--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : য়াছিন মালিকৰ দৰে নেতাৰ নেতৃত্বতে জম্মু-কাশ্মীৰত চলিছিল বিচ্ছিন্নতাবাদী কাম-কাজ। সকলোধৰণৰ সন্ত্ৰাসবাদমূক কাম-কাজক উচতনি দিয়াৰ লগতে সন্ত্ৰাসবাদীক ধন যোগানলৈকে সকলোতে হাত আছিল য়াছিন মালিকৰ দৰে লোকৰ। সুদীৰ্ঘ সময় ধৰি জম্মু-কাশ্মীৰক অস্থিৰ, অশান্ত কৰি ৰখাৰ ষড়যন্ত্ৰত সফল হৈছিল এইসকল লোক। কিন্তু এতিয়া ভাৰতবিৰোধী কাম-কাজৰ মূলোচ্ছেদ কৰা হৈছে ভূস্বৰ্গ কাশ্মীৰৰ পৰা। আৰু এতিয়া এইসকল লোকক পিঞ্জৰাবদ্ধ কৰি দাঁত-নখহীন কৰি তোলা হৈছে। এসময়ত ভাৰতৰ পৰা কাশ্মীৰৰ বিচ্ছিন্নতাৰ বাবে সকলো ধৰণৰ চেষ্টা কৰা য়াছিন মালিকৰ দৰে লোকে এতিয়া অসহায় হৈ আদালতত দিছে অপৰাধৰ স্বীকাৰোক্তি। 

বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকে মঙলবাৰে কাশ্মীৰত সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদী কাৰ্যকলাপ চলোৱা সম্পৰ্কীয় গোচৰত দিল্লীৰ আদালতত তেওঁৰ বিৰুদ্ধে উঠা সকলো অভিযোগ স্বীকাৰ কৰে। এই অভিযোগবোৰৰ ভিতৰত আছে কঠোৰ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ অধীনত থকা গোচৰো। আদালতৰ সূত্ৰই এই তথ্য প্ৰকাশ কৰিছে।

সূত্ৰটোৱে প্ৰকাশ কৰে যে, মালিকে আদালতক জনাইছে যে তেওঁ তেওঁৰ বিৰুদ্ধে থকা অভিযোগ যেনে, সন্ত্ৰাসবাদী কাৰ্যকলাপ, সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে পুঁজি সংগ্ৰহ, সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ ষড়যন্ত্ৰ, সন্ত্ৰাসবাদী গোট বা সংগঠনৰ সদস্য হোৱা, অপৰাধমূলক ষড়যন্ত্ৰ,  দেশদ্ৰোহ আদি অভিযোগক প্ৰত্যাহ্বান জনাব নিবিচাৰে।

বিশেষ ন্যায়াধীশ প্ৰবীণ সিঙে মালিকৰ বিৰুদ্ধে অভিযোগৰ বাবে শাস্তি কি হ’ব সেই সম্পৰ্কে ১৯ মে'ত যুক্তি শুনিব, যাৰ সৰ্বাধিক শাস্তি হৈছে আজীৱন কাৰাদণ্ড। বিশেষ ন্যায়াধীশে আগতে কৈছিল যে ‘প্ৰাথমিক দৃষ্টিত’ এইটো প্ৰতিষ্ঠা কৰা হৈছে যে মালিক আৰু আনসকলে সন্ত্ৰাসবাদৰ বাবে পোনপটীয়াকৈ পুঁজি লাভ কৰি আহিছিল। আদালতে এইটোও কৈছিল যে মালিকে ‘স্বাধীনতা সংগ্ৰাম’ৰ নামত জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদী আৰু অন্যান্য অবৈধ কাৰ্যকলাপ চলোৱাৰ বাবে পুঁজি সংগ্ৰহৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে এক বিস্তৃত ব্যৱস্থা গঢ়ি তুলিছিল।

ইফালে, আদালতে ফাৰুক আহমেদ দাৰ ওৰফে বিট্টা কাৰাটে, ছব্বিৰ শ্বাহ, মাছাৰাত আলম, মহম্মদ ইউছুফ শ্বাহ, আফতাব আহমেদ শ্বাহ, আলতাফ আহমেদ শ্বাহ, নঈম খাণ্ডে, মহম্মদ আকবৰ খাণ্ডে, ৰাজা মেহৰাজুদ্দিন কালৱাল, বছিৰ আহমেদ শ্বাহ ৱাটালী, শব্বীৰ আহমেদ শ্বাহ, আব্দুল ৰছিদ, নৌ কাপুৰকে ধৰি অন্যান্য কাশ্মীৰী বিচ্ছিন্নতাবাদী নেতাসকলৰ বিৰুদ্ধেও আনুষ্ঠানিকভাৱে অভিযোগ উত্থপন কৰে। লস্কৰ-ঈ-তৈবাৰ প্ৰতিষ্ঠাপক হাফিজ ছইদ আৰু হিজবুল মুজাহিদিনৰ মুৰব্বী চৈয়দ ছালাউদ্দিনৰ বিৰুদ্ধেও অভিযোগপত্ৰ দাখিল কৰা হৈছিল আৰু তেওঁলোকক গোচৰটোত পলাতক ঘোষণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন