--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীয়ে দিয়া নম্বৰৰ লটাৰী টিকটটো কিনিবলৈ পাহৰি গ’ল গিৰিয়েকে। যাৰ বাবে টিকেটটো কিনি ঘৰলৈ আহি পত্নীৰ গালি খাইছিল তেওঁ। কিন্তু কোনেনো জানিছিল এই ভুল যে জীৱনৰ সৌভাগ্যলৈ পৰিণত হ’ব! ভুলৰ বাবেই লক্ষ্মী ঘৰলৈ আহিল।

অষ্ট্ৰেলিয়াত বাস কৰা মেৰী আৰু এণ্ড্ৰুজ নামৰ এহাল দম্পতীয়ে প্ৰতিমাহে লটাৰীৰ টিকট কাটে। মেৰীৰ লটাৰীৰ টিকট কিনাৰ প্ৰতি আসক্তি আছে। কিন্তু ভাগ্যৰ দৰজা কেতিয়াও খোৱা নাছিল। প্ৰতিবাৰেই তেওঁ লটাৰীত ফেইল কৰিছিল। মেৰীয়ে প্ৰতিবাৰেই এটা বিশেষ নম্বৰৰ টিকট কিনিছিল। সেইটো তেওঁ নিজৰ ‘লাকী নম্বৰ’ বুলি গণ্য কৰিছিল।

প্ৰতিমাহে এণ্ড্ৰুজে মেৰীয়ে তাই দিয়া নম্বৰটোৰ টিকট কাটিছিল। যোৱা মাহতো মেৰীৰ পৰা নম্বৰটো শুনি সি টিকটটো কিনিবলৈ গৈছিল। কিন্তু কেনেবাকৈ টিকটৰ নম্বৰটো ভুল হৈ পৰে। সেই কথাত মেৰীৰ বৰ খং উঠিল। গতিকে পিছদিনা এণ্ড্ৰুজে গৈ মেৰীৰ প্ৰিয় নম্বৰটোৰ আন এটা লটাৰী আঁকিলে।

লটাৰীৰ ৰিজাল্ট শুনাৰ লগে লগে মেৰীৰ মুখত হাঁহি বিৰিঙি উঠিল। এণ্ড্ৰুজে ভুল কৰাটো ভাগ্যৱান বুলি ভাবিলে। এণ্ড্ৰুজ আৰু মেৰীয়ে কিনা দুয়োখন টিকটত লাভ কৰিলে পুৰস্কাৰ। মুঠ ২০ লাখ টকা লাভ কৰে তেওঁলোকে। এই খবৰ পাই দুয়োজনেই আনন্দত আত্মহাৰা হৈ পৰিল। দুয়োজনে ইমান দিনে এই দিনটোৰ বাবে অপেক্ষা কৰিছিল।

লটাৰীত জয়ী হোৱাৰ খবৰ পাই মেৰীয়ে এণ্ড্ৰুক সাৱটি ধৰি গালিগালাজ কৰাৰ বাবে ক্ষমা খুজিলে। এণ্ড্ৰুজ আৰু মেৰী দুয়োজনেই কয় যে তেওঁলোকে এই বিপুল পৰিমাণৰ ধন যিকোনো সমাজ সংস্কাৰৰ কামত ব্যৱহাৰ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ