--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া সমগ্ৰ দেশ ‘শ্ৰীৱল্লী’ জ্বৰত আক্ৰান্ত। দক্ষিণৰ ছুপাৰ-ডুপাৰ হিট চিনেমা হিচাপে বিবেচিত হোৱা ‘পুষ্পা-দ্যা ৰাইজ’ নামৰ চিনেমাখনৰ গান শ্ৰীৱল্লী। শ্ৰীৱল্লী গানটোত আল্লু অৰ্জুনৰ এটা ডেন্স ষ্টেপ ভাইৰেল হৈ পৰিছে। সেই ডেন্স ষ্টেপটো অণুসৰণ কৰি অগণন লোকে কৰিছে নৃত্য। সাধাৰণজনৰ পৰা চেলিব্ৰিটীলৈ এটাই ছন্দ-‘শ্ৰীৱল্লী’। শ্ৰীৱল্লী গানটোত নচাৰ লোভ সামৰিব নোৱাৰিলে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰেও। ক্ৰিকেটাৰজনে ছানগ্লাছ পিন্ধি আল্লু অৰ্জুনৰ দৰেই ডেন্স ষ্টেপটো অণুসৰণ কৰে। এই ভিডিঅ’টো তেওঁ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। শ্বেয়াৰ কৰাৰ লগে লগে ভিডিঅ’টো তীব্ৰ গতিত ভাইৰেল হৈ পৰে। https://twitter.com/HydTimes/status/1484746081845997569?s=20 ইনষ্টাগ্ৰামত ৱাৰ্ণাৰে উক্ত নৃত্যাংশৰ ভিডিঅ’ শ্বেয়াৰ কৰি কেইবাটাও হাঁহিৰ ইমজীৰ সৈতে “পুষ্পা হোৱাটছ নেক্সট?” বুলি কেপশ্যন দিয়ে। ডেভিদ ৱাৰ্ণাৰৰ ভিডিঅ’টোত আল্লু অৰ্জুনেও কমেণ্ট কৰিছে। অনুৰাগীসকলে ক্ৰিকেটাৰজনৰ মনোৰঞ্জনৰ শেহতীয়া প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰে। বহুতে তেওঁক 'পুষ্পা ৱাৰ্ণাৰ' বুলি অভিহিত কৰে। "গুৰুজী আপুনি সৰ্বশ্ৰেষ্ঠ সংস্কৰণ," বুলি এজন অনুৰাগীয়ে মন্তব্য কৰে। "টলিউডলৈ আহক আৰু চিনেমা নিৰ্মাণ কৰক ছাৰ," বুলি আন এজনে অনুৰোধ কৰিছিল। কিছুমানে অনুৰোধ কৰিছিল যে তেওঁ পত্নী কেণ্ডিচৰ সৈতে পুষ্পা-দ্যা ৰাইজৰ আন এটা জনপ্ৰিয় গান ‘চামি চামী’ৰ ওপৰত এটা ৰিল বনাব লাগে। উল্লেখ্য যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ছানৰাইজাৰ্ছ হায়দৰাবাদ দলৰ সৈতে তেওঁৰ কাৰ্যকালত ডেভিদে ভাৰতীয় চলচ্চিত্ৰ বিশেষকৈ তেলেগু চলচ্চিত্ৰৰ প্ৰতি থকা ভালপোৱা প্ৰকাশ কৰিছিল। ইয়াৰ পূৰ্বেও ডেভিড ৱাৰ্ণাৰে লকডাউনৰ সময়ত বহুকেইটা বলীউদ তথা দক্ষিণৰ গানত নৃত্য কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। ভাৰতীয় চলচ্চিত্ৰ আৰু সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত ডেভিড ৱাৰ্ণাৰে ইয়াৰ পূৰ্বেও ভাৰতৰ সভ্যতা, সংস্কৃতি, ভাষা আদিৰ উচ্চ প্ৰশংসা কৰি বিদেশৰ অন্য লোকসকলকো ভাৰত ভ্ৰমণলৈ অহাৰ বাবে আহ্বান জনাইছিল। ৩৫ বছৰীয়া ক্ৰিকেটাৰজনে ছ'চিয়েল মিডিয়াত নৃত্য বা অন্য ধেমেলীয়া ভিডিঅ'বোৰ শ্বেয়াৰ কৰাৰ প্ৰসংগত কৈছিল, "আমি সদায় একেটা কাম কৰি নাথাকি কেতিয়াবা অলপ বেলেগ ধৰণৰ কামো কৰি চাব লাগে। মই মানুহৰ মুখত সদায় হাঁহি জিলিকি থকাটো বিচাৰোঁ। টিকটক, টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে মই আৰু মোৰ পৰিয়ালে সেই কামটো কৰিবলৈ সক্ষম হৈছোঁ।" আৰু পঢ়কঃ পথ দুৰ্ঘটনাত মৃত্যু ২১ বছৰীয়া বিভূতি বৰাৰ; অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু