--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে উত্তৰ প্ৰদেশৰ মথুৰাৰ শ্বাহী মছজিদৰ জৰীপৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। গোচৰৰ শুনানিৰ সময়ত শীৰ্ষ ন্যায়ালয়ে কয় যে আবেদনসমূহৰ ৰক্ষণাবেক্ষণযোগ্যতাৰ বিৰুদ্ধে মছজিদ পক্ষৰ আবেদন উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব লাগে।

ইয়াৰ পূৰ্বে এলাহাবাদ উচ্চ ন্যায়ালয়ে জৰীপ সম্পৰ্কীয় নিৰ্দেশ দিয়াৰ বিপৰীতে মথুৰা জিলা আদালতৰ পৰা উচ্চ ন্যায়ালয়লৈ সকলো গোচৰ হস্তান্তৰ কৰাৰ বিৰোধিতা কৰিছে শ্বাহী ঈদগাহ সমিতিয়ে। এই বিষয়ত এতিয়া ২০২৪ চনৰ ২৩ জানুৱাৰীত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত কি আছিল?

উল্লেখ্য যে এলাহাবাদ উচ্চ ন্যায়ালয়ে ২০২৩ চনৰ ১৪ ডিচেম্বৰত মথুৰাৰ শ্ৰী কৃষ্ণ জন্মভূমি মন্দিৰৰ গোচৰত ৰায় দিছিল। তাৰ পাছত উচ্চ ন্যায়ালয়ে মথুৰাৰ শ্ৰী কৃষ্ণ জন্মভূমি মন্দিৰ আৰু শ্বাহী ঈদগাহ মছজিদ বিবাদৰ বিবাদিত স্থানত জৰীপত অনুমোদন জনাইছিল। বিতৰ্কিত ভূমিৰ জৰীপ অধিবক্তা আয়ুক্তৰ জৰিয়তে কৰিবলৈ দিয়া দাবীতো আদালতে অনুমোদন জনাইছিল। আদালতে নিজৰ সিদ্ধান্তত জ্ঞানবাপী বিবাদৰ ধাৰাৰে অধিবক্তা আয়ুক্তৰ জৰিয়তে মথুৰাৰ বিবাদিত চৌহদৰ জৰীপ কৰিবলৈ নিৰ্দেশ দিছিল।

কোনে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল?

অধিবক্তা হৰিশংকৰ জৈন, বিষ্ণু শংকৰ জৈন, প্ৰভাশ পাণ্ডে আৰু দেৱকী নন্দনৰ জৰিয়তে ভগৱান শ্ৰী কৃষ্ণ বিৰাজমানকে ধৰি আন সাতজন ব্যক্তিয়ে এই আবেদন দাখিল কৰে। য’ত দাবী কৰা হৈছে যে সেই মছজিদৰ তলত ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থান উপস্থিত আছে আৰু বহুতো চিন আছে যিয়ে সেই মছজিদটো হিন্দু মন্দিৰ বুলি প্ৰমাণ কৰে।

আবেদনখনত কি দাবী আছিল

হিন্দু পক্ষৰ অধিবক্তা বিষ্ণু শংকৰ জৈনে জনোৱা মতে, উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত দাবী কৰা হৈছে যে পদুম আকৃতিৰ এটা স্তম্ভ আছে যিটো হিন্দু মন্দিৰৰ বৈশিষ্ট্য৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক