--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: চুবুৰীয়া দেশ চীনত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ৷ চীনৰ উত্তৰ অংশত থকা জিয়ান চহৰত ইতিমধ্যেই লকডাউন জাৰি কৰিছে। চীনৰ জিয়ানৰ বাসিন্দাসকলক সম্পূৰ্ণৰূপে ঘৰত আবদ্ধ হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। নতুন ক’ভিডৰ সংক্ৰমণৰ বাবে লকডাউনৰ সিদ্ধান্তও গ্ৰহণ কৰিছে চীনা চৰকাৰে। প্ৰায় ১৩ নিযুত বাসিন্দাৰ বাবে এই কঠোৰ নিয়ম জাৰি কৰা হৈছে। নিৰ্দেশ অনুসৰি, পৰিয়ালৰ কেৱল এজন সদস্যই অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে ঘৰৰ বাহিৰলৈ যাব পাৰিব। কিন্তু স্থানীয় সূত্ৰৰ মতে, জিয়ান চহৰত এতিয়ালৈকে অ’মিক্ৰন সংক্ৰমণৰ কোনো ঘটনা ধৰা পৰা নাই। অৱশ্যে, চীনা চৰকাৰে ক’ভিড-১৯ সংক্ৰমণৰ ৰোধৰ বাবে এই সুদূৰ প্ৰসাৰি প্ৰচেষ্টা হাতত লৈছে।

ইফালে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বৃহস্পতিবাৰে জিয়ানৰ পৰা সকলো ঘৰুৱা বিমান বাতিল কৰা হৈছিল। সংক্ৰমণ ৰোধ কৰিবলৈ এই সূদুৰ প্ৰসাৰি প্ৰচেষ্টা হাতত লৈছে চীনা চৰকাৰে। ইতিমধ্যে ১৪খন জিলাত ১২৭জনৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি। কিন্তু এফালে, অ’মিক্ৰনৰ আতংক! আনহাতে, বেইজিঙত অনুষ্ঠিত শীতকালীন অলিম্পিক, চীনে কোনোধৰণৰ বিপদাশংকা ল’ব বিচৰা নাই।

সংবাদ সংস্থাসমূহৰ মতে, জানুৱাৰীত উত্তৰ চীনত প্ৰথমবাৰৰ বাবে ক’ভিডৰ প্ৰাদুৰ্ভাৱ দেখা গৈছিল। তাৰপাছত এপ্ৰিল মাহত দেশকখনৰ থাবা ইউনান প্ৰদেশত ধৰা পৰিছিল ক'ভিডৰ উপস্থিতি। শেহতীয়াকৈ, জিয়ান চহৰত এতিয়ালৈকে ৬৩জনৰ দেহত ধৰা পৰিছে ক’ভিডৰ সংক্ৰমণ৷ যাৰফলত লকডাউনৰ ঘোষণা কৰিছে জীয়ান চহৰত৷ জাৰি কৰা এই নিৰ্দেশটো আজি মাজনিশাৰ পৰা কাৰ্যকৰী হ’ব আৰু অনিৰ্দিষ্ট কাললৈ চলিব বুলি জানিব পৰা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন