--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ আন কোনো তাৰকাৰ তুলনাত বছৰত তেওঁৰ ছবিৰ সংখ্যা সৰ্বাধিক। কিন্তু শেহতীয়াকৈ অক্ষয় কুমাৰৰ কেইবাখনো ছবি ফ্লপ হোৱাৰ পাছতো অভিনেতাগৰাকীয়ে অভিনয়ৰ পৰা বিৰতি ল’ব পাৰে বুলি কোনো বক্তব্য দিয়া নাই। কিন্তু বক্স অফিচত ‘বদে মীনা ছোটে মীনা’ বিফল হোৱাৰ পাছত অক্ষয়ে বলীউডত এক নতুন প্ৰথা আৰম্ভ কৰিছে।

এইবাৰ পৰিচালক তথা নৃত্য পৰিচালক আহমেদ খানে অক্ষয়ৰ সমৰ্থনত মুখ মেলিলে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত আহমেদে অক্ষয়ৰ ইটোৰ পিছত সিটো শ্বুটিং সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে। হিৰোপন্তী ২ৰ পৰিচালকে ক'লে, "অক্ষয়ে টকাৰ বাবে কাম কৰে নেকি! তেওঁক টকাৰ প্ৰয়োজন নাই।’’

বলীউডৰ "খিলাদি কুমাৰ"ই এই প্ৰসংগত আহমেদৰ আগত কিছু গুৰুত্বপূৰ্ণ কথা ক'লে! আহমেদৰ ভাষাত "তেওঁ কয় কামক কাম বুলি চাব লাগে। যদি আপুনি সুযোগ পায়, তেন্তে আপুনি ইয়াক আপোনাৰ শেষ কাম বুলি ভাবিব লাগে আৰু আপোনাৰ শ্ৰেষ্ঠখিনি দিব লাগে।"

আহমেদে কামৰ প্ৰতি অক্ষয়ৰ নিষ্ঠা আৰু অনুশাসনৰ বিষয়েও উল্লেখ কৰে। তেওঁ ক’লে- ''অক্ষয়ে কেতিয়াও বিফলতাৰ কথা নকয়। তেওঁ নিজৰ এশ শতাংশ কামত দিবলৈ সক্ষম হৈছে, সেয়াই তেওঁৰ মূল লক্ষ্য।'' আহমেদে লগতে কয়, "যদি তেওঁ নিজকে সলনি কৰিবলগীয়া হয়, তেন্তে অক্ষয়ে সেই পৰিৱৰ্তনৰ দুৱাৰ বন্ধ কৰি দিয়ে।'' 

আহমেদে ক’লে, অক্ষয় সদায় ঘড়ীৰ সময়মতে চেটত উপস্থিত হয়। উদাহৰণস্বৰূপে তেওঁ কয় যে যদি ৰাতিপুৱা ৭ বজাত কল টাইম থাকে, তেন্তে অক্ষয় ৬:৩০ বজাৰ ভিতৰত চেটত উপনীত হয়। আহমেদৰ মতে, কৰ্মৰ প্ৰতি এই নিষ্ঠাৰ সৈতে এজন অভিনেতাই সফলতা বা বিফলতাৰ কথা চিন্তা নকৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু