--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূত আছে নে নাই তাকে লৈ ভিন্নজনে ভিন্ন মত পোষণ কৰে। কিছুমানৰ মতে ভূত আছে আৰু কিছুমানৰ মতে নাই। ভূত বিষয়টো সদায়ে মানৱ সমাজৰ বাবে বিশ্বাস-অবিশ্বাসৰ মাজত দুলি আছে। কিছুমানে কয় যে বিজ্ঞানৰ জয়যাত্ৰা যিমানেই অব্যাহত নাথাকক কিয় এখন অশৰীৰী জগত থকা কথাটোও সঁচা। এই জগতৰ ৰহস্য কেতিয়াও ভেদ কৰিব পৰা নাই বিজ্ঞানে। শেহতীয়াকৈ ভূতৰ কথা কৈ চৰ্চাত আহিছে আইআইটি মাণ্ডিৰ নৱনিযুক্ত সঞ্চালক লক্ষ্মীধৰ বেহেৰা। লক্ষ্মীধৰ বেহেৰাই কয় যে ''ভূত আছে, হয়, ভূত আছে। ভূতৰ জগতৰ কথা আপুনি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে।'' ভূতৰ বৰ্ণনা দিবলৈ গৈ তেওঁ ১৯৯৩ চনত তেওঁৰ বন্ধুৰ ঘৰৰ এক ভৌতিক কাহিনী বৰ্ণনা কৰিছিল। তেওঁ কয় যে, মোৰ এজন বন্ধুৰ ঘৰত অশৰীৰী আত্মাৰ বিচৰণ হৈছিল। পাছত সেই ঘৰখনত গীতা পাঠ কৰি, 'হৰে ৰাম, হৰে কৃষ্ণ' আদি উচ্চাৰণ কৰি অশুভ শক্তিৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা চলোৱা হৈছিল। মই সেই সময়ৰ ভৌতিক কাৰ্যকলাপৰ নিজে সাক্ষী আছিলোঁ। পাছত ঘৰখনত ভিন্ন পূজা-পাতল অনুষ্ঠিত কৰি, মন্ত্ৰোচ্চাৰণ কৰি ভূত খেদা হৈছিল। আপুনি স্বীকাৰ কৰক বা নকৰক ভূত থকা কথাটো সঁচা। এখন ৰহস্যময় জগত এই পৃথিৱীতে আছে। আধুনিক বিজ্ঞানে বহুতো ঘটনা বা পৰিঘটনা ব্যাখ্যা কৰিব নোৱাৰে কাৰণ সেইখন জগত বিজ্ঞানে গৈ ঢুকিয়েই নাপায়।'' অধিকাংশ লোকেই লক্ষ্মীধৰ বেহেৰাৰ এই ভাষ্যক আদৰি লোৱাৰ লগতে একাংশই বিৰোধিতা কৰিছে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি কানপুৰ আইআইটিত অধ্যাপনা কৰাৰ পিছত অধ্যাপক বেহেৰাক ১৩ জানুৱাৰীত আইআইটি মাণ্ডিৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়। তেওঁৰ বিষয় হৈছে ইলেক্ট্ৰনিক অভিযান্ত্ৰিক আৰু ৰব'টিক্স। তেওঁ আইআইটি দিল্লীৰ পৰা পিএইচডি আৰু জাৰ্মান নেচনেল চেণ্টাৰ ফৰ ইনফৰ্মেচন টেকন'লজীৰ পৰা পোষ্ট-ডক্টৰেট ডিগ্ৰী লাভ কৰে। লক্ষ্মীধৰ বেহেৰাই কয় যে ''মই নিজে বিজ্ঞানৰ মানুহ। বিজ্ঞানৰ জগতখনতে আমি অধিকাংশ সময় থাকোঁ তাৰপাছতো মই ভূত বিশ্বাস কৰোঁ কাৰণ যিটো বস্তু আছে সেই বস্তুক অস্বীকাৰ কৰিব নোৱাৰি।''
FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই