--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক'ভিড-১৯ সংক্ৰমণৰ ফলত বহুলোক অকালতে সাবটি লৈছে মৃত্যুক ৷ বহুলোকে ক'ভিডৰ ফলত নিজৰ পিতৃ-মাতৃকে ধৰি আপোনজনো হেৰুৱাইছে ৷ বহু শিশু ক'ভিডৰ কৱলত অনাথ জীৱন কটাব লগীয়া হৈছে৷ পিতৃ-মাতৃ দুয়োকে হেৰুওৱা শিশুসকলৰ ভৱিস্যত জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিশেষ আঁচনি মুকলি কৰে৷ এই আচঁনিৰ অধীনত মহামাৰীৰ ফলত পিতৃ-মাতৃ দুয়োকে হেৰুওৱা শিশুসকলক সাহাৰ্য প্ৰদান কৰিব৷ বুধবাৰে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে জনোৱা মতে পিএম কেয়াৰ্ছ ফৰ চিল্ড্ৰেন আঁচনিৰ বাবে এতিয়ালৈকে প্ৰায় ৩,৮৫৫ খন আৱেদন অনুমোদিত হৈছে৷ কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীয়ে বুধবাৰে ৰাজ্যসভাত এক লিখিত উত্তৰত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'ভিড মহামাৰীৰ ফলত পিতৃ-মাতৃ বা আইনী অভিভাৱক বা তুলি লোৱা পিতৃ-মাতৃ দুয়োকে হেৰুওৱা শিশুসকলক সহায় কৰিবলৈ পিএম কেয়াৰ্ছ ফৰ চিল্ড্ৰেন আঁচনি ঘোষণা কৰিছে। আঁচনিখন এটা অনলাইন পৰ্টেল pmcaresforchildren.in জৰিয়তে উপলব্ধ হয়। এনে শিশুৰ আবেদনসমূহ সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰৰ দ্বাৰা পৰ্টেলত আপলোড কৰা হয়। ৩১ জানুৱাৰী লৈকে, পৰ্টেলত প্ৰায় ৬,৬২৪ খন আৱেদন আপলোড কৰা হৈছে৷ যাৰ ভিতৰত ৩,৮৫৫ খন আবেদন যথাযথ প্ৰক্ৰিয়া অনুসৰি অনুমোদিত হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰালয়ে শিশু সুৰক্ষা সেৱা (চিপিএছ) আঁচনি - মিছন ভাটচালিয়া নামৰ এক কেন্দ্ৰীয় পৃষ্ঠপোষকতা তত্বাৱধান আঁচনি ৰূপায়ণ কৰি আছে৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰক সমৰ্থনত এই আচঁনিৰ অধীনত যত্নৰ প্ৰয়োজন হোৱা আৰু কঠিন পৰিস্থিতিত শিশুসকলৰ বাবে সেৱা প্ৰদান কৰা হয়। চিপিএছ আঁচনিৰ অধীনত স্থাপিত চাইল্ড কেয়াৰ ইনষ্টিটিউচনবোৰে (চি.চি.আই.) বয়সৰ অনুপাতে উপযুক্ত শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ, মনোৰঞ্জন, স্বাস্থ্য সেৱা, পৰামৰ্শ আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা