--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক ঐতিহাসিক কীৰ্তিচিহ্নৰ নাম সলনিৰ দাবীক লৈ ব্যাপক চৰ্চা চলিছে দেশত। দেশত বিভিন্ন উদ্ভুট আৰু অপ্ৰয়োজনীয় বিতৰ্কই তোলপাৰ লগাই থকাৰ সময়ত এইবাৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ এখনৰ নাম সলনিৰ দাবী কৰা হৈছে। মঙলবাৰে কুটুব মিনাৰৰ নাম সলনিৰ দাবীক লৈ ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা যায়।

এটা হিন্দু সংগঠনে কুটুব মিনাৰৰ নাম সলনি কৰি ‘বিষ্ণু স্তম্ভ’ কৰাৰ দাবী তুলি দিল্লীৰ ঐতিহ্যক্ষেত্ৰখনৰ সন্মুখত ব্যাপক প্ৰতিবাদ কৰে। মহাকাল মানৱ সেৱা নামৰ এটা হিন্দু সংগঠনে কুটুব মিনাৰৰ সন্মুখত মঙলবাৰে ব্যাপক প্ৰতিবাদ কৰা দেখা যায়। আৰক্ষী বাহিনীৰ ব্যাপক সমাৱেশৰ মাজতে সংগঠনটোৰ কৰ্মীসকলে ইউনেস্ক’ই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া কুটুব মিনাৰৰ নাম সলনিৰ দাবী তোলে। 

প্ৰতিবাদকাৰীসকলে কুটুব মিনাৰৰ সন্মুখত হনুমান চালিছাও পাঠ কৰে। ইফালে, দিল্লী বিজেপিয়েও বিভিন্ন মোগল শাসকৰ নামত থকা দিল্লীৰ বহু স্থানৰ নাম সলনি কৰাৰ দাবী কৰি আহিছে। আকবৰ ৰ’ড, হুমায়ুন ৰ’ড, ঔৰংজেব লেন আৰু টুঘলক লেন আদিৰ নাম সলনিৰ দাবী কৰিছে দিল্লী বিজেপিৰ নেতাসকলে। উত্তৰ দিল্লী মিউনিচিপাল কৰ্প’ৰেচনৰ অধ্যক্ষলৈ দিল্লী বিজেপিৰ সভাপতি আদেশ গুপ্তই লিখা এখন পত্ৰত এই পথবোৰৰ নাম মহাৰাণা প্ৰতাপ, গুৰু গোবিন্দ সিং, মহৰ্ষী বাল্মীকী আৰু জেনেৰেল বিপিন ৰাৱট দিয়াৰ পৰামৰ্শ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ