--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আফগানিস্তানত এতিয়া ভোকত কলমলাইছে শিশু৷ দৰিদ্ৰতাই ছানি ধৰিছে তালিবান অধ্যুষিত ৰাষ্ট্ৰখনৰ সামাজিক পৰিকাঠামোক৷ নিৰাশাই খেদি ফুৰিছে আফগানসকলক৷ আফগানিস্তানৰ সমস্যাজৰ্জৰ অৰ্থনীতিত পুঁজিৰ অভাৱৰ ফলত দিনে দিনে বৃদ্ধি পাইছে দৰিদ্ৰতা৷ ৰাষ্ট্ৰসংঘই সতৰ্ক কৰি দিছে যে প্ৰায় ২৩ নিযুত আফগান, মুঠ জনসংখ্যাৰ প্ৰায় ৫৫ শতাংশ লোকে দিন যাপন কৰিছে ক্ষুধাত৷ প্ৰায় ৯ নিযুত লোক দুৰ্ভিক্ষৰ মুখামুখি হোৱাৰ আশংকাত কৰিছে ৰাষ্ট্ৰসংঘই৷  
  • কেনে আছে আফগানিস্তানৰ দাৰিদ্ৰ্যপীড়িত শিশুবোৰ?
আফগানিস্তানত এতিয়া প্ৰচণ্ড শীতত শিশুবোৰ আবদ্ধ হৈ আছে অস্থায়ী শিবিৰত৷ আনহাতে চিকিৎসালয়ত থকা অসুস্থ শিশুবোৰ তেওঁলোকৰ মাতৃৰ বোৰ্খাৰে মেৰিয়াই থোৱা আছে। ইফালে, দেশখনে এনে নিৰাশাজনক সময়ত চূড়ান্ত পৰ্যায়ত বিপৰ্যস্ত হোৱাৰ লগে লগে খাদ্য বিতৰণ কেন্দ্ৰসমূহত দেখা গৈছে দীঘল শাৰী৷ এমুঠি অন্নৰ বাবে আৰ্তনাদত চিঞৰি উঠিছে অবোধ আফগান শিশুবোৰ৷ যোৱা বছৰৰ ১৫ আগষ্টত কাবুলত তালিবানৰ অধিগ্ৰহণৰ পাছৰে পৰা ইতিমধ্যেই যুদ্ধবিধ্বস্ত অৰ্থনীতিয়ে দেশখনক এসময়ত কেৱল আন্তৰ্জাতিক অনুদানৰ দ্বাৰা জীয়াই ৰাখিছিল৷ এতিয়া ৰুদ্ধ হৈ পৰিছে সেই পথো৷ চিকিৎসালয়ৰ বাবে নাই পৰ্যাপ্ত ধন৷ অইন আফগান নাগৰিকৰ দৰে এগৰাকী আফগান মহিলা ছালিহাই তেওঁৰ নৱজাতক পুত্ৰক কাবুলৰ ইন্দিৰা গান্ধী শিশু চিকিৎসালয়লৈ লৈ গৈছিল। দুৰ্বল আৰু ভগ্নস্বাস্থ্যৰ চাৰিমহীয়া নাজিব পুষ্টিহীনতাত আক্ৰান্ত আছিল৷ আফগানিস্তানৰ বহুতো দৰিদ্ৰ লোকৰ বাবে এতিয়া এখন পিঠাই হৈছে তেওঁলোকৰ প্ৰধান খাদ্য৷ মহিলা আৰু শিশুসকলে সূৰ্য উদয়ৰ পাছৰে পৰা বেকাৰীৰ বাহিৰত এখন পিঠা পাবলৈ শাৰী পাতি থাকে। বিশ্ব স্বাস্থ্য সংস্থায়ো লাখ লাখ আফগান শিশু পুষ্টিহীনতাত ভুগি থকাৰ কথা সদৰি কৰিছে৷ আফগানিস্তানৰ পূৰ্বৰ চৰকাৰৰ বাজেটৰ প্ৰায় ৮০ শতাংশ ধন আহিছিল আন্তৰ্জাতিক সম্প্ৰদায়ৰ পৰা। সেই ধন এতিয়া কৰ্তন কৰা হৈছে৷ নিষেধাজ্ঞাই বেংকসমূহক দেউলিয়া কৰি তুলিছে, আনহাতে আফগানিস্তানৰ বিলিয়ন ডলাৰৰ পুঁজি আৰু সম্পত্তি বিদেশত সঞ্চিত হৈ আছে৷ ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, ৰাষ্ট্ৰসংঘই তালিবান চৰকাৰক উপেক্ষা কৰি আফগানসকলক কেনেকৈ মানৱীয় সাহায্য প্ৰদান কৰিব পাৰে, তাৰ উপায় বিচাৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ