--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
কোৱা হয়,ৰক্তদান এক মহান দান৷ আৰু শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত আৰম্ভ হোৱা পষেকীয়া ৰক্তদান অভিযানৰ প্ৰথম দিনটোত ৮৭,১৩৭ জন লোকে ৰক্তদান কৰি  এক "বিশ্ব অভিলেখ" গঢ়ি তোলে৷ 

এই ৰক্তদান শিবিৰ  চফদৰজং চিকিৎসালয়ত স্থাপন  কৰা হৈছিল৷  নাগৰিকসকলক 'ৰক্তদান অমৃত মহোৎসৱ'ৰ অংশ হিচাপে ৰক্তদান কৰিবলৈ আৰোগ্য সেতু এপ বা ই-ৰক্তকোষ পৰ্টেলত পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছিল ৷ অহা ১ অক্টোবৰলৈকে ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱসৰ সকলো ভাৰতীয়ই এই এপত পঞ্জীয়ন কৰিব পাৰিব৷ 

প্ৰথম দিনাই ৰক্তদান কৰা ব্যক্তিসকলৰ গণনা এতিয়াও চলি আছে বুলি বিষয়াসকলে জনাইছে৷  ইয়াৰ পূৰ্বে  ৮৭,০৫৯লোকে ৰক্তদান কৰি অভিলেখ গঢ়িছিল ৷  এই অভিলেখ ২০১৪  চনৰ ৬  ছেপ্টেম্বৰত ভাৰতৰ ৩০০ খন চহৰৰ ৫৫৬ টা ৰক্তদান শিবিৰত অখিল ভাৰতীয় তেৰাপান্ত যুৱপৰিষদে  গঢ়ি তুলিছিল৷ 

মোদীৰ জন্মদিন উপলক্ষে আয়োজন কৰা ৰক্তদান শিবিৰত এতিয়ালৈকে সমগ্ৰ দেশতে ৬,১৩৬ টা শিবিৰ অনুমোদিত হৈছে আৰু প্ৰায় ১,৯৫,৯২৫ জন দাতাই পঞ্জীয়ন কৰিছে৷ এই অভিযানৰ লগত জড়িত  এজন বিষয়াই কয় যে ৮৭,১৩৭ জনৰো অধিক লোকে ইতিমধ্যে ৰক্তদান কৰিছে।এই অভিযানৰ লক্ষ্য হৈছে  স্বেচ্ছামূলক ৰক্তদানৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ উপৰিও এদিনত প্ৰায় এক লাখ ইউনিট তেজ সংগ্ৰহ কৰা। স্বেচ্ছামূলক ৰক্তদানৰ  ওপৰত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচী আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ এক অংশ বুলি মন্তব্য কৰে৷ 

২০২১  চনৰ পৰিসংখ্যা অনুসৰি, ভাৰতৰ বাৰ্ষিক তেজৰ প্ৰয়োজনীয়তা হৈছে প্ৰায় ১.৫ কোটি একক। প্ৰতি দুই ছেকেণ্ডত, ভাৰতত এজন ৰোগীক তেজৰ প্ৰয়োজন হয় আৰু প্ৰতি তিনিজনলোকৰ ভিতৰত এজনক তেওঁলোকৰ জীৱনকালত তেজৰ প্ৰয়োজন হয়৷ 

 এই ৰক্তদাতাসকলৰ অংশগ্ৰহণে  এক অভিলেখ স্থাপন কৰিলে আৰু সমাজতো প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰিও চিকিৎসাসেৱাৰ ক্ষেত্ৰত চফদৰজং চিকিৎসালয়ৰ অৰিহণাৰ বিষয়ে বিৱৰণ থকা এখন  কিতাপো উদ্ধোধন কৰা হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement