--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক ঐতিহাসিক কীৰ্তিচিহ্নৰ নাম সলনিৰ দাবীক লৈ ব্যাপক চৰ্চা চলিছে দেশত। দেশত বিভিন্ন উদ্ভুট আৰু অপ্ৰয়োজনীয় বিতৰ্কই তোলপাৰ লগাই থকাৰ সময়ত এইবাৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ এখনৰ নাম সলনিৰ দাবী কৰা হৈছে। মঙলবাৰে কুটুব মিনাৰৰ নাম সলনিৰ দাবীক লৈ ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা যায়।

এটা হিন্দু সংগঠনে কুটুব মিনাৰৰ নাম সলনি কৰি ‘বিষ্ণু স্তম্ভ’ কৰাৰ দাবী তুলি দিল্লীৰ ঐতিহ্যক্ষেত্ৰখনৰ সন্মুখত ব্যাপক প্ৰতিবাদ কৰে। মহাকাল মানৱ সেৱা নামৰ এটা হিন্দু সংগঠনে কুটুব মিনাৰৰ সন্মুখত মঙলবাৰে ব্যাপক প্ৰতিবাদ কৰা দেখা যায়। আৰক্ষী বাহিনীৰ ব্যাপক সমাৱেশৰ মাজতে সংগঠনটোৰ কৰ্মীসকলে ইউনেস্ক’ই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া কুটুব মিনাৰৰ নাম সলনিৰ দাবী তোলে। 

প্ৰতিবাদকাৰীসকলে কুটুব মিনাৰৰ সন্মুখত হনুমান চালিছাও পাঠ কৰে। ইফালে, দিল্লী বিজেপিয়েও বিভিন্ন মোগল শাসকৰ নামত থকা দিল্লীৰ বহু স্থানৰ নাম সলনি কৰাৰ দাবী কৰি আহিছে। আকবৰ ৰ’ড, হুমায়ুন ৰ’ড, ঔৰংজেব লেন আৰু টুঘলক লেন আদিৰ নাম সলনিৰ দাবী কৰিছে দিল্লী বিজেপিৰ নেতাসকলে। উত্তৰ দিল্লী মিউনিচিপাল কৰ্প’ৰেচনৰ অধ্যক্ষলৈ দিল্লী বিজেপিৰ সভাপতি আদেশ গুপ্তই লিখা এখন পত্ৰত এই পথবোৰৰ নাম মহাৰাণা প্ৰতাপ, গুৰু গোবিন্দ সিং, মহৰ্ষী বাল্মীকী আৰু জেনেৰেল বিপিন ৰাৱট দিয়াৰ পৰামৰ্শ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন