--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰে’লৱে নিযুক্তিৰ দুৰ্নীতিক লৈ ২৬ জানুৱাৰীত বিহাৰৰ হিংসাত্মক কাৰ্যই দেশজুৰি কপাই তুলিছিল। পৰীক্ষাত অৱতীৰ্ণ শিক্ষাৰ্থীসকলে এখন যাত্ৰীবাহী ৰে’লত জুই লগাইছিল বুলি অভিযোগ উত্থাপন হৈছে আৰু এই আক্ৰমণৰ ফলত যাত্ৰীবাহী ৰে’লখনৰ বহুতো দবা ভাঙি চুৰমাৰ হৈ পৰিছিল। কিন্তু এই হিংসাত্মক কাৰ্যৰ আৰত এজন জনপ্ৰিয় ইউটিউবাৰ ৰ নাম সাঙুৰ খাইছে৷ তেওঁ হৈছে খান ছাৰ৷ খান ছাৰৰ বিৰুদ্ধে পাটনাৰ ৰে’লৰ হিংসাত সহায় কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে আটকাধীন পৰীক্ষাৰ্থীসকলৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি 'খান ছাৰ'ৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত খানে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ এক সাক্ষাৎকাৰত খান ছাৰে কৈছিল যে যদি বিহাৰৰ হিংসাৰ আঁৰত তেওঁৰ কোনো ভূমিকা থাকে, তেন্তে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক। অৱশ্যে, জনপ্ৰিয় ইউটিউবাৰজনে এই হিংসাৰ বাবে উলটাই ৰে'লৱে নিযুক্তি ব'ৰ্ডকহে (আৰআৰবি) দোষাৰোপ কৰে। ১৫ জানুৱাৰীত, ৰে'লৱে নিযুক্তি বোৰ্ডে অ-কাৰিকৰী জনপ্ৰিয় শ্ৰেণী (এনটিপিচি) পৰীক্ষা বা চিবিটি-১ (কম্পিউটাৰ আধাৰিত পৰীক্ষা)ৰ প্ৰথম পৰ্যায়ৰ ফলাফল প্ৰকাশ কৰিছিল। চিবিটি-২ পৰীক্ষা ১৫ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। ইয়াৰ পাছতে প্ৰতিবাদ আৰম্ভ হৈছিল হৈছিল বিহাৰত। প্ৰাৰ্থীসকলে অভিযোগ উত্থাপন কৰিছিল যে যেতিয়া পৰীক্ষাৰ বাবে জাননী ২০১৯ চনত প্ৰকাশ কৰা হৈছিল, কেৱল চিবিটি-১ উল্লেখ কৰা হৈছিল। কিন্তু ফলাফলৰ পিছত, ৰে'লৱেই চিবিটি-২ ঘোষণা কৰে। যিটো নিয়মবিৰোধী। ইয়াৰ আঁৰত ৰে'ল বিষয়াসকলৰ দুৰ্নীতি আৰু অনিয়ম আছে - প্ৰাৰ্থীসকলে এই অভিযোগ উত্থাপন কৰি ৰাজপথত আন্দোলন কৰিবলৈ ওলাই আহিছিল। এই প্ৰতিবাদ বিহাৰ হৈ উত্তৰ প্ৰদেশৰ বিভিন্ন ঠাইলৈ বিয়পি পৰিছিল। উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বাসিন্দা খান ছাৰ তেওঁৰ শিক্ষাদানৰ অদ্ভুত কৌশলৰ বাবে জনাজাত আৰু বহুত জনপ্ৰিয়। শিক্ষাৰ্থীসকলৰ ভিতৰত, তেওঁক 'খান ছাৰ' বুলি পৰিচিত৷ অৱশ্যে তেওঁ কেতিয়াও সামাজিক মাধ্যমত নিজৰ নাম ৰাজহুৱা কৰা নাই৷ শিক্ষাৰ্থীসকলে আনকি তেওঁৰ প্ৰকৃত নাম নাজানে। অৱশ্যে কোনোৱে খান ছাৰৰ প্ৰকৃত নাম অমিত সিং বুলি দাবী কৰাৰ বিপৰীতে আন কোনোৱে খান ছাৰক ফৈজাল খান বুলি দাবী কৰে৷ তেওঁৰ প্ৰকৃত নাম কিয় প্ৰকাশ নকৰে? এই সন্দৰ্ভত, এজন ব্যক্তিয়ে দাবী কৰিছিল যে খান ছাৰৰ দ্বাৰা পৰিচালিত প্ৰশিক্ষণ কেন্দ্ৰৰ সকলো শিক্ষাৰ্থীক তেওঁৰ প্ৰকৃত নাম বা ব্যক্তিগত নম্বৰ ভাগ-বতৰা নকৰিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে। কেইজনমান শিক্ষাৰ্থীয়ে তেওঁক খান ছাৰ বুলি মতাৰ পাছতে তেওঁ সকলোৰে মাজত 'খান ছাৰ' হিচাপে পৰিচিত হৈ পৰিছিল৷ তেওঁ পাটনাত 'খান জিএছ গৱেষণা কেন্দ্ৰ' নামৰ এটা শিক্ষা প্ৰতিষ্ঠান চলায় আৰু সেই ভিড্অ’বোৰ তেওঁৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰে। খান চাৰ কেৱল পাটনাতে নহয়, সমগ্ৰ দেশতে তেওঁৰ অদ্ভুত শিক্ষা দানৰ কৌশলৰ বাবে বিখ্যাত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ