--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কৃষক বিদ্ৰোহৰ সময়ত বিজেপি নেতাসকলৰ প্ৰতি কৃষকসকল স্বাভাৱিকতে হৈ পৰিছিল অতি বিক্ষুব্ধ। বিজেপি নেতা-কৰ্মীক একপ্ৰকাৰ ত্যাজ্য কৰি তোলা হৈছিল কৃষক বিদ্ৰোহৰ সময়ছোৱাত। ভাৰতীয় কৃষক সংঘৰ নেতাসকলে আনকি ছিছৌলীত বিজেপি নেতাৰ প্ৰৱেশ পৰ্যন্ত বন্ধ কৰি দিছিল। কৃষক বিদ্ৰোহৰ অগ্নি সম্পূৰ্ণৰূপে নিৰ্বাপিত নহ’লেও ইয়াৰ উত্তাপ এতিয়া কিছু শাম কাটিছে। তাৰ মাজতে সোমবাৰে প্ৰথমবাৰলৈ কেন্দ্ৰীয় মন্ত্ৰী সঞ্জীৱ বালিয়ান ছিছৌলীত উপস্থিত হয়। ছিছৌলীত উপস্থিত হোৱাই নহয় কেন্দ্ৰীয় পশুপালন মন্ত্ৰী ডাঃ সঞ্জীৱ বালিয়ানে উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত ভাৰতীয় কৃষক সংঘৰ অধ্যক্ষ চৌধুৰী নৰেশ টিকাইটক সাক্ষাৎ কৰে আৰু তেওঁৰ স্বাস্থ্যৰ বুজ লয়। কিছুদিন পূৰ্বে চৌধুৰী নৰেশ টিকাইটৰ কান্ধৰ অস্ত্ৰোপচাৰ হৈছিল। দীঘলীয়া কৃষক বিদ্ৰোহৰ পাছত প্ৰথমবাৰলৈ কেন্দ্ৰীয় মন্ত্ৰী বালিয়ান ছিছৌলীত উপস্থিত হয়। তেওঁ ছিছৌলীত উপস্থিত হোৱাৰ সময়ত ভাৰতীয় কৃষক সংঘ আৰু বিজেপিৰ নেতাসকলো উপস্থিত থাকে। উল্লেখ্য যে, ভাৰতীয় কৃষক সংঘৰ নেতা টিকাইট যোৱা সপ্তাহত বাথৰূমত পৰি আঘাত প্ৰাপ্ত হৈছিল। এই দুৰ্ঘটনাৰ ফলত তেওঁৰ বাও কান্ধত গুৰুতৰ আঘাত পায়। নয়দাৰ এখন হাস্পতালত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। উল্লেখ্য যে, ৰাষ্ট্ৰীয় লোক দলৰ অধ্যক্ষ জয়ন্ত সিঙো তেওঁক লগ পাবলৈ গৈছিল। তাৰ পাছতে কৃষক নেতাগৰাকীৰ ছিছৌলীৰ ঘৰলৈ বিভিন্ন লোকৰ আহ-যাহ চলি থাকে। নেতাগৰাকীৰ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে বিভিন্নজন নেতাই তেওঁৰ খা-খবৰ লোৱাৰ লগতে তেওঁৰ স্বাস্থ্যক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছিল। কিন্তু নেতাগৰাকীৰ পুত্ৰ গৌৰৱ টিকাইটে প্ৰকাশ কৰা অনুসৰি তেওঁ এতিয়া সম্পূৰ্ণৰূপে সুস্থিৰ স্বাস্থ্যৰে আছে। মন কৰিবলগীয়া কথাটো হৈছে যে, নৰেশ টিকাইটৰ স্বাস্থ্যৰ খবৰ ল’বলৈ কেন্দ্ৰীয় মন্ত্ৰী এগৰাকী যোৱাটো যে সম্পূৰ্ণ অৰাজনৈতিক কথা নাছিল সেইকথা এতিয়া স্পষ্ট হৈ পৰিছে। নৰেশ টিকাইটৰ দৰে কৃষক নেতাই সমাজবাদী পাৰ্টী আৰু ৰাষ্ট্ৰীয় লোক দল মিত্ৰজোঁটৰ প্ৰাৰ্থীক নিৰ্বাচনত জয়ী কৰিবলৈ আহ্বান জনাইছিল যদিও ২৪ঘণ্টাৰ ভিতৰতে তেওঁ স্থিতি সলনি কৰা দেখা গ’ল। কেন্দ্ৰীয় মন্ত্ৰী সঞ্জীৱ বালিয়ানক সাক্ষাৎ কৰাৰ পাছতে নৰেশ টিকাইটে স্থিতি সলনি কৰি কাকো সমৰ্থন নিদিয়াৰ কথা ব্যক্ত কৰিছে। অৰ্থাৎ উত্তৰ প্ৰদেশ নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ সমীকৰণ আৰু কৌশল অব্যাহত ৰাখিছে বিজেপিয়ে। এই নিৰ্বাচনত কৃষক সংগঠনসমূহৰ ভূমিকাই বিশেষ প্ৰভাৱ বিস্তাৰ যে কৰিব সেয়াও নিশ্চিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ