--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজনৈতিক জগতখনত বহু চৰ্চিত এটা পুৰণি অধ্যায়ে লাভ কৰিছে বিশেষ তাৎপৰ্য৷ এই অধ্যায়ৰ সৈতে জড়িত আছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা,কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু কুকুৰে খোৱা বিস্কুট৷ এই পুৰণি অধ্যায়টো মেলি চালে আমি দেখো যে সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰৰ প্ৰতাপী মন্ত্ৰী তথা এগৰাকী জনপ্ৰিয় নেতা আছিল৷ হঠাতে অসমৰ ৰাজনীতিত বিসম্বাদৰ সৃষ্টি হ'ল। চৰকাৰৰ ভিতৰচোৱাত দুভাগত বিভক্ত হৈ মন্ত্ৰী আৰু নেতাৰ খোৱা-কামোৰা আৰম্ভ হ'ল। ৰাজ্যৰ ৰাজনীতিৰ এনে অস্থিৰ সময়তে হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেবাজনো প্ৰভাৱশালী নেতা তথা তেওঁৰ অনুগামীসকলে সাক্ষাৎ কৰিছিল ৰাহুল গান্ধীক৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ মৰ্মে সেই গুৰুত্বপূৰ্ণ সময়চোৱাত ৰাহুল গান্ধী ব্যস্ত আছিল নিজৰ প্ৰভুভক্ত কুকুৰটোক বিস্কুট খুৱাই ধেমালি কৰি থকাতহে। আনকি কুকুৰটোৱে খোৱা বিস্কুটকে অসমৰ নেতাসকলক খাবলৈ দিয়া হৈছিল বুলিও দাবী কৰি আহিছে হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীকেন্দ্ৰিক সংঘাত আৰু ভিন্ন কথা সামৰি সকলোকে হতভম্ব কৰি কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাই৷ বিজেপিলৈ গৈয়েই এই অধ্যায় মুকলি কৰি সৰৱ হৈছিল হিমন্ত৷ বিষয়টোক লৈ যথেষ্ট সমালোচনাৰ সমুখীন হ’ল ৰাহুল গান্ধী৷ কথাটো সময়ে সময়ে হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰি থাকিবলৈ নাপাহৰিলে। সুযোগ পালেই এই অধ্যায় মুকলি কৰে শৰ্মাই। বুধবাৰৰ দিনটোত ৰাহুল গান্ধীয়ে লোকসভাত ৰখা বক্তব্যত উল্লেখ কৰিছিল যে, ''বৰ্তমান একেলগে দুখন ভাৰত আছে৷ এখন ভাৰত অত্যন্ত ধনী লোকৰ বাবে আৰু আনখন দৰিদ্ৰসকলৰ বাবে। এই দুয়োখন ভাৰতৰ মাজৰ ব্যৱধান এতিয়া বাঢ়ি বাঢ়ি গৈ আছে, যিটো অতি দুৰ্ভাগ্যজনক। ৰাহুল গান্ধীৰ এই বক্তব্যক লৈ ৰাজনৈতিক মহলত চলিছে চৰ্চা৷ সেই অধ্যায়টো মুকলি কৰিবলৈ চল চাই থকা হিমন্ত বিশ্ব শৰ্মাই পুনৰ সুযোগটো এৰিব নিবিচাৰিলে। https://twitter.com/himantabiswa/status/1488883891608129536?s=20&t=GFD01znMmeFnhfybyb8Nag টুইটাৰত ৰাহুল গান্ধীক উদ্দেশ্য কৰি তেওঁ পুনৰ লিখিলে '' শ্ৰীযুত ৰাহুল গান্ধী, যিসকলে অসমৰ নেতাসকলৰ উপস্থিতিত কুকুৰক বিস্কুট খুওৱাত ব্যস্ত থকাটো পছন্দ কৰে আৰু কুকুৰে খোৱা সেই একেই বিস্কুট নেতাসকলক খাবৰ বাবে আগবঢ়াই দিয়ে তেনে লোক ৰাজনৈতিক শালীনতাৰ বিষয়ে কথা পতা শেষৰ মানুহ হোৱা উচিত৷ হাইকমাণ্ড মানসিকতা কংগ্ৰেছৰ বুলি ভাৰতৰ মানুহে ভালদৰে জানে।'' হিমন্ত বিশ্ব শৰ্মাৰ এই ক্ষুৰধাৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া ৰাহুল গান্ধীয়ে কেনেদৰে দিয়ে সেয়াহে হ’ব লক্ষ্যণীয়৷ আৰু পঢ়কঃ ক’ভিডৰ সংক্ৰমণ হ্ৰাস; পুনৰ পৰ্যটকৰ বাবে মুকলি অজন্তা আৰু ইলোৰা গুহা    

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা