--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি ‘অগ্নিপথ’ক কেন্দ্ৰ কৰি জ্বলি উঠিছে সমগ্ৰ দেশ। দেশৰ প্ৰতিৰক্ষা বিভাগত নিযুক্তিৰ বাবে ঘোষণা কৰা এই আঁচনিৰ যোগেদি  প্ৰতিৰক্ষা বিভাগত সামৰিক বিভাগত ঠিকাভিত্তিক নিযুক্তি দিয়াৰ চক্ৰান্ত কৰিছে বুলি অভিযোগ তুলি নিযুক্তি প্ৰত্যাশী যুৱ প্ৰজন্মই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে নামি পৰিছে জংগী আন্দোলনত বিশেষকৈ বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ আদি ৰাজ্যত প্ৰতিবাদে ব্যাপক ৰূপ ধাৰণ কৰিছে। 

ইতিমধ্যে এই অগ্নিপথ বিৰোধী আন্দোলন ক্ৰমাৎ হিংসাত্মক হৈ উঠিছে। ব্যাপক প্ৰতিবাদী কাৰ্যসূচীৰে আজি বিহাৰত বন্ধও ঘোষণা কৰা হৈছে। এনে প্ৰতিবাদী ধামখুমীয়াৰ মাজতে আন্দোলনক দুৰ্বল কৰি তুলিবলৈ অগ্নিপথ আঁচনিৰ জৰিয়তে নিযুক্তি লাভ কৰা ১০ শতাংশ অগ্নিবীৰৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত সংৰক্ষণৰ টোপো ঘোষণা কৰিছে কেন্দ্ৰই। কিন্তু কেন্দ্ৰৰ এই লোভনীয় টোপত ভুল নগৈ প্ৰতিবাদী যুৱক-যুৱতী সকলে অব্যাহত ৰাখিছে আন্দোলন।

ইতিমধ্যে এই আন্দোলনে ৰাজনৈতিক সমৰ্থনো লাভ কৰিছে। বিৰোধী দলসমূহে প্ৰতিবাদৰ প্ৰতি সমৰ্থন আগবঢ়াই চৰকাৰৰ অগ্নিপথ আঁচনি বাতিল কৰিবলৈ দাবী জনাইছে। এনে সময়তে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে অগ্নিপথ প্ৰসঙ্গত বিজেপি চৰকাৰখনক কঠোৰ সমালোচনাৰে থকা-সৰকা কৰিছে। 

বিজেপি চৰকাৰ দেশৰ যুৱচামৰ বিৰুদ্ধে এই ষড়যন্ত্ৰত বিফল হ’ব বুলি সকীয়াই দি ৰাহুল গান্ধীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে যেনেদৰে কৃষকসকলৰ নিৰন্তৰ প্ৰতিবাদৰ পিছত কৃষি আইন প্ৰত্যাহাৰ কৰিব লগা হৈছিল, সেইদৰেই অগ্নিপথ নিযুক্তি আঁচনি খন ঘূৰাই ল'বলৈ বাধ্য হ'ব।

প্ৰধানমন্ত্ৰীনৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰি গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰ তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ সময়ত কৃষকসকলৰ ওচৰত ক্ষমা বিচাৰিছিল। এইবাৰ দ্বিতীয়বাৰৰ বাবে তেওঁ দেশৰ যুৱপ্ৰজন্মৰ ওচৰত ক্ষমা বিচাৰিব লাগিব।

এক টুইট যোগে ৰাহুল গান্ধীয়ে কয়, "একেৰাহে ৮ বছৰ ধৰি বিজেপি চৰকাৰে 'জয় জোৱান, জয় কিষাণ'ৰ মূল্যবোধক অপমান কৰিছে। মই আগতেও কৈছিলো যে প্ৰধানমন্ত্ৰীয়ে ক'লা কৃষি আইন প্ৰত্যাহাৰ কৰিব লাগিব। একেদৰে, তেওঁ 'মাফিবীৰ' হৈ দেশৰ যুৱক-যুৱতীসকলৰ দাবী মানি ল’বলৈ বাধ্য হ’ব আৰু 'অগ্নিপথ' ঘূৰাই ল'ব লাগিব।" 

ইফালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাইও অগ্নিপথ সন্দৰ্ভত চৰকাৰৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰে। তেওঁ অভিযোগ কৰে যে চৰকাৰে নিবনুৱা যুৱক-যুৱতীসকলৰ বেদনা আৰু হতাশা বুজি নাপায়। এই যুৱক-যুৱতীসকলক সহায় কৰাৰ পৰিৱৰ্তে চৰকাৰে প্ৰাৰ্থীসকলৰ নিযুক্তি, পদবী আৰু পেঞ্চনৰ আশা কাঢ়িহে লৈছে।

উল্লেখ্য যে মঙলবাৰে আঁচনিখন উন্মোচন কৰি কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ অধীনত ১৭.৫ ৰ পৰা ২১ বছৰ বয়সৰ যুৱক-যুৱতীসকলক চাৰি বছৰৰ কাৰ্যকালৰ বাবে সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত কৰা হ'ব বুলি ঘোষণা কৰিছিল। পিছত এই বয়সৰ সীমা দুবছৰলৈ বৃদ্ধি কৰা হৈছেল। আনহাতে অগ্নিপথ যোজনাৰ অধীনত নিযুক্তি পোৱা অগ্নিবীৰক নিয়মীয়া সেৱাৰ বাবে ৰখা হ'ব বুলিও ঘোষণা কৰিছিল।

কিন্তু আঁচনিখনৰ নানা সুৰুঙাৰ দিশ আঙুলিয়াই দি সেনাৰ নিযুক্তি প্ৰত্যাশী যুৱক-যুৱতীসকলে চৰকাৰৰ এই অগ্নিপথ আঁচনিৰ বিৰোধিতা কৰে আৰু এক জোৰদাৰ আন্দোলন গঢ়ি তোলে। সম্প্ৰতি এই আন্দোলনে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। গতিকে ৰাহুল গান্ধীৰ ভৱিষ্যতবাণীৰ দৰেই কেন্দ্ৰীয় চৰকাৰে এই আঁচনি প্ৰত্যাহাৰ কৰে নে কাৰ্যকৰী কৰে সি লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement