--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিংবদন্তী কথক নৃত্যশিল্পী পণ্ডিত বিৰজু মহাৰাজৰ কালি দেহাৱসান ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ৷ কথক নৃত্যশিল্পীগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁৰ অনুৰাগী আৰু শিষ্যসকল শোকত ম্ৰিয়মাণ হৈ পৰা দেখা গৈছে৷ বিৰজু মহাৰাজক তেওঁৰ শিষ্য আৰু অনুগামীসকলে পণ্ডিতজী বা মহাৰাজজী অভিধাৰে অভিহিত কৰিছিল৷ ভাৰতৰ প্ৰখ্যাত কথক নৃত্যশিল্পীগৰাকী দেওবাৰে দিল্লীস্থ তেওঁৰ বাসভৱনত হৃদৰোগত আক্ৰান্ত হৈছিল। দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা ‘পদ্মবিভূষণ’প্ৰাপক মহাৰাজৰ মৃত্যুৱে দেশজুৰি শোকৰ ছাঁ পেলাইছে৷ খবৰ অনুসৰি, বিৰজু মহাৰাজে দেওবাৰে নিশা তেওঁৰ নাতিৰ সৈতে খেলি আছিল, যেতিয়া তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু তেওঁ অজ্ঞান হৈ পৰিছিল। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ বিৰজু মহাৰাজৰ নাতিনী ৰাগিণী মহাৰাজে কয়, তেওঁ যোৱা এমাহ ধৰি চিকিৎসাধীন আছিল। যোৱা নিশা প্ৰায় ১২:১৫-১২:৩০ বজাত তেওঁৰ হঠাতে শ্বাসকষ্ট হৈছিল, আমি তেওঁক ১০ মিনিটৰ ভিতৰত চিকিৎসালয়লৈ লৈ আহিছিলোঁ, কিন্তু তেওঁৰ মৃত্যু হৈছিল৷ কিংবদন্তী কথক নৃত্যশিল্পীগৰাকী এজন খ্যাতনামা ঢোলবাদকো আছিল, প্ৰায় সকলো ড্ৰাম সহজে আৰু নিখুঁতভাৱে বজাইছিল৷ তেওঁৰ অফিচিয়েল ৱেবছাইটৰ তথ্য অনুসৰি তেওঁ বিশেষকৈ তবলা আৰু নাল বজাবলৈ ভাল পাইছিল। এগৰাকী কণ্ঠশিল্পীও আছিল বিৰজু মহাৰাজ৷ থুমৰী, দাদৰা, ভজন আৰু গজলৰ ওপৰত তেওঁৰ প্ৰতিভাৰ পোহৰ পৰিছিল৷ তেওঁৰ মৃত্যুত সংগীতশিল্পী আদান স্বামীয়ে টুইট কৰিছে এইদৰে, ‘কিংবদন্তী কথক নৃত্যশিল্পী-পণ্ডিত বিৰজু মহাৰাজজীৰ মৃত্যুৰ বাতৰিত অত্যন্ত দুখিত। আমি প্ৰদৰ্শন কলাৰ ক্ষেত্ৰত এটা অতুলনীয় প্ৰতিষ্ঠান হেৰুৱালোঁ। তেওঁ তেওঁৰ প্ৰতিভাৰ জৰিয়তে বহু প্ৰজন্মক প্ৰভাৱিত কৰিছে। তেওঁ শান্তিত থাকক৷’ চিনেমা নিৰ্মাতা অশোক পণ্ডিতে ভাৰতে এটি ৰত্ন হেৰুৱালে বুলি মন্তব্য কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন