--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অলপতে প্ৰকাশ পাইছে UPSC পৰীক্ষাৰ ফলাফল। দেশৰ সৰ্বোচ্চ কঠিন প্ৰতিযোগিতামূলক পৰীক্ষাত উজলিছে দেশৰ ৬৮৫গৰাকী শিক্ষাৰ্থী। ইয়াৰ মাজতে পোহৰলৈ আহিছে হাৰিয়ানাৰ নিধিৰ নাম। বাছ চালকৰ জীয়ৰীৰ কৃতিত্বই আশাৰ সঞ্চাৰ কৰিছে পৰিয়ালটোৰ মাজত। নিধিৰ সাফল্যত হেৰুৱা মুখৰ হাঁহি যেন ওভতাই পাইছে পিতৃ-মাতৃয়ে। UPSC-ত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা নিধি মেধাৱী ছাত্ৰী। ২০০৯ চনত দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত নিধিয়ে দ্বাদশ শ্ৰেণীত নামভৰ্তি কৰাৰ পৰিৱৰ্তে উটাবাদ পলিটেকনিক মহাবিদ্যালয়ত চিভিলৰ পৰা ডিপ্ল’মা কৰিছিল।

ডিপ্লমা সম্পূৰ্ণ কৰাৰ পিছত B.Tech Civil ত নামভৰ্তি কৰা নিধিয়ে ২০২০ চনত YMCA বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হয়। M.Tech ৰ ফলাফলত বিশ্ববিদ্যালয়ৰ ভিতৰতে শীৰ্ষস্থান দখল কৰা নিধিৰ আৰম্ভণিৰে পৰাই প্ৰশাসনিক সেৱাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছিল।

নিধিৰ এই প্ৰেৰণাদায়ক কাহিনীয়ে অনুপ্ৰাণিত কৰিছে সকলোকে।  হাৰিয়ানাৰ পালৱালৰ এজন ব্যক্তিগত বাছ চালকৰ কন্যাই UPSC ৰ সন্মানীয় পৰীক্ষা- ২০২১ৰ বাবে যোগ্যতা অৰ্জন কৰি পৰিয়ালটোলৈ স্বাভাৱিকতে কঢ়িয়াই আনিছে আনন্দ।  হাৰিয়ানাৰ পালৱাল জিলাৰ কৃষ্ণ কলনীত বাস কৰা নিধি গেহলটে UPSC-ৰ পৰীক্ষাত ৫২৪ নম্বৰ স্থান লাভ কৰিছে। নিধিৰ পিতৃ সত্য প্ৰকাশ এজন বাছ চালক। জীয়ৰীৰ সফলতাত পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী পিতৃ সত্য প্ৰকাশ আনন্দ আত্মহাৰা হৈ পৰিছে।

সময় নষ্ট নকৰাকৈয়ে ২০২০ চনৰ পৰা অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল নিধিয়ে। ইউ পি এছ চিৰ প্ৰথম প্ৰচেষ্টাত সফল হ’ব নোৱাৰিলেও কিন্তু আশা হেৰুৱাই পেলোৱা নাছিল নিধিয়ে। বৰঞ্চ দ্বিতীয়বাৰৰ বাবে নতুনকৈ প্ৰস্তুতি চলাবলৈ লৈছিল তেওঁ। মনৰ ভিতৰতে লোৱা সংকল্পৰ ফল পালে নিধিয়ে। 

সংবাদ মাধ্যমৰ আগত নিধিয়ে কয়, ‘ দৈনিক প্ৰায় ১০ ঘণ্টা পঢ়া-শুনা কৰিছিলো। প্ৰথমবাৰ সফল নহওতে মনটো বহুত বেয়া লাগিছিল, কিন্তু মন বান্ধিছিলো। কষ্ট কৰিছিলো আৰু পুনৰ প্ৰস্তুতি আৰম্ভ কৰিছিলো।’

অমায়িক নিধিয়ে তেওঁৰ এই কৃতিত্বৰ বাবে নিজ পিতৃ-মাতৃক কৃতিত্ব দিয়ে। নিধিয়ে কয়, ‘যিসকলে UPSC ৰ দৰে পৰীক্ষাত প্ৰথমবাৰত সফল হ’ব পৰা নাই, তেওঁলোকে মনৰ উদ্যম হেৰুৱাব নালাগে। যদি  বিফলতাৰ সন্মুখীন হৈছে তেন্তে কঠোৰ পৰিশ্ৰম এৰি নিদিব। সফলতাই এদিন আপোনাৰ মুখৰ অম্লান হাঁহি এটি হৈ পৰিব।’

জীয়ৰীৰ সাফল্যত গৌৰৱান্বিত পিতৃয়ে কয়, ‘ কন্যাৰ সফলতাক লৈ মই অতিকৈ সুখী। আগতে তাই ১২-১৪ ঘণ্টা পঢ়া-শুনা কৰিছিল। তাইৰ সফলতাৰ বাবে আমি আমাৰ খৰচ কমালোঁ। অৱশেষত আজি সেই কষ্টৰ ফল আমি পাইছো।’ 

স্মৰ্তব্য যে, এইবাৰ হাৰিয়ানাৰ পৰা UPSC ত সফলতাৰে উত্তীৰ্ণ হৈছে ১৩ গৰাকী প্ৰাৰ্থী। ইয়াৰে অধিকাংশ যুৱতী। মুঠ ৮ গৰাকী যুৱতীক ইউ পি এছ চিত উত্তীৰ্ণ হৈছে, ইয়াৰে ৪ গৰাকী একেখন জিলাৰ শোনিপাটৰ। তেওঁলোকৰ নাম দহিয়া, নিধি, উত্তম আৰু গৰিমা গাৰ্গ। ইয়াৰে মাজতে কঠিন জীৱন সংগ্ৰামৰ মাজত সফলতাৰ চূড়া স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নিধি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তেওঁৰ সফলতাত তেওঁৰ পৰিয়াল তথা  আত্মীয় স্বজনেও উৎসাহিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ