--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশ লোকসেৱা আয়োগৰ (MPPSC-2019) পৰীক্ষাত ডেপুটি কালেক্টৰৰ পদবী লাভ কৰিবলৈ সক্ষম হৈছে জবলপুৰৰ এগৰাকী ড্ৰাইভাৰৰ কন্যাই। প্ৰথমটো প্ৰচেষ্টাতে শীৰ্ষ দহৰ ভিতৰত ষষ্ঠ স্থান দখল কৰি জবলপুৰক গৌৰৱান্বিত কৰিছে হৰনীত কৌৰ কালচীয়ে। মাক-দেউতাকৰ সহযোগিতা আৰু কঠোৰ পৰিশ্ৰমৰ সহায়ত এই সফলতা অৰ্জন কৰিছে বুলি হৰনীতে কয়। 

তেওঁ কয় যে, "মই মোক নিজকে বিশ্বাস কৰিবলৈ আৰু মোৰ সপোনক কেতিয়াও হাৰ নামানিবলৈ প্ৰেৰণা দিয়াৰ বাবে মোৰ পৰিয়ালৰ ওচৰত অতিশয় কৃতজ্ঞ। মোৰ মাতৃ ৰঞ্জিত কৌৰ কালচী আৰু জ্যেষ্ঠ ভগ্নী নৱজোত কৌৰ ঘাই এই যাত্ৰাত মোৰ শক্তি হৈ পৰিছে।"

জবলপুৰৰ হাতীতাল অঞ্চলৰ লক্ষ্মী কলনীৰ বাসিন্দা হৰনীত কৌৰ কালসীয়ে প্ৰথম প্ৰচেষ্টাতে এমপিপিএছচি ২০১৯ৰ পৰীক্ষাত ভাল ফলাফল লাভ কৰিলে। অভিযান্ত্ৰিক স্নাতক হৰনীতে শীৰ্ষ দহৰ ভিতৰত ষষ্ঠ স্থান দখল কৰি ডেপুটি কালেক্টৰৰ পদটো লাভ কৰাত চহৰখনত আনন্দৰ ঢল বৈ গৈছে। অতি সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা হৰনীতৰ দেউতাকে আগতে এখন মালবাহী গাড়ী চলাই জীৱিকা নিৰ্বাহ কৰিছিল। কোভিডৰ পাছত তেওঁ নিজৰ বাহন বিক্ৰী কৰি গ্ৱাৰীঘাট গুৰুদ্বাৰত সেৱা আগবঢ়াবলৈ আৰম্ভ কৰে।

হৰনীতে তেওঁৰ সফলতাৰ কৃতিত্ব তেওঁৰ শিক্ষক-শিক্ষয়িত্ৰী, পিতৃ-মাতৃ, ভগ্নী নৱজোত কৌৰ ঘাই, ভায়েক পদম ঘাই আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ অতুলনীয় সহযোগিতাৰ বাবে প্ৰদান কৰে। হৰনীতৰ পিতৃ হৰদীপ সিং কালচীয়ে কৰ’নাৰ পূৰ্বে মালবাহী গাড়ী চলাই পৰিয়ালটোক ৰক্ষণাবেক্ষণ দিয়াই নহয় সন্তানক ভাল শিক্ষাও প্ৰদান কৰিছিল। তেওঁৰ মাতৃ ৰঞ্জিত কৌৰ কালচী এগৰাকী গৃহিণী, আনহাতে সৰু ভাতৃ মনদ্বীপ সিং কালচীয়ে এম.টেকত অধ্যয়ন কৰি আছে।

হৰনীতে কয় যে আৰম্ভণিৰে পৰাই তাই অসামৰিক সেৱাত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল। এই কাৰণে তেওঁ কলেজত কেম্পাছ নিৰ্বাচনত অংশ লোৱা নাছিল। প্ৰথম অৱস্থাত তেওঁ বিভিন্ন আই টি কোম্পানীত চাকৰি পাইছিল যদিও যোগদান কৰা নাছিল। ইয়াৰ পিছত হৰনীতে কেম্পাছ নিৰ্বাচনত অংশগ্ৰহণ কৰা বন্ধ কৰি দিলে যাতে আন কোনো ছাত্ৰৰ ক্ষতি নহয়।

ঘৰতে থাকি অসামৰিক সেৱাৰ বাবে সাজু হ’ল হৰনীত। এই ক্ষেত্ৰত তেওঁক বায়েকেও বহুত সহায় কৰিছিল, যিয়ে বৰ্তমান এটা ষ্টাৰ্টআপ কোম্পানী চলাই আছে। হৰনীতে কয় যে তেওঁ ইউটিউব আৰু গুগলৰ জৰিয়তেও পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। আপোনালোকক কওঁ যে জবলপুৰৰ গুৰু গোবিন্দ সিং খালছা বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি হৰনীত কৌৰে শ্ৰীৰাম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত বি.টেক কৰিছে। এই সময়ছোৱাত তেওঁ দুয়োটা শিক্ষানুষ্ঠানতে শ্ৰেষ্ঠ আৰু মেধাৱী ছাত্ৰী হিচাপেও প্ৰত্যেকটো শাখাতে সৰ্বোচ্চ নম্বৰ লাভ কৰি আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক