--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীয়ে কুকুৰা মাংস ৰান্ধিবলৈ অস্বীকাৰ কৰাৰ বাবেই পতিৰ উঠিল প্ৰচণ্ড খং। পতিৰ খং ইমানেই উঠিল যে তেওঁ পত্নীৰ মূৰটো ফালি পেলোৱাৰ লগতে হাত এখনো ভাঙি পেলালে। চিকিৎসকৰ মতে মহিলাগৰাকীয়ে মূৰত গম্ভীৰ আঘাত পাইছে। তেওঁৰ বৰ্তমান চিকিৎসা চলি আছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত স্বামীক। বিষয়টোৰ অধিক তদন্ত চলি আছে।

এই ঘটনা সংঘটিত হৈছিল মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত হোলীৰ দিনা। অভিযুক্ত মানুহজনে বজাৰৰ পৰা কুকুৰা মাংস আনিছিল। ঘৰলৈ অহাৰ পাছত তেওঁ পত্নীক কুকুৰা মাংস ৰান্ধিবলৈ ক’লে। কিন্তু, পত্নীয়ে স্বামীক ক’লে যে ''খাদ্য ইতিমধ্যে সাজু হৈছে। এতিয়া কুকুৰা মাংস নাৰান্ধো, ৰাতি ৰান্ধিম।''

পত্নীয়ে কুকুৰা ৰান্ধিবলৈ অস্বীকাৰ কৰাত খঙত উতলা হৈ পৰে স্বামী। তেওঁৰ ইমান খং উঠিল যে ঘৰৰ চোতালত পৰি থকা লাঠি এডাল হাতত লৈ পত্নীক নিৰ্দয়ভাৱে মাৰপিট কৰিবলৈ ধৰিলে। ক্ষুব্ধ হৈ স্বামীয়ে পত্নীৰ মূৰত কেইবাবাৰো লাঠিৰে আঘাত কৰে, যাৰ বাবে পত্নীৰ মূৰ ফালি যায় আৰু ধাৰাসাৰ তেজ ওলায়। স্বামীৰ প্ৰহাৰৰ ফলত মহিলাগৰাকীৰ এখন হাতো ভাঙি যায়।

ওচৰ-চুবুৰীয়াই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ কৰে। একে সময়তে আহত মহিলাগৰাকীক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰায়। আৰক্ষীয়ে জনোৱা মতে, বিষয়টোৰ ওপৰত অধিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত