাৰ কৰিব লগা হৈছিল, সেইদৰেই অগ্নিপথ নিযুক্তি আঁচনি খন ঘূৰাই ল'বলৈ বাধ্য হ'ব।

প্ৰধানমন্ত্ৰীনৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰি গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰ তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ সময়ত কৃষকসকলৰ ওচৰত ক্ষমা বিচাৰিছিল। এইবাৰ দ্বিতীয়বাৰৰ বাবে তেওঁ দেশৰ যুৱপ্ৰজন্মৰ ওচৰত ক্ষমা বিচাৰিব লাগিব।

এক টুইট যোগে ৰাহুল গান্ধীয়ে কয়, "একেৰাহে ৮ বছৰ ধৰি বিজেপি চৰকাৰে 'জয় জোৱান, জয় কিষাণ'ৰ মূল্যবোধক অপমান কৰিছে। মই আগতেও কৈছিলো যে প্ৰধানমন্ত্ৰীয়ে ক'লা কৃষি আইন প্ৰত্যাহাৰ কৰিব লাগিব। একেদৰে, তেওঁ 'মাফিবীৰ' হৈ দেশৰ যুৱক-যুৱতীসকলৰ দাবী মানি ল’বলৈ বাধ্য হ’ব আৰু 'অগ্নিপথ' ঘূৰাই ল'ব লাগিব।" 

ইফালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাইও অগ্নিপথ সন্দৰ্ভত চৰকাৰৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰে। তেওঁ অভিযোগ কৰে যে চৰকাৰে নিবনুৱা যুৱক-যুৱতীসকলৰ বেদনা আৰু হতাশা বুজি নাপায়। এই যুৱক-যুৱতীসকলক সহায় কৰাৰ পৰিৱৰ্তে চৰকাৰে প্ৰাৰ্থীসকলৰ নিযুক্তি, পদবী আৰু পেঞ্চনৰ আশা কাঢ়িহে লৈছে।

উল্লেখ্য যে মঙলবাৰে আঁচনিখন উন্মোচন কৰি কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ অধীনত ১৭.৫ ৰ পৰা ২১ বছৰ বয়সৰ যুৱক-যুৱতীসকলক চাৰি বছৰৰ কাৰ্যকালৰ বাবে সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত কৰা হ'ব বুলি ঘোষণা কৰিছিল। পিছত এই বয়সৰ সীমা দুবছৰলৈ বৃদ্ধি কৰা হৈছেল। আনহাতে অগ্নিপথ যোজনাৰ অধীনত নিযুক্তি পোৱা অগ্নিবীৰক নিয়মীয়া সেৱাৰ বাবে ৰখা হ'ব বুলিও ঘোষণা কৰিছিল।

কিন্তু আঁচনিখনৰ নানা সুৰুঙাৰ দিশ আঙুলিয়াই দি সেনাৰ নিযুক্তি প্ৰত্যাশী যুৱক-যুৱতীসকলে চৰকাৰৰ এই অগ্নিপথ আঁচনিৰ বিৰোধিতা কৰে আৰু এক জোৰদাৰ আন্দোলন গঢ়ি তোলে। সম্প্ৰতি এই আন্দোলনে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। গতিকে ৰাহুল গান্ধীৰ ভৱিষ্যতবাণীৰ দৰেই কেন্দ্ৰীয় চৰকাৰে এই আঁচনি প্ৰত্যাহাৰ কৰে নে কাৰ্যকৰী কৰে সি লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু