--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীয়ে কুকুৰা মাংস ৰান্ধিবলৈ অস্বীকাৰ কৰাৰ বাবেই পতিৰ উঠিল প্ৰচণ্ড খং। পতিৰ খং ইমানেই উঠিল যে তেওঁ পত্নীৰ মূৰটো ফালি পেলোৱাৰ লগতে হাত এখনো ভাঙি পেলালে। চিকিৎসকৰ মতে মহিলাগৰাকীয়ে মূৰত গম্ভীৰ আঘাত পাইছে। তেওঁৰ বৰ্তমান চিকিৎসা চলি আছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত স্বামীক। বিষয়টোৰ অধিক তদন্ত চলি আছে।

এই ঘটনা সংঘটিত হৈছিল মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত হোলীৰ দিনা। অভিযুক্ত মানুহজনে বজাৰৰ পৰা কুকুৰা মাংস আনিছিল। ঘৰলৈ অহাৰ পাছত তেওঁ পত্নীক কুকুৰা মাংস ৰান্ধিবলৈ ক’লে। কিন্তু, পত্নীয়ে স্বামীক ক’লে যে ''খাদ্য ইতিমধ্যে সাজু হৈছে। এতিয়া কুকুৰা মাংস নাৰান্ধো, ৰাতি ৰান্ধিম।''

পত্নীয়ে কুকুৰা ৰান্ধিবলৈ অস্বীকাৰ কৰাত খঙত উতলা হৈ পৰে স্বামী। তেওঁৰ ইমান খং উঠিল যে ঘৰৰ চোতালত পৰি থকা লাঠি এডাল হাতত লৈ পত্নীক নিৰ্দয়ভাৱে মাৰপিট কৰিবলৈ ধৰিলে। ক্ষুব্ধ হৈ স্বামীয়ে পত্নীৰ মূৰত কেইবাবাৰো লাঠিৰে আঘাত কৰে, যাৰ বাবে পত্নীৰ মূৰ ফালি যায় আৰু ধাৰাসাৰ তেজ ওলায়। স্বামীৰ প্ৰহাৰৰ ফলত মহিলাগৰাকীৰ এখন হাতো ভাঙি যায়।

ওচৰ-চুবুৰীয়াই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ কৰে। একে সময়তে আহত মহিলাগৰাকীক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰায়। আৰক্ষীয়ে জনোৱা মতে, বিষয়টোৰ ওপৰত অধিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ