--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগ বছৰ মঞ্চৰ পৰা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল মডেল তথা অভিনেত্ৰী উৰ্ফি জাভেদে। এতিয়া প্ৰায়ে বাতৰিৰ শিৰোনামত থকা দেখা যায় উৰ্ফি জাভেদক। পাছে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অভিনয়ৰ বাবে নহয় ভিন্নৰূপী পোছাকৰ বাবে বাৰে বাৰে বিতৰ্কৰ সন্মুখীন হৈ আহিছে। একাংশই উৰ্ফিক সস্তীয়া কেটৰিনা কাঈফ বুলি অভিহিত কৰিছে যদিও এই কথাবোৰক এৰাই চলে উৰ্ফিয়ে। তাৰ পৰিৱৰ্তে, উৰ্ফিয়ে সদায় কয়, ‘মই ট্ৰলিংক সদায় ট্ৰল কৰোঁ। এইবোৰে মোক প্ৰভাৱিত নকৰে। এনে সমালোচনাই কেতিয়াও মোৰ কেৰিয়াৰ নষ্ট কৰিব নোৱাৰে। এতিয়া মই এনে এটা পৰ্যায়লৈ আহিছো য'ত এনে সমালোচক সকলে মোৰ কোনো ক্ষতি কৰিব নোৱাৰে। মই তেনেকুৱা মানুহক গুৰুত্ব নিদিওঁ।’

পাছে যিহেতু অভিনেত্ৰীগৰাকীয়ে বলীউডৰ সৈতে পোনপটীয়াকৈ জড়িত নহয় তাকে লৈয়ো বহুতে উপহাস কৰে উৰ্ফি জাভেদক। এতিয়ালৈকে, নিচৰা ধৰণে কোনো কামো বিচাৰি পোৱা নাই অভিনেত্ৰীগৰাকীয়ে। এটা সাক্ষাৎকাৰত উৰ্ফি জাভেদে কয়, ‘টিভি উদ্যোগত সন্মান পোৱা নাই। কোনেও ভাল কাম দিবলৈ বিচৰা নাই।’ স্বাভাৱিকতে,  বিগ-বছৰ পৰা জনপ্ৰিয়তা অৰ্জন কৰিলেও সদায় নিজৰ প্ৰচেষ্টাৰে জীৱনৰ বাট বুলিব বিচাৰে বিতৰ্কিত অভিনেত্ৰীগৰাকীয়ে।

তেওঁ লগতে কয়, ‘বিভিন্ন টিভি অনুষ্ঠানসমূহেও মোক তেনেদৰে সন্মান দিয়া নাই। কোনেও মোক কাষ্টিঙৰ বাবে বিচৰা নাই।’ এই সাক্ষাত্‍কাৰটোৰ মাজতে বিভিন্ন কাষ্টিং হাউছৰ বিভিন্ন বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। তেওঁ কয়, ‘বহুতে মোক মোৰ পোছাকক লৈ নানা ধৰণে কটাক্ষ কৰে।’ স্মৰ্তব্য যে,  কেইদিনমান পূৰ্বে কাশ্মীৰা শ্বাহ আৰু ফাৰাহ খান আলীয়ে উৰ্ফি জাভেদৰ ফেশ্বন চেঞ্চক লৈ সমালোচনা কৰিছিল।  ‌দিনদিয়েক আগেয়ে পৰ্ণ ছবিত অভিনয়ৰ প্ৰস্তাৱো আহিছিল অভিনেত্ৰীগৰাকীলৈ। নিঃসন্দেহে পোছাকেই যে উৰ্ফিৰ জীৱনৰ হেঙাৰ হৈ দেখা দিছে সেয়া সহজে অনুমেয়। অভিনেত্ৰীগৰাকীয়েও এই কথা উপলব্ধি কৰা বুলি এতিয়া মনে ধৰিছে চলচ্চিত্ৰপ্ৰেমীৰো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অন্তর্ধান হ’ব ৮০% হিমবাহ; হিন্দুকুশ-হিমালয় অঞ্চললৈ অশনি সংকেত
কাজিৰঙাৰ চাৰিটা ম’হ মধ্য প্ৰদেশৰ কানহা বনাঞ্চললৈ
প্ৰকৃতিপ্ৰেমীৰ মনত আনন্দ; সুন্দৰ সুন্দৰ পৰিভ্ৰমী চৰাইৰে ভৰি পৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান
ৰাষ্ট্ৰীয় ৰেংকিং টেনিছৰ ছুপাৰ ছিৰিজ খিতাপ জয় অসম কন্যা ফাগুন জ্যোতিৰ
মধ্যপ্ৰদেশৰ বাৰগী বান্ধত শোকাবহ নাও দুৰ্ঘটনা: ৯ জনৰ সলিল সমাধি, উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ
ধৰ্মীয় অনুভূতিত আঘাতৰ গোচৰ: ভাৰতী সিং আৰু শেখৰ সুমনক বম্বে উচ্চ ন্যায়ালয়ৰ বৃহৎ সকাহ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ