--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কৃষক বিদ্ৰোহৰ সময়ত বিজেপি নেতাসকলৰ প্ৰতি কৃষকসকল স্বাভাৱিকতে হৈ পৰিছিল অতি বিক্ষুব্ধ। বিজেপি নেতা-কৰ্মীক একপ্ৰকাৰ ত্যাজ্য কৰি তোলা হৈছিল কৃষক বিদ্ৰোহৰ সময়ছোৱাত। ভাৰতীয় কৃষক সংঘৰ নেতাসকলে আনকি ছিছৌলীত বিজেপি নেতাৰ প্ৰৱেশ পৰ্যন্ত বন্ধ কৰি দিছিল। কৃষক বিদ্ৰোহৰ অগ্নি সম্পূৰ্ণৰূপে নিৰ্বাপিত নহ’লেও ইয়াৰ উত্তাপ এতিয়া কিছু শাম কাটিছে। তাৰ মাজতে সোমবাৰে প্ৰথমবাৰলৈ কেন্দ্ৰীয় মন্ত্ৰী সঞ্জীৱ বালিয়ান ছিছৌলীত উপস্থিত হয়। ছিছৌলীত উপস্থিত হোৱাই নহয় কেন্দ্ৰীয় পশুপালন মন্ত্ৰী ডাঃ সঞ্জীৱ বালিয়ানে উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত ভাৰতীয় কৃষক সংঘৰ অধ্যক্ষ চৌধুৰী নৰেশ টিকাইটক সাক্ষাৎ কৰে আৰু তেওঁৰ স্বাস্থ্যৰ বুজ লয়। কিছুদিন পূৰ্বে চৌধুৰী নৰেশ টিকাইটৰ কান্ধৰ অস্ত্ৰোপচাৰ হৈছিল। দীঘলীয়া কৃষক বিদ্ৰোহৰ পাছত প্ৰথমবাৰলৈ কেন্দ্ৰীয় মন্ত্ৰী বালিয়ান ছিছৌলীত উপস্থিত হয়। তেওঁ ছিছৌলীত উপস্থিত হোৱাৰ সময়ত ভাৰতীয় কৃষক সংঘ আৰু বিজেপিৰ নেতাসকলো উপস্থিত থাকে। উল্লেখ্য যে, ভাৰতীয় কৃষক সংঘৰ নেতা টিকাইট যোৱা সপ্তাহত বাথৰূমত পৰি আঘাত প্ৰাপ্ত হৈছিল। এই দুৰ্ঘটনাৰ ফলত তেওঁৰ বাও কান্ধত গুৰুতৰ আঘাত পায়। নয়দাৰ এখন হাস্পতালত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। উল্লেখ্য যে, ৰাষ্ট্ৰীয় লোক দলৰ অধ্যক্ষ জয়ন্ত সিঙো তেওঁক লগ পাবলৈ গৈছিল। তাৰ পাছতে কৃষক নেতাগৰাকীৰ ছিছৌলীৰ ঘৰলৈ বিভিন্ন লোকৰ আহ-যাহ চলি থাকে। নেতাগৰাকীৰ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে বিভিন্নজন নেতাই তেওঁৰ খা-খবৰ লোৱাৰ লগতে তেওঁৰ স্বাস্থ্যক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছিল। কিন্তু নেতাগৰাকীৰ পুত্ৰ গৌৰৱ টিকাইটে প্ৰকাশ কৰা অনুসৰি তেওঁ এতিয়া সম্পূৰ্ণৰূপে সুস্থিৰ স্বাস্থ্যৰে আছে। মন কৰিবলগীয়া কথাটো হৈছে যে, নৰেশ টিকাইটৰ স্বাস্থ্যৰ খবৰ ল’বলৈ কেন্দ্ৰীয় মন্ত্ৰী এগৰাকী যোৱাটো যে সম্পূৰ্ণ অৰাজনৈতিক কথা নাছিল সেইকথা এতিয়া স্পষ্ট হৈ পৰিছে। নৰেশ টিকাইটৰ দৰে কৃষক নেতাই সমাজবাদী পাৰ্টী আৰু ৰাষ্ট্ৰীয় লোক দল মিত্ৰজোঁটৰ প্ৰাৰ্থীক নিৰ্বাচনত জয়ী কৰিবলৈ আহ্বান জনাইছিল যদিও ২৪ঘণ্টাৰ ভিতৰতে তেওঁ স্থিতি সলনি কৰা দেখা গ’ল। কেন্দ্ৰীয় মন্ত্ৰী সঞ্জীৱ বালিয়ানক সাক্ষাৎ কৰাৰ পাছতে নৰেশ টিকাইটে স্থিতি সলনি কৰি কাকো সমৰ্থন নিদিয়াৰ কথা ব্যক্ত কৰিছে। অৰ্থাৎ উত্তৰ প্ৰদেশ নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ সমীকৰণ আৰু কৌশল অব্যাহত ৰাখিছে বিজেপিয়ে। এই নিৰ্বাচনত কৃষক সংগঠনসমূহৰ ভূমিকাই বিশেষ প্ৰভাৱ বিস্তাৰ যে কৰিব সেয়াও নিশ্চিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ