--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ভিডৰ পাছত এইবাৰ মাংকীপক্স আতংকৰ এক অন্য নাম হৈ পৰিছে। প্ৰথম, দ্বিতীয় গৰাকী  মাংকীপক্স ৰোগী কেৰেলাৰ পৰা আক্ৰান্ত হোৱা বুলি নিশ্চিত  হোৱা পাছত দেশত এইবাৰ তৃতীয়গৰাকী মাংকীপক্স ৰোগী কেৰালাৰ বুলি জানিব পৰা গৈছে।  ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে খবৰটো নিশ্চিত কৰিছে। একেৰাহে তিনিজন লোকৰ দেহত এই ভাইৰাছ ধৰা পৰাৰ পাছত কেৰেলাৰ ৰাজ্য প্ৰশাসন ইয়াক লৈ চিন্তিত হৈ পৰিছে।  

কেৰালাৰ স্বাস্থ্য মন্ত্ৰী ভিনা জৰ্জে কৈছে যে সংযুক্ত আৰৱ আমিৰাতৰ পৰা উভতি অহা এজন লোকৰ দেহত মাঙ্কিপক্স ভাইৰাছ পোৱা গৈছে। ৩৫ বছৰীয়া যুৱকজন কেৰালাৰ মল্লাপুৰম জিলাৰ বাসিন্দা। তেওঁ ৬ জুলাইত ঘৰলৈ উভতি আহিছিল। তাৰ পাছত, তেওঁৰ শৰীৰত কেইবাটাও লক্ষণ দেখা গৈছিল। তেওঁক ১৩ জুলাইত মঞ্জৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ১৫ জুলাইৰ পৰা তেওঁৰ স্বাস্থ্যৰ অৱনতি হ'বলৈ আৰম্ভ কৰিছিল বৰ্তমান তেওঁৰ পৰিয়াল আৰু সংস্পৰ্শলৈ অহা সকলোকে কঠোৰ নিৰীক্ষণৰ অধীনত ৰখা হৈছে।


কেৰালাত এটাৰ পাছত আন এটা মাংকীপক্সৰ ঘটনা ধৰা পৰিছে। এই ভাইৰাছ প্ৰথমবাৰৰ বাবে ১৪ জুলাইত কেৰালাত এজন ইউ.এ.ই.ৰ পৰা উভতি অহা ব্যক্তিৰ দেহত পোৱা গৈছিল।  তেওঁৰ শৰীৰত একাধিক লক্ষণ দেখা গৈছিল। তাৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ শৰীৰত নমুনা পৰীক্ষা কৰাৰ পাছত মাংকীপক্স পোৱা গৈছিল। অৱশ্যে, কেৰালাৰ স্বাস্থ্য মন্ত্ৰীয়ে কয় যে বিশ্ব স্বাস্থ্য সংস্থাই ত্ৰিবান্দ্ৰম বিমানবন্দৰৰ পৰা দিয়া সকলো নিৰ্দেশনা বিশ্ব স্বাস্থ্য সংস্থাই দিয়া নিৰ্দেশনা অনুসৰি পালন কৰি আহিছে। ইয়াৰ উপৰিও, ১৩ জুলাইত চৌদি আৰৱৰ পৰা ঘৰলৈ উভতি অহাৰ পাছত কান্নুৰৰ এজন ৩১ বছৰীয়া ব্যক্তিৰ শৰীৰত মাংকীপক্স ভাইৰাছ পোৱা গৈছিল। সকলোকে বৰ্তমান ২১ দিনৰ বাবে পৃথকীকৰণ কৰা হৈছে।


পিনাৰাই বিজয়ন চৰকাৰে মাঙ্কিপক্সৰ ঘটনাক গুৰুত্বসহকাৰে লৈছে। "ৰাজ্যখনৰ চাৰিখন জিলাত নিৰন্তৰ নিৰীক্ষণ চলি আছে। ইয়াৰ ভিতৰত আছে তিৰুৱন্তপুৰম, কোলাম, কোট্টায়াম আৰু পাথানামথিট্টা। বিদেশী পৰা ঘুৰি অহা লোকসকলৰ নমুনা সংগ্ৰহ কৰা হৈছে। চিকিৎসালয়সমূহো সাজু কৰি ৰখা হৈছে। "বাওঁশাসিত ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰীয়ে এইদৰে কয়। ইয়াৰ উপৰিও, কেৰালা চৰকাৰে তিৰুৱন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, কাৰিপুৰ আৰু কুন্নুৰত দৈনিক সজাগতা অভিযান চলাই আছে। স্বাস্থ্য বিভাগৰ দ্বাৰা এটা হেল্পলাইন নম্বৰও মুকলি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক