--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূত আছে নে নাই তাকে লৈ ভিন্নজনে ভিন্ন মত পোষণ কৰে। কিছুমানৰ মতে ভূত আছে আৰু কিছুমানৰ মতে নাই। ভূত বিষয়টো সদায়ে মানৱ সমাজৰ বাবে বিশ্বাস-অবিশ্বাসৰ মাজত দুলি আছে। কিছুমানে কয় যে বিজ্ঞানৰ জয়যাত্ৰা যিমানেই অব্যাহত নাথাকক কিয় এখন অশৰীৰী জগত থকা কথাটোও সঁচা। এই জগতৰ ৰহস্য কেতিয়াও ভেদ কৰিব পৰা নাই বিজ্ঞানে। শেহতীয়াকৈ ভূতৰ কথা কৈ চৰ্চাত আহিছে আইআইটি মাণ্ডিৰ নৱনিযুক্ত সঞ্চালক লক্ষ্মীধৰ বেহেৰা। লক্ষ্মীধৰ বেহেৰাই কয় যে ''ভূত আছে, হয়, ভূত আছে। ভূতৰ জগতৰ কথা আপুনি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে।'' ভূতৰ বৰ্ণনা দিবলৈ গৈ তেওঁ ১৯৯৩ চনত তেওঁৰ বন্ধুৰ ঘৰৰ এক ভৌতিক কাহিনী বৰ্ণনা কৰিছিল। তেওঁ কয় যে, মোৰ এজন বন্ধুৰ ঘৰত অশৰীৰী আত্মাৰ বিচৰণ হৈছিল। পাছত সেই ঘৰখনত গীতা পাঠ কৰি, 'হৰে ৰাম, হৰে কৃষ্ণ' আদি উচ্চাৰণ কৰি অশুভ শক্তিৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা চলোৱা হৈছিল। মই সেই সময়ৰ ভৌতিক কাৰ্যকলাপৰ নিজে সাক্ষী আছিলোঁ। পাছত ঘৰখনত ভিন্ন পূজা-পাতল অনুষ্ঠিত কৰি, মন্ত্ৰোচ্চাৰণ কৰি ভূত খেদা হৈছিল। আপুনি স্বীকাৰ কৰক বা নকৰক ভূত থকা কথাটো সঁচা। এখন ৰহস্যময় জগত এই পৃথিৱীতে আছে। আধুনিক বিজ্ঞানে বহুতো ঘটনা বা পৰিঘটনা ব্যাখ্যা কৰিব নোৱাৰে কাৰণ সেইখন জগত বিজ্ঞানে গৈ ঢুকিয়েই নাপায়।'' অধিকাংশ লোকেই লক্ষ্মীধৰ বেহেৰাৰ এই ভাষ্যক আদৰি লোৱাৰ লগতে একাংশই বিৰোধিতা কৰিছে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি কানপুৰ আইআইটিত অধ্যাপনা কৰাৰ পিছত অধ্যাপক বেহেৰাক ১৩ জানুৱাৰীত আইআইটি মাণ্ডিৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়। তেওঁৰ বিষয় হৈছে ইলেক্ট্ৰনিক অভিযান্ত্ৰিক আৰু ৰব'টিক্স। তেওঁ আইআইটি দিল্লীৰ পৰা পিএইচডি আৰু জাৰ্মান নেচনেল চেণ্টাৰ ফৰ ইনফৰ্মেচন টেকন'লজীৰ পৰা পোষ্ট-ডক্টৰেট ডিগ্ৰী লাভ কৰে। লক্ষ্মীধৰ বেহেৰাই কয় যে ''মই নিজে বিজ্ঞানৰ মানুহ। বিজ্ঞানৰ জগতখনতে আমি অধিকাংশ সময় থাকোঁ তাৰপাছতো মই ভূত বিশ্বাস কৰোঁ কাৰণ যিটো বস্তু আছে সেই বস্তুক অস্বীকাৰ কৰিব নোৱাৰি।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন