--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজনৈতিক জগতখনত বহু চৰ্চিত এটা পুৰণি অধ্যায়ে লাভ কৰিছে বিশেষ তাৎপৰ্য৷ এই অধ্যায়ৰ সৈতে জড়িত আছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা,কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু কুকুৰে খোৱা বিস্কুট৷ এই পুৰণি অধ্যায়টো মেলি চালে আমি দেখো যে সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰৰ প্ৰতাপী মন্ত্ৰী তথা এগৰাকী জনপ্ৰিয় নেতা আছিল৷ হঠাতে অসমৰ ৰাজনীতিত বিসম্বাদৰ সৃষ্টি হ'ল। চৰকাৰৰ ভিতৰচোৱাত দুভাগত বিভক্ত হৈ মন্ত্ৰী আৰু নেতাৰ খোৱা-কামোৰা আৰম্ভ হ'ল। ৰাজ্যৰ ৰাজনীতিৰ এনে অস্থিৰ সময়তে হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেবাজনো প্ৰভাৱশালী নেতা তথা তেওঁৰ অনুগামীসকলে সাক্ষাৎ কৰিছিল ৰাহুল গান্ধীক৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ মৰ্মে সেই গুৰুত্বপূৰ্ণ সময়চোৱাত ৰাহুল গান্ধী ব্যস্ত আছিল নিজৰ প্ৰভুভক্ত কুকুৰটোক বিস্কুট খুৱাই ধেমালি কৰি থকাতহে। আনকি কুকুৰটোৱে খোৱা বিস্কুটকে অসমৰ নেতাসকলক খাবলৈ দিয়া হৈছিল বুলিও দাবী কৰি আহিছে হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীকেন্দ্ৰিক সংঘাত আৰু ভিন্ন কথা সামৰি সকলোকে হতভম্ব কৰি কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাই৷ বিজেপিলৈ গৈয়েই এই অধ্যায় মুকলি কৰি সৰৱ হৈছিল হিমন্ত৷ বিষয়টোক লৈ যথেষ্ট সমালোচনাৰ সমুখীন হ’ল ৰাহুল গান্ধী৷ কথাটো সময়ে সময়ে হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰি থাকিবলৈ নাপাহৰিলে। সুযোগ পালেই এই অধ্যায় মুকলি কৰে শৰ্মাই। বুধবাৰৰ দিনটোত ৰাহুল গান্ধীয়ে লোকসভাত ৰখা বক্তব্যত উল্লেখ কৰিছিল যে, ''বৰ্তমান একেলগে দুখন ভাৰত আছে৷ এখন ভাৰত অত্যন্ত ধনী লোকৰ বাবে আৰু আনখন দৰিদ্ৰসকলৰ বাবে। এই দুয়োখন ভাৰতৰ মাজৰ ব্যৱধান এতিয়া বাঢ়ি বাঢ়ি গৈ আছে, যিটো অতি দুৰ্ভাগ্যজনক। ৰাহুল গান্ধীৰ এই বক্তব্যক লৈ ৰাজনৈতিক মহলত চলিছে চৰ্চা৷ সেই অধ্যায়টো মুকলি কৰিবলৈ চল চাই থকা হিমন্ত বিশ্ব শৰ্মাই পুনৰ সুযোগটো এৰিব নিবিচাৰিলে। https://twitter.com/himantabiswa/status/1488883891608129536?s=20&t=GFD01znMmeFnhfybyb8Nag টুইটাৰত ৰাহুল গান্ধীক উদ্দেশ্য কৰি তেওঁ পুনৰ লিখিলে '' শ্ৰীযুত ৰাহুল গান্ধী, যিসকলে অসমৰ নেতাসকলৰ উপস্থিতিত কুকুৰক বিস্কুট খুওৱাত ব্যস্ত থকাটো পছন্দ কৰে আৰু কুকুৰে খোৱা সেই একেই বিস্কুট নেতাসকলক খাবৰ বাবে আগবঢ়াই দিয়ে তেনে লোক ৰাজনৈতিক শালীনতাৰ বিষয়ে কথা পতা শেষৰ মানুহ হোৱা উচিত৷ হাইকমাণ্ড মানসিকতা কংগ্ৰেছৰ বুলি ভাৰতৰ মানুহে ভালদৰে জানে।'' হিমন্ত বিশ্ব শৰ্মাৰ এই ক্ষুৰধাৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া ৰাহুল গান্ধীয়ে কেনেদৰে দিয়ে সেয়াহে হ’ব লক্ষ্যণীয়৷ আৰু পঢ়কঃ ক’ভিডৰ সংক্ৰমণ হ্ৰাস; পুনৰ পৰ্যটকৰ বাবে মুকলি অজন্তা আৰু ইলোৰা গুহা    

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম