--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰো’নাৰ ফলত দেশত এদিনত ৬০ গৰাকী লোকৰ মৃত্যু হৈছে। উল্লেখ্য যে, ক’ভিডৰ তৃতীয় ঢৌৰ পৰা দেশত বৰ্তমান ক’ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ আহিছে যদিও পুনৰ দেশত দ্ৰুত গতিত বিয়পি পৰিছে ক’ভিড। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ২১,৮৮০ গৰাকী লোক কৰো’নাৰ দ্বাৰা সংক্ৰমিত হৈছে। বৰ্তমানলৈকে ৬০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। কভিডৰ ফলত কালি ভাৰতত ৪৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। 

সংক্ৰমণৰ লগতে, ক’ভিডৰ ফলত মৃত্যুৰ এই উৰ্ধমুখী গ্ৰাফে এতিয়া সকলোলোকৰে উদ্বেগ বৃদ্ধি কৰিছে। পৰিসংখ্যা অনুসৰি, দেশত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ১,৪৯,৪৮২। সমান্তৰালকৈ যোৱা ২৪ ঘণ্টাত, দেশত ৩৭ লাখ ৬ হাজাৰ ৯৯৭ গৰাকী লোকক টিকাকৰণ কৰা হৈছে। উল্লেখ্য যে, কৰোনা মহামাৰীৰ আৰম্ভণিৰ পৰা, বৰ্তমানলৈকে দেশত ৫,২৫,৯৩০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে, বৰ্ধিত কভিড সংক্ৰমণৰ দিশে চাই ভাৰতত ক’ভিডৰ চতুৰ্থ ঢৌৱে প্ৰৱেশ কৰিছে নেকি?

এই সন্দৰ্ভত, বিশেষজ্ঞসকলৰ নানান মত আছে।  বিশেষজ্ঞৰ এটা অংশৰ মতে, এতিয়ালৈকে স্বাস্থ্য বিভাগৰ হাতত খুব কম তথ্য আছে  আৰু সেইবাবে চতুৰ্থ ঢৌৱে আঘাত কৰিব নে নকৰে তাক বৰ্তমান কোৱাটো অসম্ভৱ। কিন্তু এটা কথা ঠিক যে, শেহতীয়াকৈ কৰো’নাৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে শেহতীয়াকৈ বিশ্বক এই বিষয়ে সতৰ্ক কৰি দিছিল যে কৰো’না মহামাৰী এতিয়াও শেষ হোৱা নাই। আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌমা স্বামীনাথনে কয়, "আমি যিকোনো কভিড ষ্টেজৰ বাবে সাজু থাকিব লাগে।  কভিডৰ প্ৰতিটো নতুন প্ৰকাৰ অধিক সংক্ৰামক হ'ব। সংক্ৰমিত লোকক চিকিৎসালয়ত ভৰ্তি কৰাৰ প্ৰৱণতা বৃদ্ধি পাব। এই পৰিৱৰ্তনশীল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সকলো দেশৰে তথ্যসমৃদ্ধ পৰিকল্পনা থাকিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ