--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ভিডৰ পাছত এইবাৰ মাংকীপক্স আতংকৰ এক অন্য নাম হৈ পৰিছে। প্ৰথম, দ্বিতীয় গৰাকী  মাংকীপক্স ৰোগী কেৰেলাৰ পৰা আক্ৰান্ত হোৱা বুলি নিশ্চিত  হোৱা পাছত দেশত এইবাৰ তৃতীয়গৰাকী মাংকীপক্স ৰোগী কেৰালাৰ বুলি জানিব পৰা গৈছে।  ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে খবৰটো নিশ্চিত কৰিছে। একেৰাহে তিনিজন লোকৰ দেহত এই ভাইৰাছ ধৰা পৰাৰ পাছত কেৰেলাৰ ৰাজ্য প্ৰশাসন ইয়াক লৈ চিন্তিত হৈ পৰিছে।  

কেৰালাৰ স্বাস্থ্য মন্ত্ৰী ভিনা জৰ্জে কৈছে যে সংযুক্ত আৰৱ আমিৰাতৰ পৰা উভতি অহা এজন লোকৰ দেহত মাঙ্কিপক্স ভাইৰাছ পোৱা গৈছে। ৩৫ বছৰীয়া যুৱকজন কেৰালাৰ মল্লাপুৰম জিলাৰ বাসিন্দা। তেওঁ ৬ জুলাইত ঘৰলৈ উভতি আহিছিল। তাৰ পাছত, তেওঁৰ শৰীৰত কেইবাটাও লক্ষণ দেখা গৈছিল। তেওঁক ১৩ জুলাইত মঞ্জৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ১৫ জুলাইৰ পৰা তেওঁৰ স্বাস্থ্যৰ অৱনতি হ'বলৈ আৰম্ভ কৰিছিল বৰ্তমান তেওঁৰ পৰিয়াল আৰু সংস্পৰ্শলৈ অহা সকলোকে কঠোৰ নিৰীক্ষণৰ অধীনত ৰখা হৈছে।


কেৰালাত এটাৰ পাছত আন এটা মাংকীপক্সৰ ঘটনা ধৰা পৰিছে। এই ভাইৰাছ প্ৰথমবাৰৰ বাবে ১৪ জুলাইত কেৰালাত এজন ইউ.এ.ই.ৰ পৰা উভতি অহা ব্যক্তিৰ দেহত পোৱা গৈছিল।  তেওঁৰ শৰীৰত একাধিক লক্ষণ দেখা গৈছিল। তাৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ শৰীৰত নমুনা পৰীক্ষা কৰাৰ পাছত মাংকীপক্স পোৱা গৈছিল। অৱশ্যে, কেৰালাৰ স্বাস্থ্য মন্ত্ৰীয়ে কয় যে বিশ্ব স্বাস্থ্য সংস্থাই ত্ৰিবান্দ্ৰম বিমানবন্দৰৰ পৰা দিয়া সকলো নিৰ্দেশনা বিশ্ব স্বাস্থ্য সংস্থাই দিয়া নিৰ্দেশনা অনুসৰি পালন কৰি আহিছে। ইয়াৰ উপৰিও, ১৩ জুলাইত চৌদি আৰৱৰ পৰা ঘৰলৈ উভতি অহাৰ পাছত কান্নুৰৰ এজন ৩১ বছৰীয়া ব্যক্তিৰ শৰীৰত মাংকীপক্স ভাইৰাছ পোৱা গৈছিল। সকলোকে বৰ্তমান ২১ দিনৰ বাবে পৃথকীকৰণ কৰা হৈছে।


পিনাৰাই বিজয়ন চৰকাৰে মাঙ্কিপক্সৰ ঘটনাক গুৰুত্বসহকাৰে লৈছে। "ৰাজ্যখনৰ চাৰিখন জিলাত নিৰন্তৰ নিৰীক্ষণ চলি আছে। ইয়াৰ ভিতৰত আছে তিৰুৱন্তপুৰম, কোলাম, কোট্টায়াম আৰু পাথানামথিট্টা। বিদেশী পৰা ঘুৰি অহা লোকসকলৰ নমুনা সংগ্ৰহ কৰা হৈছে। চিকিৎসালয়সমূহো সাজু কৰি ৰখা হৈছে। "বাওঁশাসিত ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰীয়ে এইদৰে কয়। ইয়াৰ উপৰিও, কেৰালা চৰকাৰে তিৰুৱন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, কাৰিপুৰ আৰু কুন্নুৰত দৈনিক সজাগতা অভিযান চলাই আছে। স্বাস্থ্য বিভাগৰ দ্বাৰা এটা হেল্পলাইন নম্বৰও মুকলি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ