--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ কেবিনেটে চুপাৰমাৰ্কেটৰ দোকানসমূহত বিলাসী সুৰা বিক্ৰী কৰিবলৈ অনুমতি দিছে৷ ৰাজ্যিক মন্ত্ৰী নৱাব মালিকে সংবাদ মাধ্যমৰ আগত ক’য় যে ১,০০০ বৰ্গফুট বা ততোধিক এলেকা থকা চুপাৰমাৰ্কেট আৰু দোকানসমূহত বৈধভাৱে ৱাইন বিক্ৰী কৰিবলৈ অনুমতি দিয়া হৈছে৷ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ মতে, এই পদক্ষেপে মহাৰাষ্ট্ৰৰ সুৰা উৎপাদকসকলৰ লগতে কৃষকসকলক লাভান্বিত কৰিব। চৰকাৰৰ এই পদক্ষেপৰ লক্ষ্য হৈছে পৰা ৰাজহ বৃদ্ধি কৰা আৰু ইয়াৰ দ্বাৰা যাতে ৰাজ্যৰ অৰ্থনৈতিক ভাণ্ডাৰত কোটি কোটি টকাৰ ৰাজহ যোগ কৰা৷ চৰকাৰৰ এই সিদ্ধান্তৰ পাছত, অতি সোনকালে চুপাৰমাৰ্কেট, সাধাৰণ দোকানত সুৰা উপলব্ধ হ'ব যিবিলাক চুপাৰ মাৰ্কেটে চৰকাৰে নিদ্ধাৰণ কৰি নিম্নতম এলেকাৰ চৰ্ত পূৰণ কৰে।   এক তথ্য অনুসৰি দেশৰ সুৰা উদ্যোগৰ ৬৫ শতাংশ গোট মহাৰাষ্ট্ৰত অৱস্থিত, যাৰ বেছিভাগ নাচিক, চাংলি, পুনে, চোলাপুৰ, বুলধানা আৰু আহমেদনগৰত অৱস্থিত। শিৱসেনা চৰকাৰৰ এই পদক্ষেপৰ পাছত বিৰোধী বিজেপিয়ে এই কাৰ্যৰ বিৰোধিতা কৰিছে আৰু ইয়াৰ বিৰুদ্ধে বিজেপিয়ে ৰাজপথত নামি প্ৰতিবাদ কৰাৰ সম্ভাৱনা আছে। মহাৰাষ্ট্ৰৰ বৰ্তমান মিত্ৰজোঁটৰ চৰকাৰ চলি আছে। ইয়াৰ অংশীদাৰ দল হৈছে শিৱসেনা, জাতীয়তাবাদী কংগ্ৰেছ দল আৰু কংগ্ৰেছ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম