ডিজিটেল ডেস্কঃ সংগীতৰ পৰা আৰম্ভ কৰি খাদ্যলৈকে একোৰে অভাৱ নাছিল। দুটা পৰিয়ালে অতি ধুমধামেৰে নিজৰ পোহনীয়া জন্তু কুকুৰৰ মাজত বিয়া সম্পন্ন কৰিলে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা বিয়াৰ ভিডিঅ’ত স্তম্ভিত হৈ পৰিছে নেটিজেন! কুকুৰৰ বিয়াত ইমানবোৰ আয়োজন!
ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে গাড়ীৰ পৰা নামি আহিছে এটা কুকুৰ। মূৰত পাগুৰি, দৰাৰ সাজ-পোছাক অভিজাত৷ কইনাৰ ৰূপত মূৰত ওৰণি লৈ মণ্ডপত প্ৰৱেশ কৰিছে আন এজনী কুকুৰ। হিন্দু পৰম্পৰা অনুসৰি পুৰোহিতসকলক মাতি অনা হৈছিল৷
বিয়াৰ পিছত ভোজ-ভাতৰ আয়োজন কৰা হ’ল। দৰা আৰু কইনাৰ দলটোৱে ভোজ খালে। বিয়াৰ পিছত কইনাই পালংকিন পিন্ধি শহুৰেকৰ ঘৰলৈ গ’ল৷
এই বিয়াৰ বাবে প্ৰায় ১ লাখ টকা খৰচ হৈছে বুলি জানিব পৰা গৈছে৷ ভিডিঅ’ বিয়পি পৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত চৰ্চাৰ অন্ত নাই। কোনোৱে বিয়াখনক লৈ অসন্তুষ্টি ব্যক্ত কৰাৰ বিপৰীতে আন কোনোৱে আনন্দ প্ৰকাশ কৰিছে৷