--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰো’নাৰ ফলত দেশত এদিনত ৬০ গৰাকী লোকৰ মৃত্যু হৈছে। উল্লেখ্য যে, ক’ভিডৰ তৃতীয় ঢৌৰ পৰা দেশত বৰ্তমান ক’ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ আহিছে যদিও পুনৰ দেশত দ্ৰুত গতিত বিয়পি পৰিছে ক’ভিড। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ২১,৮৮০ গৰাকী লোক কৰো’নাৰ দ্বাৰা সংক্ৰমিত হৈছে। বৰ্তমানলৈকে ৬০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। কভিডৰ ফলত কালি ভাৰতত ৪৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। 

সংক্ৰমণৰ লগতে, ক’ভিডৰ ফলত মৃত্যুৰ এই উৰ্ধমুখী গ্ৰাফে এতিয়া সকলোলোকৰে উদ্বেগ বৃদ্ধি কৰিছে। পৰিসংখ্যা অনুসৰি, দেশত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ১,৪৯,৪৮২। সমান্তৰালকৈ যোৱা ২৪ ঘণ্টাত, দেশত ৩৭ লাখ ৬ হাজাৰ ৯৯৭ গৰাকী লোকক টিকাকৰণ কৰা হৈছে। উল্লেখ্য যে, কৰোনা মহামাৰীৰ আৰম্ভণিৰ পৰা, বৰ্তমানলৈকে দেশত ৫,২৫,৯৩০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে, বৰ্ধিত কভিড সংক্ৰমণৰ দিশে চাই ভাৰতত ক’ভিডৰ চতুৰ্থ ঢৌৱে প্ৰৱেশ কৰিছে নেকি?

এই সন্দৰ্ভত, বিশেষজ্ঞসকলৰ নানান মত আছে।  বিশেষজ্ঞৰ এটা অংশৰ মতে, এতিয়ালৈকে স্বাস্থ্য বিভাগৰ হাতত খুব কম তথ্য আছে  আৰু সেইবাবে চতুৰ্থ ঢৌৱে আঘাত কৰিব নে নকৰে তাক বৰ্তমান কোৱাটো অসম্ভৱ। কিন্তু এটা কথা ঠিক যে, শেহতীয়াকৈ কৰো’নাৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে শেহতীয়াকৈ বিশ্বক এই বিষয়ে সতৰ্ক কৰি দিছিল যে কৰো’না মহামাৰী এতিয়াও শেষ হোৱা নাই। আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌমা স্বামীনাথনে কয়, "আমি যিকোনো কভিড ষ্টেজৰ বাবে সাজু থাকিব লাগে।  কভিডৰ প্ৰতিটো নতুন প্ৰকাৰ অধিক সংক্ৰামক হ'ব। সংক্ৰমিত লোকক চিকিৎসালয়ত ভৰ্তি কৰাৰ প্ৰৱণতা বৃদ্ধি পাব। এই পৰিৱৰ্তনশীল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সকলো দেশৰে তথ্যসমৃদ্ধ পৰিকল্পনা থাকিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক