--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : য়াছিন মালিকৰ দৰে নেতাৰ নেতৃত্বতে জম্মু-কাশ্মীৰত চলিছিল বিচ্ছিন্নতাবাদী কাম-কাজ। সকলোধৰণৰ সন্ত্ৰাসবাদমূক কাম-কাজক উচতনি দিয়াৰ লগতে সন্ত্ৰাসবাদীক ধন যোগানলৈকে সকলোতে হাত আছিল য়াছিন মালিকৰ দৰে লোকৰ। সুদীৰ্ঘ সময় ধৰি জম্মু-কাশ্মীৰক অস্থিৰ, অশান্ত কৰি ৰখাৰ ষড়যন্ত্ৰত সফল হৈছিল এইসকল লোক। কিন্তু এতিয়া ভাৰতবিৰোধী কাম-কাজৰ মূলোচ্ছেদ কৰা হৈছে ভূস্বৰ্গ কাশ্মীৰৰ পৰা। আৰু এতিয়া এইসকল লোকক পিঞ্জৰাবদ্ধ কৰি দাঁত-নখহীন কৰি তোলা হৈছে। এসময়ত ভাৰতৰ পৰা কাশ্মীৰৰ বিচ্ছিন্নতাৰ বাবে সকলো ধৰণৰ চেষ্টা কৰা য়াছিন মালিকৰ দৰে লোকে এতিয়া অসহায় হৈ আদালতত দিছে অপৰাধৰ স্বীকাৰোক্তি। 

বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকে মঙলবাৰে কাশ্মীৰত সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদী কাৰ্যকলাপ চলোৱা সম্পৰ্কীয় গোচৰত দিল্লীৰ আদালতত তেওঁৰ বিৰুদ্ধে উঠা সকলো অভিযোগ স্বীকাৰ কৰে। এই অভিযোগবোৰৰ ভিতৰত আছে কঠোৰ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ অধীনত থকা গোচৰো। আদালতৰ সূত্ৰই এই তথ্য প্ৰকাশ কৰিছে।

সূত্ৰটোৱে প্ৰকাশ কৰে যে, মালিকে আদালতক জনাইছে যে তেওঁ তেওঁৰ বিৰুদ্ধে থকা অভিযোগ যেনে, সন্ত্ৰাসবাদী কাৰ্যকলাপ, সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে পুঁজি সংগ্ৰহ, সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ ষড়যন্ত্ৰ, সন্ত্ৰাসবাদী গোট বা সংগঠনৰ সদস্য হোৱা, অপৰাধমূলক ষড়যন্ত্ৰ,  দেশদ্ৰোহ আদি অভিযোগক প্ৰত্যাহ্বান জনাব নিবিচাৰে।

বিশেষ ন্যায়াধীশ প্ৰবীণ সিঙে মালিকৰ বিৰুদ্ধে অভিযোগৰ বাবে শাস্তি কি হ’ব সেই সম্পৰ্কে ১৯ মে'ত যুক্তি শুনিব, যাৰ সৰ্বাধিক শাস্তি হৈছে আজীৱন কাৰাদণ্ড। বিশেষ ন্যায়াধীশে আগতে কৈছিল যে ‘প্ৰাথমিক দৃষ্টিত’ এইটো প্ৰতিষ্ঠা কৰা হৈছে যে মালিক আৰু আনসকলে সন্ত্ৰাসবাদৰ বাবে পোনপটীয়াকৈ পুঁজি লাভ কৰি আহিছিল। আদালতে এইটোও কৈছিল যে মালিকে ‘স্বাধীনতা সংগ্ৰাম’ৰ নামত জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদী আৰু অন্যান্য অবৈধ কাৰ্যকলাপ চলোৱাৰ বাবে পুঁজি সংগ্ৰহৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে এক বিস্তৃত ব্যৱস্থা গঢ়ি তুলিছিল।

ইফালে, আদালতে ফাৰুক আহমেদ দাৰ ওৰফে বিট্টা কাৰাটে, ছব্বিৰ শ্বাহ, মাছাৰাত আলম, মহম্মদ ইউছুফ শ্বাহ, আফতাব আহমেদ শ্বাহ, আলতাফ আহমেদ শ্বাহ, নঈম খাণ্ডে, মহম্মদ আকবৰ খাণ্ডে, ৰাজা মেহৰাজুদ্দিন কালৱাল, বছিৰ আহমেদ শ্বাহ ৱাটালী, শব্বীৰ আহমেদ শ্বাহ, আব্দুল ৰছিদ, নৌ কাপুৰকে ধৰি অন্যান্য কাশ্মীৰী বিচ্ছিন্নতাবাদী নেতাসকলৰ বিৰুদ্ধেও আনুষ্ঠানিকভাৱে অভিযোগ উত্থপন কৰে। লস্কৰ-ঈ-তৈবাৰ প্ৰতিষ্ঠাপক হাফিজ ছইদ আৰু হিজবুল মুজাহিদিনৰ মুৰব্বী চৈয়দ ছালাউদ্দিনৰ বিৰুদ্ধেও অভিযোগপত্ৰ দাখিল কৰা হৈছিল আৰু তেওঁলোকক গোচৰটোত পলাতক ঘোষণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ