--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক'ভিড-১৯ সংক্ৰমণৰ ফলত বহুলোক অকালতে সাবটি লৈছে মৃত্যুক ৷ বহুলোকে ক'ভিডৰ ফলত নিজৰ পিতৃ-মাতৃকে ধৰি আপোনজনো হেৰুৱাইছে ৷ বহু শিশু ক'ভিডৰ কৱলত অনাথ জীৱন কটাব লগীয়া হৈছে৷ পিতৃ-মাতৃ দুয়োকে হেৰুওৱা শিশুসকলৰ ভৱিস্যত জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিশেষ আঁচনি মুকলি কৰে৷ এই আচঁনিৰ অধীনত মহামাৰীৰ ফলত পিতৃ-মাতৃ দুয়োকে হেৰুওৱা শিশুসকলক সাহাৰ্য প্ৰদান কৰিব৷ বুধবাৰে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে জনোৱা মতে পিএম কেয়াৰ্ছ ফৰ চিল্ড্ৰেন আঁচনিৰ বাবে এতিয়ালৈকে প্ৰায় ৩,৮৫৫ খন আৱেদন অনুমোদিত হৈছে৷ কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীয়ে বুধবাৰে ৰাজ্যসভাত এক লিখিত উত্তৰত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'ভিড মহামাৰীৰ ফলত পিতৃ-মাতৃ বা আইনী অভিভাৱক বা তুলি লোৱা পিতৃ-মাতৃ দুয়োকে হেৰুওৱা শিশুসকলক সহায় কৰিবলৈ পিএম কেয়াৰ্ছ ফৰ চিল্ড্ৰেন আঁচনি ঘোষণা কৰিছে। আঁচনিখন এটা অনলাইন পৰ্টেল pmcaresforchildren.in জৰিয়তে উপলব্ধ হয়। এনে শিশুৰ আবেদনসমূহ সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰৰ দ্বাৰা পৰ্টেলত আপলোড কৰা হয়। ৩১ জানুৱাৰী লৈকে, পৰ্টেলত প্ৰায় ৬,৬২৪ খন আৱেদন আপলোড কৰা হৈছে৷ যাৰ ভিতৰত ৩,৮৫৫ খন আবেদন যথাযথ প্ৰক্ৰিয়া অনুসৰি অনুমোদিত হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰালয়ে শিশু সুৰক্ষা সেৱা (চিপিএছ) আঁচনি - মিছন ভাটচালিয়া নামৰ এক কেন্দ্ৰীয় পৃষ্ঠপোষকতা তত্বাৱধান আঁচনি ৰূপায়ণ কৰি আছে৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰক সমৰ্থনত এই আচঁনিৰ অধীনত যত্নৰ প্ৰয়োজন হোৱা আৰু কঠিন পৰিস্থিতিত শিশুসকলৰ বাবে সেৱা প্ৰদান কৰা হয়। চিপিএছ আঁচনিৰ অধীনত স্থাপিত চাইল্ড কেয়াৰ ইনষ্টিটিউচনবোৰে (চি.চি.আই.) বয়সৰ অনুপাতে উপযুক্ত শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ, মনোৰঞ্জন, স্বাস্থ্য সেৱা, পৰামৰ্শ আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম