--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে উত্তৰ প্ৰদেশৰ মথুৰাৰ শ্বাহী মছজিদৰ জৰীপৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। গোচৰৰ শুনানিৰ সময়ত শীৰ্ষ ন্যায়ালয়ে কয় যে আবেদনসমূহৰ ৰক্ষণাবেক্ষণযোগ্যতাৰ বিৰুদ্ধে মছজিদ পক্ষৰ আবেদন উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব লাগে।

ইয়াৰ পূৰ্বে এলাহাবাদ উচ্চ ন্যায়ালয়ে জৰীপ সম্পৰ্কীয় নিৰ্দেশ দিয়াৰ বিপৰীতে মথুৰা জিলা আদালতৰ পৰা উচ্চ ন্যায়ালয়লৈ সকলো গোচৰ হস্তান্তৰ কৰাৰ বিৰোধিতা কৰিছে শ্বাহী ঈদগাহ সমিতিয়ে। এই বিষয়ত এতিয়া ২০২৪ চনৰ ২৩ জানুৱাৰীত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত কি আছিল?

উল্লেখ্য যে এলাহাবাদ উচ্চ ন্যায়ালয়ে ২০২৩ চনৰ ১৪ ডিচেম্বৰত মথুৰাৰ শ্ৰী কৃষ্ণ জন্মভূমি মন্দিৰৰ গোচৰত ৰায় দিছিল। তাৰ পাছত উচ্চ ন্যায়ালয়ে মথুৰাৰ শ্ৰী কৃষ্ণ জন্মভূমি মন্দিৰ আৰু শ্বাহী ঈদগাহ মছজিদ বিবাদৰ বিবাদিত স্থানত জৰীপত অনুমোদন জনাইছিল। বিতৰ্কিত ভূমিৰ জৰীপ অধিবক্তা আয়ুক্তৰ জৰিয়তে কৰিবলৈ দিয়া দাবীতো আদালতে অনুমোদন জনাইছিল। আদালতে নিজৰ সিদ্ধান্তত জ্ঞানবাপী বিবাদৰ ধাৰাৰে অধিবক্তা আয়ুক্তৰ জৰিয়তে মথুৰাৰ বিবাদিত চৌহদৰ জৰীপ কৰিবলৈ নিৰ্দেশ দিছিল।

কোনে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল?

অধিবক্তা হৰিশংকৰ জৈন, বিষ্ণু শংকৰ জৈন, প্ৰভাশ পাণ্ডে আৰু দেৱকী নন্দনৰ জৰিয়তে ভগৱান শ্ৰী কৃষ্ণ বিৰাজমানকে ধৰি আন সাতজন ব্যক্তিয়ে এই আবেদন দাখিল কৰে। য’ত দাবী কৰা হৈছে যে সেই মছজিদৰ তলত ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থান উপস্থিত আছে আৰু বহুতো চিন আছে যিয়ে সেই মছজিদটো হিন্দু মন্দিৰ বুলি প্ৰমাণ কৰে।

আবেদনখনত কি দাবী আছিল

হিন্দু পক্ষৰ অধিবক্তা বিষ্ণু শংকৰ জৈনে জনোৱা মতে, উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত দাবী কৰা হৈছে যে পদুম আকৃতিৰ এটা স্তম্ভ আছে যিটো হিন্দু মন্দিৰৰ বৈশিষ্ট্য৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু