--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: চুবুৰীয়া দেশ চীনত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ৷ চীনৰ উত্তৰ অংশত থকা জিয়ান চহৰত ইতিমধ্যেই লকডাউন জাৰি কৰিছে। চীনৰ জিয়ানৰ বাসিন্দাসকলক সম্পূৰ্ণৰূপে ঘৰত আবদ্ধ হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। নতুন ক’ভিডৰ সংক্ৰমণৰ বাবে লকডাউনৰ সিদ্ধান্তও গ্ৰহণ কৰিছে চীনা চৰকাৰে। প্ৰায় ১৩ নিযুত বাসিন্দাৰ বাবে এই কঠোৰ নিয়ম জাৰি কৰা হৈছে। নিৰ্দেশ অনুসৰি, পৰিয়ালৰ কেৱল এজন সদস্যই অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে ঘৰৰ বাহিৰলৈ যাব পাৰিব। কিন্তু স্থানীয় সূত্ৰৰ মতে, জিয়ান চহৰত এতিয়ালৈকে অ’মিক্ৰন সংক্ৰমণৰ কোনো ঘটনা ধৰা পৰা নাই। অৱশ্যে, চীনা চৰকাৰে ক’ভিড-১৯ সংক্ৰমণৰ ৰোধৰ বাবে এই সুদূৰ প্ৰসাৰি প্ৰচেষ্টা হাতত লৈছে।

ইফালে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বৃহস্পতিবাৰে জিয়ানৰ পৰা সকলো ঘৰুৱা বিমান বাতিল কৰা হৈছিল। সংক্ৰমণ ৰোধ কৰিবলৈ এই সূদুৰ প্ৰসাৰি প্ৰচেষ্টা হাতত লৈছে চীনা চৰকাৰে। ইতিমধ্যে ১৪খন জিলাত ১২৭জনৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি। কিন্তু এফালে, অ’মিক্ৰনৰ আতংক! আনহাতে, বেইজিঙত অনুষ্ঠিত শীতকালীন অলিম্পিক, চীনে কোনোধৰণৰ বিপদাশংকা ল’ব বিচৰা নাই।

সংবাদ সংস্থাসমূহৰ মতে, জানুৱাৰীত উত্তৰ চীনত প্ৰথমবাৰৰ বাবে ক’ভিডৰ প্ৰাদুৰ্ভাৱ দেখা গৈছিল। তাৰপাছত এপ্ৰিল মাহত দেশকখনৰ থাবা ইউনান প্ৰদেশত ধৰা পৰিছিল ক'ভিডৰ উপস্থিতি। শেহতীয়াকৈ, জিয়ান চহৰত এতিয়ালৈকে ৬৩জনৰ দেহত ধৰা পৰিছে ক’ভিডৰ সংক্ৰমণ৷ যাৰফলত লকডাউনৰ ঘোষণা কৰিছে জীয়ান চহৰত৷ জাৰি কৰা এই নিৰ্দেশটো আজি মাজনিশাৰ পৰা কাৰ্যকৰী হ’ব আৰু অনিৰ্দিষ্ট কাললৈ চলিব বুলি জানিব পৰা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত