--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
কোৱা হয়,ৰক্তদান এক মহান দান৷ আৰু শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত আৰম্ভ হোৱা পষেকীয়া ৰক্তদান অভিযানৰ প্ৰথম দিনটোত ৮৭,১৩৭ জন লোকে ৰক্তদান কৰি  এক "বিশ্ব অভিলেখ" গঢ়ি তোলে৷ 

এই ৰক্তদান শিবিৰ  চফদৰজং চিকিৎসালয়ত স্থাপন  কৰা হৈছিল৷  নাগৰিকসকলক 'ৰক্তদান অমৃত মহোৎসৱ'ৰ অংশ হিচাপে ৰক্তদান কৰিবলৈ আৰোগ্য সেতু এপ বা ই-ৰক্তকোষ পৰ্টেলত পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছিল ৷ অহা ১ অক্টোবৰলৈকে ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱসৰ সকলো ভাৰতীয়ই এই এপত পঞ্জীয়ন কৰিব পাৰিব৷ 

প্ৰথম দিনাই ৰক্তদান কৰা ব্যক্তিসকলৰ গণনা এতিয়াও চলি আছে বুলি বিষয়াসকলে জনাইছে৷  ইয়াৰ পূৰ্বে  ৮৭,০৫৯লোকে ৰক্তদান কৰি অভিলেখ গঢ়িছিল ৷  এই অভিলেখ ২০১৪  চনৰ ৬  ছেপ্টেম্বৰত ভাৰতৰ ৩০০ খন চহৰৰ ৫৫৬ টা ৰক্তদান শিবিৰত অখিল ভাৰতীয় তেৰাপান্ত যুৱপৰিষদে  গঢ়ি তুলিছিল৷ 

মোদীৰ জন্মদিন উপলক্ষে আয়োজন কৰা ৰক্তদান শিবিৰত এতিয়ালৈকে সমগ্ৰ দেশতে ৬,১৩৬ টা শিবিৰ অনুমোদিত হৈছে আৰু প্ৰায় ১,৯৫,৯২৫ জন দাতাই পঞ্জীয়ন কৰিছে৷ এই অভিযানৰ লগত জড়িত  এজন বিষয়াই কয় যে ৮৭,১৩৭ জনৰো অধিক লোকে ইতিমধ্যে ৰক্তদান কৰিছে।এই অভিযানৰ লক্ষ্য হৈছে  স্বেচ্ছামূলক ৰক্তদানৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ উপৰিও এদিনত প্ৰায় এক লাখ ইউনিট তেজ সংগ্ৰহ কৰা। স্বেচ্ছামূলক ৰক্তদানৰ  ওপৰত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচী আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ এক অংশ বুলি মন্তব্য কৰে৷ 

২০২১  চনৰ পৰিসংখ্যা অনুসৰি, ভাৰতৰ বাৰ্ষিক তেজৰ প্ৰয়োজনীয়তা হৈছে প্ৰায় ১.৫ কোটি একক। প্ৰতি দুই ছেকেণ্ডত, ভাৰতত এজন ৰোগীক তেজৰ প্ৰয়োজন হয় আৰু প্ৰতি তিনিজনলোকৰ ভিতৰত এজনক তেওঁলোকৰ জীৱনকালত তেজৰ প্ৰয়োজন হয়৷ 

 এই ৰক্তদাতাসকলৰ অংশগ্ৰহণে  এক অভিলেখ স্থাপন কৰিলে আৰু সমাজতো প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰিও চিকিৎসাসেৱাৰ ক্ষেত্ৰত চফদৰজং চিকিৎসালয়ৰ অৰিহণাৰ বিষয়ে বিৱৰণ থকা এখন  কিতাপো উদ্ধোধন কৰা হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু