--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া সমগ্ৰ দেশ ‘শ্ৰীৱল্লী’ জ্বৰত আক্ৰান্ত। দক্ষিণৰ ছুপাৰ-ডুপাৰ হিট চিনেমা হিচাপে বিবেচিত হোৱা ‘পুষ্পা-দ্যা ৰাইজ’ নামৰ চিনেমাখনৰ গান শ্ৰীৱল্লী। শ্ৰীৱল্লী গানটোত আল্লু অৰ্জুনৰ এটা ডেন্স ষ্টেপ ভাইৰেল হৈ পৰিছে। সেই ডেন্স ষ্টেপটো অণুসৰণ কৰি অগণন লোকে কৰিছে নৃত্য। সাধাৰণজনৰ পৰা চেলিব্ৰিটীলৈ এটাই ছন্দ-‘শ্ৰীৱল্লী’। শ্ৰীৱল্লী গানটোত নচাৰ লোভ সামৰিব নোৱাৰিলে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰেও। ক্ৰিকেটাৰজনে ছানগ্লাছ পিন্ধি আল্লু অৰ্জুনৰ দৰেই ডেন্স ষ্টেপটো অণুসৰণ কৰে। এই ভিডিঅ’টো তেওঁ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। শ্বেয়াৰ কৰাৰ লগে লগে ভিডিঅ’টো তীব্ৰ গতিত ভাইৰেল হৈ পৰে। https://twitter.com/HydTimes/status/1484746081845997569?s=20 ইনষ্টাগ্ৰামত ৱাৰ্ণাৰে উক্ত নৃত্যাংশৰ ভিডিঅ’ শ্বেয়াৰ কৰি কেইবাটাও হাঁহিৰ ইমজীৰ সৈতে “পুষ্পা হোৱাটছ নেক্সট?” বুলি কেপশ্যন দিয়ে। ডেভিদ ৱাৰ্ণাৰৰ ভিডিঅ’টোত আল্লু অৰ্জুনেও কমেণ্ট কৰিছে। অনুৰাগীসকলে ক্ৰিকেটাৰজনৰ মনোৰঞ্জনৰ শেহতীয়া প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰে। বহুতে তেওঁক 'পুষ্পা ৱাৰ্ণাৰ' বুলি অভিহিত কৰে। "গুৰুজী আপুনি সৰ্বশ্ৰেষ্ঠ সংস্কৰণ," বুলি এজন অনুৰাগীয়ে মন্তব্য কৰে। "টলিউডলৈ আহক আৰু চিনেমা নিৰ্মাণ কৰক ছাৰ," বুলি আন এজনে অনুৰোধ কৰিছিল। কিছুমানে অনুৰোধ কৰিছিল যে তেওঁ পত্নী কেণ্ডিচৰ সৈতে পুষ্পা-দ্যা ৰাইজৰ আন এটা জনপ্ৰিয় গান ‘চামি চামী’ৰ ওপৰত এটা ৰিল বনাব লাগে। উল্লেখ্য যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ছানৰাইজাৰ্ছ হায়দৰাবাদ দলৰ সৈতে তেওঁৰ কাৰ্যকালত ডেভিদে ভাৰতীয় চলচ্চিত্ৰ বিশেষকৈ তেলেগু চলচ্চিত্ৰৰ প্ৰতি থকা ভালপোৱা প্ৰকাশ কৰিছিল। ইয়াৰ পূৰ্বেও ডেভিড ৱাৰ্ণাৰে লকডাউনৰ সময়ত বহুকেইটা বলীউদ তথা দক্ষিণৰ গানত নৃত্য কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। ভাৰতীয় চলচ্চিত্ৰ আৰু সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত ডেভিড ৱাৰ্ণাৰে ইয়াৰ পূৰ্বেও ভাৰতৰ সভ্যতা, সংস্কৃতি, ভাষা আদিৰ উচ্চ প্ৰশংসা কৰি বিদেশৰ অন্য লোকসকলকো ভাৰত ভ্ৰমণলৈ অহাৰ বাবে আহ্বান জনাইছিল। ৩৫ বছৰীয়া ক্ৰিকেটাৰজনে ছ'চিয়েল মিডিয়াত নৃত্য বা অন্য ধেমেলীয়া ভিডিঅ'বোৰ শ্বেয়াৰ কৰাৰ প্ৰসংগত কৈছিল, "আমি সদায় একেটা কাম কৰি নাথাকি কেতিয়াবা অলপ বেলেগ ধৰণৰ কামো কৰি চাব লাগে। মই মানুহৰ মুখত সদায় হাঁহি জিলিকি থকাটো বিচাৰোঁ। টিকটক, টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে মই আৰু মোৰ পৰিয়ালে সেই কামটো কৰিবলৈ সক্ষম হৈছোঁ।" আৰু পঢ়কঃ পথ দুৰ্ঘটনাত মৃত্যু ২১ বছৰীয়া বিভূতি বৰাৰ; অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ