--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ কেবিনেটে চুপাৰমাৰ্কেটৰ দোকানসমূহত বিলাসী সুৰা বিক্ৰী কৰিবলৈ অনুমতি দিছে৷ ৰাজ্যিক মন্ত্ৰী নৱাব মালিকে সংবাদ মাধ্যমৰ আগত ক’য় যে ১,০০০ বৰ্গফুট বা ততোধিক এলেকা থকা চুপাৰমাৰ্কেট আৰু দোকানসমূহত বৈধভাৱে ৱাইন বিক্ৰী কৰিবলৈ অনুমতি দিয়া হৈছে৷ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ মতে, এই পদক্ষেপে মহাৰাষ্ট্ৰৰ সুৰা উৎপাদকসকলৰ লগতে কৃষকসকলক লাভান্বিত কৰিব। চৰকাৰৰ এই পদক্ষেপৰ লক্ষ্য হৈছে পৰা ৰাজহ বৃদ্ধি কৰা আৰু ইয়াৰ দ্বাৰা যাতে ৰাজ্যৰ অৰ্থনৈতিক ভাণ্ডাৰত কোটি কোটি টকাৰ ৰাজহ যোগ কৰা৷ চৰকাৰৰ এই সিদ্ধান্তৰ পাছত, অতি সোনকালে চুপাৰমাৰ্কেট, সাধাৰণ দোকানত সুৰা উপলব্ধ হ'ব যিবিলাক চুপাৰ মাৰ্কেটে চৰকাৰে নিদ্ধাৰণ কৰি নিম্নতম এলেকাৰ চৰ্ত পূৰণ কৰে।   এক তথ্য অনুসৰি দেশৰ সুৰা উদ্যোগৰ ৬৫ শতাংশ গোট মহাৰাষ্ট্ৰত অৱস্থিত, যাৰ বেছিভাগ নাচিক, চাংলি, পুনে, চোলাপুৰ, বুলধানা আৰু আহমেদনগৰত অৱস্থিত। শিৱসেনা চৰকাৰৰ এই পদক্ষেপৰ পাছত বিৰোধী বিজেপিয়ে এই কাৰ্যৰ বিৰোধিতা কৰিছে আৰু ইয়াৰ বিৰুদ্ধে বিজেপিয়ে ৰাজপথত নামি প্ৰতিবাদ কৰাৰ সম্ভাৱনা আছে। মহাৰাষ্ট্ৰৰ বৰ্তমান মিত্ৰজোঁটৰ চৰকাৰ চলি আছে। ইয়াৰ অংশীদাৰ দল হৈছে শিৱসেনা, জাতীয়তাবাদী কংগ্ৰেছ দল আৰু কংগ্ৰেছ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
মগজুৱে নিজাববীয়াকৈ বেয়া স্মৃতিবোৰ মচি পেলায় নেকি? গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?
প্রধানমন্ত্রীক সাক্ষাতৰ সময়ত বাধ্যতামূলক আৰ টি-পি চি আৰ টেষ্ট